পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
পৰিশিষ্ট


 ১৪৮ পৃঃ হানিবল•••খ্ৰঃ পূঃ ২৪৭ অব্দত এওঁ কাৰ্থেজ নগৰত জন্মে। এওঁৰ পিতৃ হামিলকাৰও এজন বিখ্যাত সেনাপতি আছিল। হানিবলে ন বছৰ বয়সতে, চিৰকাল ৰোমৰ বিপক্ষে যুদ্ধ কৰিম বুলি পিতৃৰ ওচৰত প্ৰতিজ্ঞা কৰে। এওঁ অলপ ডাঙৰ হৈয়েই পোনতে ৰণুৱাৰ কাম কৰে, পাচত সেনাপতি হৈ প্ৰায় সমস্ত স্পেইন অধিকাৰ কৰে। তাৰ পাচত তেওঁ বহুত সৈন্য লৈ স্থলপথে ইটালী আক্ৰমণ কৰে। ৰোমসেনাপতিয়ে হানিবলক বাধা দিব নোৱাৰি হানিবলৰ কাৰ্থেজ আক্ৰমণ কৰে; তাকে দেখি হানিবলে নিজৰ দেশ ৰক্ষা কৰিবলৈ উলটি অহাত ৰোমসেনাপতিৰ লগত ৰণ হয়। হানিবল ৰণত হাৰি পলাই ফুৰে আৰু শেষত বিচ খাই আত্মহত্যা কৰে (খ্ৰঃ পূঃ ১৮৩)।

 ১৪৮ পৃঃ নেপোলিয়ন•••১৭৮২ খ্ৰীষ্টাব্দত কৰ্চিকা দ্বীপত এওঁ জম্মিছিল। দহ বছৰ বয়সতে এওঁ সৈনিক বিদ্যালয়ত ভৰ্ত্তি হয় আৰু পোন্ধৰ বছৰ বয়সলৈ তাত শিক্ষালাভ কৰে। ফৰাচী ৰাষ্ট্ৰ- বিপ্লবৰ পাচত দেশত সাধাৰণতন্ত্ৰ স্থাপিত হোৱাত নেপোলিয়ন পোনতে “কনচল” পাচত “ৰজা” হয়। ইউৰোপৰ অন্যান্য শক্তিৰ লগত এওঁ কেইবা বাৰো ৰণ কৰে। শেষত ৱাটাৰলু নামে ঠাইৰ যুদ্ধত নেপোলিয়ন হাৰি বন্দী হয়। এওঁ মৃত্যুৰ পূৰ্ব্বক্ষণলৈ চেণ্টহেলিনা দ্বীপত অৱদ্ধ হৈ আছিল। নেপোলিয়ন ১৮২১ খ্ৰীষ্টাব্দত মৰে।

 ১৪৮ পৃঃ প্ৰতীচ্য ••• [ প্ৰতীচী—পশ্চিম দিক)+ ণীয় ] পশ্চিম দিশত জন্মা, পশ্চিমদেশীয়।