১০৩ পৃঃ দুন্দুভি•••ভাঙৰ পটহ, নাগৰা।
১০৩ পৃঃ ত্ৰিদশ—[ তিনি দশা যাৰ অৰ্থাৎ দেৱতা ] যাৰ চিৰকাল যৌৱন আছে; দেৱতা।
১০৩ পৃঃ সৌৰভৰ দৰে শুৱালে আনন্দ•••[ সৰস্বতীয়ে আনন্দৰামক পদ্ম আসনত বহুৱাত ] আনন্দৰাম পদ্মফুলৰ সুগন্ধৰ দৰে তাত শোভা পালে।
১০৪ পৃঃ শক্তিশেল—অস্ত্ৰ বিশেষ; ৰাৱণে এই অস্ত্ৰেৰে লক্ষ্মণক অচেতন কৰিছিল।
১১০ পৃঃ শম্পা•••বিদ্যুৎ।
১১০ পৃঃ গৰ্ভত্ৰাস•••অন্তৰৰ ভয়।
১১০ পৃঃ ব্ৰজ••••গোষ্ঠ; মথুৰাৰ ওচৰত থকা গোকুল; শ্ৰীকৃষ্ণ বাল্যকালত ইয়াতেই ডাঙৰ হৈছিল।
১১০ পৃঃ বৃষ্টি-দড়া [ দড়া- ডাঙৰ দীঘল জৰী] বৰষুণৰ ধাৰ।
১১১ পৃঃ ঝঞ্জাবাত [ ঝঞ্জা যুক্ত যি বাত ] বৰ বেগে বোৱা বতাহ; বতাহ বৰষুণ।
১১১ পৃঃ পাণিনি—এওঁৰ মাতৃৰ নাম দাক্ষীদেবী। খ্ৰীঃ ৭০০ বছৰ পূৰ্ব্বত এওঁ পঞ্জাবৰ শলাতুৰ গাৱঁত ওপজে। প্ৰথমে পাটালিপুত্ৰত এওঁ লিখা পঢ়া শিকিছিল; পাচত হিমালয় পৰ্ব্বতত তপস্যা কৰি ব্যাকৰণ শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰে। এওঁ এখন ব্যাকৰণ ৰচনা কৰে। এই ব্যকৰণখন “পাণিনি ব্যাকৰণ” নামে প্ৰসিদ্ধ।