সাহিত্য - সপ্তম ভাগ/নৱবৰ্ষ

ৱিকিউৎসৰ পৰা
[ ১১৬ ]

নৱবৰ্ষ।

( ১ )


নৱ বৰষৰ নবীন সঙ্গীত,
উলাহ অথিৰ প্ৰাণ,
ভৱিষ্য আশাৰ মোহিনী প্ৰতিমা
শুনায় মধুৰ গান।

( ২ )


অসীম অনন্ত কালৰ সাগৰ
জনম নজনা ঠাই,
মৰণ ক’ত নো সিও অগোচৰ,
—আগ-গুৰি একো নাই।

( ৩ )


অনন্ত সাগৰ গৰজিছে সদা,
ঢউৰ ওপৰে ঢউ,
তাৰে এটি ঢউ মাৰ গ'ল আজি
কামত একোকে নউ!

(8)


চোৱাঁ চকু মেলি নবীন পুৱাত,
নীলিম আকাশ মাজে,
নবীন বছৰ অনন্ত শয্যাত
জনমে সোণালী সাজে।

[ ১১৭ ]

(৫)


আশাৰ প্ৰতিমা আদৰি-সাদৰি,
হিয়াত কৰি থাপন,
নৱ-বৰষক নবীন উছাহে
আনোঁ কৰি আবাহন।

(৬)


পুঁৱতী নিশাৰ কুলিয়ে পুৱাতে
মঙ্গল-উৰুলি গাই,
নৱ-বৰষৰ দিলেহি জাননী
মলযাৰ জুৰ বাই।

(৭)


হেঙ্গুলী বেলিৰ নতুন কিৰণে
গগন উজ্জ্বল কৰে,
বনদেবী সবে ফল-ফুল আনি
তোমাৰ যোগান ধৰে।

(৮)


ঘৰ-বাৰী মচি গৰু-গা ধুবাই
নতুন কাপোৰ লই,
নতুন ভোজেৰে ৰঙালী-বিহুত
( মানুহে) আদৰি আনিছে গই।

[ ১১৮ ]

(৯)


স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
সকলো আনন্দময়,
মেঘে মেঘে মিলি সাৱটা-সাৱটি,
জগৎ কবিতাময়।

(১০)


চাওঁতে চাওঁতে পল পল কৰি,
দ্বাদশে[১] মেলানি ললে;
সৰিৎ, সাগৰ, আকাশ, পৃথিবী,
বিদায়-সঙ্গীত গালে।

(১১)


চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
মৰণ-দেশৰ পিনে,
জীৱন-বুৰঞ্জী মেলি এবে চোৱাঁ
হাৰিল জিকিল কোনে।

(১২)


ভাবি চোৱাঁ হেৰা দিবা নে যাবলৈ
বিফলে বছৰ হায়!
ধূলি-ধেমালিত থাকিবা নে মজি
মানবী জনম পাই?

[ ১১৯ ]

(১৩)


অসীম কৰ্ত্তব্য কৰমী জীৱনে
পালিব পৱিত্ৰ ব্ৰত,
জগৎপিতাৰ এমুৱা আদেশ,
সকলো শাস্ত্ৰৰ মত।

(১৪)


নিমিষে নিমিষে যিবোৰ কৰম
কৰিছোঁ ধৰাতে ভাই,
নিমিষৰ বাতৰি নিমিষে পাইছে
জগৎপিতাৰ ঠাই।

(১৫)


যি কামকে কৰোঁ, যি ভাবকে ভাবোঁ,
যি কথাকে কওঁ ভাই,
তাৰে গুটি পৰি শস্য গজিব,
আনিব লাগিব দাই।

(১৬)


আহাঁ, আহাঁ, ভাই, এৰি ধূলি-খেলা,
জীৱনৰ ধাৰ সুজাঁ,
সময় তাকৰ, বাট ভালেখিনি,
সময়ৰ মোল বুজাঁ।

[ ১২০ ]

(১৭)


আমাৰ কাৰণে মহাত্মাসকলে,
কঠোৰ তপস্যা কৰি,
জ্ঞান-সিন্ধু মথি যিবোৰ অমৃত
ৰাখিছে ভঁড়াল ভৰি,

(১৮)


সেই জ্ঞানামৃত ভোগ কৰি আহাঁ
কৰ্ম্মসাধনত লাগোঁ।
কৰ্ত্তব্য কৰোঁতে ভকতি ফুলিব,
প্ৰভুৰ আশীষ মাগোঁ।

(১৯)


নতুন তেজেৰে নতুন বলেৰে,
নতুন টঙালি লই,
প্ৰতি মুহূৰ্ত্ততে আগ বাঢোঁ বলাঁ
অতীত সামৰি থই।

(২০)


অতীতৰ কথা অতীতৰ ব্যথা
ভবাৰ সকাম নাই,
সোণালী সুযোগ জানি বৰ্ত্তমান
কামত ধৰাঁহি ভাই।

[ ১২১ ]

(২১)


ওপৰে ঈশ্বৰ দয়াময় পিতা,
তলত মানুহ ভাই,
বুকে সাহ বান্ধি বলাচোঁ সকলো
—সাহ বিনা সিদ্ধি নাই।

(২২)


কুলু কুলু কুলু সততে তটিনী
সাগৰ উদ্দেশে বয়,
আমি কি থাকিম উদ্দেশ পাহৰি,
মায়াত বিড়োল হই।

(২৩)


নীল আকাশত হাতী-পটি মাজে
তৰাবোৰে পাতে থূল,
সেই বুলি দেখোঁ তৰাই নকৰে
আপোন কক্ষৰ ভুল।

(২৪)


নতুন বছৰে দিছে সোৱঁৰাই
আমাক আপোন কাজে,
নতুন উছাহে হওঁ বলা সবে
বিজয়ী জগৎ মাজে।

[ ১২২ ]

(২৫)


সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
পোহৰে পূবত সৌৱা,
বিজয়-পতাকা উৰুৱাই বলাঁ,
উলাহ-সঙ্গীত গোৱাঁ।

  1. দ্বাদশে—১৮১২ শঁকে।