সাহিত্য - সপ্তম ভাগ/চেনেহী জননী বন্দে
অৱয়ব
[ ১৫২ ]
চেনেহী জননী বন্দে!
চেনেহী জননী বন্দে!
পূজোঁ ৰাতুল তব চৰণ দুখানি, মিলিছোঁ আজি আনন্দে,
কেনে মনোমোহিনী কান্তি ধৰিছা তুমি নন্দনশোভা বিতৰি,
কেনে মনোহাৰী পুষ্পসুৰভি তব বিহঙ্গগীতি-লহৰী।
ঘোষিছে নিতে তব অতীত কীৰ্ত্তি মহানন্দে কত যুগ ধৰি,
গিৰি সন্ধ্যাচল নবগ্ৰহ, উৰ্ব্বশী নীলাচল, উমানন্দে,
চেনেহী জননী বন্দে!
কত মহাতাপস জিৰালেহি হেঁপাহে তোমাৰেহে কোলাতে
নিজানে,
আজিও বিহগ মঙ্গল-আৰতি-মগ্ন তপোবন ধিয়ানে,
শঙ্কৰ-মাধৱে সুললিত তানে ধৰ্ম্ম-অমিয়া বিলালে।
গালে টোটয়, ভট্টিমা, দুলড়ী, লেচাৰী বিবিধ ছন্দে
চেনেহী জননী বন্দে।
মহাসতী ৰাণী জয়মতী আদৰিলে মৰণ স্বামৗৰ হন্তে,
থাপিলে কীৰিতি জয়দ’ল সাগৰেৰে-ঘোষিব মহিমা
কাল অন্তে;
গদা, ভগ, নৰে, ভাস্কৰ, বাণে প্ৰতাপ থলে অখণ্ডে,
ৰত্ন-ধাৰিণী, বীৰ-প্ৰসৱিনী, গৰিমা-বাহিনী বন্দে,
চেনেহী জননী বন্দে!