পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
সাহিত্য

 ১১১ পৃঃ কৰ্ণখাদক•••শ্ৰীধৰ কন্দলীৰ কাণখোৱা পুথিৰ পদ্যত লিখা সংস্কৃত অনুবাদ পুথি।

 ১৪৩ পৃঃ কল•••বৃহৎ, ভয়ঙ্কৰ।

  ,, ক্ৰোঞ্চমিথুন•••[ ক্ৰোঞ্চ—বক; মিথুন—স্ত্ৰী-পুৰুষ ] এজোৰা বক।

 ১৪৪ পৃঃ কবল•••গ্ৰাস।

  ,, নিস্বন••(নি-স্বন্+অল ) ধ্বনি, ৰব।

  ,, দ্বৈপায়ন•••( দ্বীপ+অয়ন, ষ্ণ) যমুনা দ্বীপত ব্যাসৰ জন্ম হৈছিল, সেই কাৰণে ব্যাসক দ্বৈপায়ন বলে।

 ১৪৬ পৃঃ সৌজন্য (সুজন+ষ্ণ্য ) শিষ্টাচাৰ, সজ ব্যৱহাৰ।

 ১৪৭ পৃঃ উচ্ছাস [ উদ-শ্বস ( শ্বাস প্ৰশ্বাস কৰা )+ঘঞ্‌ ] বিকাশ।

 ১৪৮ পৃঃ কপিল•••কৰ্দ্দমৰ ঔৰসত দেবহূতিৰ গৰ্ভত এওঁৰ জন্ম হয়। এৱেই সাঙ্খ্যদৰ্শন প্ৰণয়ন কৰিছিল।

 ১৪৮ পৃঃ পাতঞ্জল•••পাতঞ্জলিয়ে যোগকাণ্ডৰ এখন দৰ্শন শাস্ত্ৰ এই দৰ্শনক পাতঞ্জল বোলে। পাতঞ্জল শব্দে পাতঞ্জলিকো বুজায়। পাতঞ্জলিৰ পিতৃৰ নাম প্ৰাচীন যোগ।

 ১৪৮ পৃঃ ৰুচি•••প্ৰজাপতি বিশেষ; আকুতিৰ লগত এওঁৰ বিয়া হয়। এওঁলোকৰ যজ্ঞ আৰু দক্ষিণ নামে দুটা যমজ পুত্ৰ- কন্যা জন্মে।

 ১৭৮ পৃঃ সুৰথ•••চৈত্ৰৰ পুত্ৰ। এৱেঁই পৃথিবীত পোনতে দুৰ্গা পূজা প্ৰচলন কৰে। সমস্ত ভূমণ্ডলত এওঁ ৰাজচক্ৰবৰ্ত্তী আছিল।