সাহিত্য - সপ্তম ভাগ/আৰ্হি

ৱিকিউৎসৰ পৰা
[ ১২৩ ]

আৰ্হি।

 আৰ্হি লোৱা মানুহৰ স্বাভাৱিক ধৰ্ম্ম; ল’ৰাই আহি লয় মাক-বাপেকৰ, ছাত্ৰে আহি লয় শিক্ষকৰ, তলতীয়া কৰ্ম্মচাৰী চলে উপৰিস্থ কৰ্ম্মচাৰীৰ চাল-চলনত, আৰু শিষ্য চলে গুৰুৰ আদৰ্শত। বহুত সময়ত মানুহে আদৰ্শ লওঁ বুলি নলয়—গম ধৰিব নোৱাৰাকৈ মানুহৰ স্বভাৱ সেই আদৰ্শত গঢ়িত হৈ উঠে। হাই-উৰুমিপূৰ্ণ গৃহস্থঘৰৰ সন্তানে হাহাকাৰ কৰি থকাটো দোষাবহ কাম বুলি ধাৰণা কৰিবলৈ অৱসৰ নাপায়, ব্যভিচাৰপূৰ্ণ সমাজৰ মানুহে কু-আচৰণবোৰ দূষণীয় বুলি গম নাপায়, সত্যপ্ৰিয় ঘৰৰ সন্তানে সংসাৰখন সৰলতাৰে ভৰা বুলিহে ভাবে। এতেকে যাৰ যেনে সঙ্গ, তাৰ স্বভাৱ প্ৰায় সেই ধৰণে গঠিত হয়; যি যেনে সমাজত থাকে সি গম নোপোৱাকৈ তাকেই অনুকৰণ কৰে।

 শিক্ষাই আদৰ্শ বাছি দিয়ে। মানুহে শিক্ষাৰ গুণত যেতিয়া ভাল-বেয়া বিচাৰ কৰিব পৰা হয়, উপকাৰ-অপকাৰ বুজিব পৰা হয় তেতিয়া তেওঁ উচ্চ-আদৰ্শ আগত লৈ নিজৰ জীৱন গঢ়ি তোলে। চোৰৰ লৰা সন্ত হোৱা, ব্যভিচাৰী সমাজত সাধুৰ উদ্ভৱ হোৱাৰ কাৰণ এইয়ে। শিক্ষাৰ অভাৱত আকৌ কিছুমানে যি দেখে তাকেই অনুকৰণ কৰি নিজক পশুতকৈও অধম কৰে; সাধুৰ লৰা চোৰ, পণ্ডিতৰ লৰা মূৰ্খ, সত্যপ্ৰিয় ঘৰৰ সন্তান মিছা কথীয়া হোৱাৰ মূল এইটোৱেই। [ ১২৪ ]  সঙ্গই আদৰ্শ মাতি আনে। সোণৰ লগত কাঁচ থাকিলে যিদৰে কাঁচেও উজ্জ্বল বৰণ ধৰে, সেইদৰে সন্তৰ লগত বাস কৰা অসন্তও সাধুৰ প্ৰভাৱত প্ৰভাৱান্বিত হৈ উঠে। গ্ৰন্থ পাঠেও সঙ্গৰ কাম কৰে। কিন্তু সৎগ্ৰন্থ পাঠ কৰি সঙ্গৰ দোষত অসদুনুষ্ঠানত ৰত থাকিলে গ্ৰন্থ-পাঠৰ ফল নধৰে— নিজৰ মন যি সাঁচত ঢালিব খোজা যায় তদনুসাৰে কৰ্ম্মত নিযুক্ত থাকিলেহে অভীষ্ট সিদ্ধি হয়। গ্ৰন্থ-পাঠে আদৰ্শ আনি আমাৰ আগত ধৰিব পাৰে, সেই আদৰ্শ গ্ৰহণ কৰা- নকৰা আমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। সাধুসঙ্গ লৈ বা সৎগ্ৰন্থ পাঠ কৰি আদৰ্শ এটা কল্পনা কৰি সেই সাঁচত নিজক গঠন কৰিব খুজিলে, বাহিৰত তাক কাৰ্য্যত পৰিণত কৰিবলৈ অভ্যাস কৰিলেহে সঙ্গ কাৰ্য্যকৰী হয় আৰু গ্ৰন্থপাঠৰ ফল ধৰে।

 জীৱনৰ আহি আটাইতকৈ বেচি কাৰ্য্যকৰী। নিজক উন্নত কৰিব খুজিলে এটা আৰ্হি-জীৱনৰ আহি ললে সি পথ প্ৰদৰ্শকৰ কাম কৰে। সকলে দেশৰ শিক্ষা, সমাজ, সংস্কাৰ আৰু অৱস্থা একে নহয়; বিভিন্ন দেশৰ জলবায়ু বিভিন্ন হোৱাৰদৰে প্ৰত্যেক দেশৰ জাতীয় চৰিত্ৰও স্বতন্ত্ৰ। এই কাৰণেই স্বদেশী আহি-জীৱন যিমান সহজে অনুকৰণ কৰিব পাৰি, বিদেশী জীৱনৰ আদৰ্শ লোৱা সিমান সহজ নহয়। আমাৰ দেশৰ মানুহ স্বভাৱতে ধৰ্ম্মভীৰু; আমাৰ দেশীয় বৰলোকসকলো ধৰ্ম্মানুৰাগী, গুৰুভক্ত, সৰল, সত্যপৰায়ণ আৰু বিশ্বাসী। দেশৰ মহাজনসকল যেনে [ ১২৫ ] সমাজ, সংস্কাৰ আৰু অৱস্থাত জন্মিছিল, আমিও প্ৰায় তেনে সমাজতে তেনে অৱস্থাত জন্মিছোঁ, আৰু সেই ৰকম সংস্কাৰকে লৈ ডাঙৰ হৈছোঁ। সিসকলে বাল্যকালত যেনে ভাবে শিক্ষা লাভ কৰিছিল, আমিও প্ৰায় তেনে ভাবেই শিক্ষা লাভৰ সুবিধা পাইছোঁ; গতিকে দেশীয় মানুহে দেশীয় জীৱন অনুসৰণ কৰা সহজ।

 উদ্যম, একতা, অনুসন্ধিৎসা আৰু জাতীয়-স্বাৰ্থৰ বাবে স্বকীয় স্বাৰ্থত্যাগ আদি গুণ নাথাকিলে জাতীয় উন্নতি সাধন নহয়। এইবোৰ গুণ পশ্চিমীয়া সুজনৰ চৰিত্ৰত ফুটি উঠা দেখা যায়। আমাৰ দেশৰ মানুহে এইবোৰ গুণ বিভিন্ন দেশৰ লোকৰ গাত দেখিলেও তাক গ্ৰহণ কৰি আদৰ্শ জীৱন পূৰ্ণ কৰি লব পাৰে। মানুহ পূৰ্ণ নহয়—পূৰ্ণ কেৱল ঈশ্বৰহে। আমাৰ আহি জীবনো পূৰ্ণ নহয়; নিজক উন্নত কৰিব খুজিলে আমাৰ আদৰ্শ-জীৱনত যিবোৰ গুণৰ সম্পূৰ্ণ বিকাশ দেখা নাযায়, সেইবোৰ গুণৰ আহি স্বদেশী হওক বা বিদেশী হওক অন্য জীৱনৰ পৰাও লোৱা উচিত।

 বৰ পৰিতাপৰ কথা, যে ভাৰতত আজি গুণৰ পূজাতকৈ বাহ্যিক চাক্‌চিক্যৰ পূজা চৰিব ধৰিছে; ভাৰতত এতিয়া মৌলিকতা গুচি তাৰ সলনি অনুকৰণপ্ৰিয়তাৰ যুগ প্ৰবৰ্ত্তিত হৈছে। পোচাক- পৰিচ্ছদ, ভাব-ভাষা, ৰুচি সকলো দিন দিন বিকৃত হৈছে— ভাৰতবাসীয়ে স্বৰূপ পাহৰিব ধৰিছে।

 গুণৰ অনুকৰণতকৈ দোষৰ অনুকৰণ কৰা সহজ। বিজাতিৰ সংসৰ্গত আমি তেওঁলোকৰপৰা আমাৰ দেশৰ উপযোগী শিক্ষা [ ১২৬ ] গ্ৰহণ কৰিব পাৰিলে অশেষ উপকৃত হলোঁহেতেন; কিন্তু আমি সিবিলাকৰ বাহিৰা দৰ্শনতে ভোল গৈ তাকেই আচল বুলি, ভিতৰৰ সাৰ বস্তুলৈ মন নকৰা হৈছোঁ। এই কাৰণে বৰ্ত্তমানে উন্নত জাতিবিলাকে ভাৰতক ইতিকিং কৰা হৈছে। সৰু লৰাৰ কিতাপত বান্দৰে টুপী পিন্ধা এটা গল্প আছে; টুপী নিয়া মানুহজনে টুপী পিন্ধা দেখি বান্দৰেও টুপী পিন্ধিলে, মানুহজনে দলিয়াই পেলোৱা দেখি বান্দৰেও টুপী পেলালে। আমাৰ ভাৰতীয় কথাও তেনে হৈছে—নিজৰ দেশৰ জলবায়ুৰ উপযোগীতা- অনুপযোগীতালৈ দৃষ্টি নাই, কেৱল অন্ধভাবে অনুকৰণ কৰিলেই সভ্য-ভব্য হোৱা বুলি বহুতে নিজক ধন্য বোধ কৰে। অন্ধ অনুকৰণৰ স্থিৰতা নাই আৰু সি শুভফলো নিদিয়ে।

 চৰিত্ৰ উন্নত নহলে মানুহৰ প্ৰকৃত মঙ্গল নহয়। ব্যক্তিগত মঙ্গলৰ সমষ্টিয়েই সমাজৰ আৰু জাতিৰ মঙ্গল। নিজ দেশৰ হিত সাধিব খুজিলে পোনতে আপোন চৰিত্ৰ শুদ্ধ কৰিবলৈ যত্ন কৰিব লাগে। এটি শুদ্ধচৰিত্ৰৰ আৰ্হিয়েই জাতিৰ বহুতকো বিশুদ্ধতাৰ পথলৈ টানে।

 আদৰ্শ অনুসৰি জাতি তৈয়াৰ হয়; যি জাতিৰ আদৰ্শ যিমান উচ্চ, সেই জাতি সিমান উন্নত। এই কাৰণে পৃথিবীৰ বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰা উচিত। জীৱনচৰিত পাঠ কৰিলে মহাজনসকলৰ দৰে কাৰ্য্যক্ষম আৰু পৱিত্ৰ হবলৈ প্ৰবৃত্তি জন্মে; তাৰ পাচৰপৰা যদি দৈনিক জীৱনত সৰু সৰু সৎকাম কৰিবলৈ আৰম্ভ কৰা হয়, তেন্তে তাৰ সংখ্যা ক্ৰমে বাঢ়ি যাব, মন [ ১২৭ ] পৱিত্ৰতাৰ ফালে ঢাল লব আৰু হিয়াত আনন্দৰ উদয় হব। আদৰ্শজীৱনৰ আহি লৈ দেশৰ কিছুমানে নিজৰ জীৱন গঢ়িবলৈ চেষ্টা কৰিলে ক্ৰমে চেষ্টা কৰোঁতাৰ সংখ্যা বাঢ়ি যায় আৰু জন্মভূমিৰ গৌৰৱ প্ৰতিষ্ঠিত হয়।

 সকলো দেশৰ সকলো সময়ৰ সকলো মহাজনৰ জীৱনৰ ঘটনাবোৰ একেই—একে ঘটনাই বিভিন্ন সময় বিভিন্ন লোকৰ গাত ঘটিছে মাত্ৰ। সত্য, দয়া, ঐতি, শিষ্টাচাৰ আদি গুণ সকলো দেশত সকলো কালতে আদৃত। সেই কাৰণে চৰিত্ৰ- গঠন কৰিবলৈ উচ্চ আদৰ্শ বিদেশী হলেও কাৰ্য্যকৰী। যি সত্য, উৎকৃষ্ট, সি সকলোৰে গ্ৰহণীয়। কিন্তু জাতীয় আদৰ্শ নিজস্ব, তাক অনুসৰণ কৰা সহজ; সেই কাৰণে পোনতে জাতীয় আদৰ্শ গ্ৰহণ কৰিব লাগে, পাচত অন্য দেশৰ সাধুচৰিত্ৰত বিকাশপ্ৰাপ্ত অন্যান্য গুণবোৰ তাৰ লগত যোগ দিব লাগে।

 আত্মাভিমান আৰু অহঙ্কাৰ থাকিলে শ্ৰদ্ধা নাথাকে; শ্ৰদ্ধা নজন্মিলে আদৰ্শ গ্ৰহণ কৰা সম্ভৱপৰ নহয়। সেই কাৰণে আহি লবলৈ যাওঁতে আত্মাভিমান আৰু অহঙ্কাৰ বিসৰ্জ্জন দিব লাগে; পাচত শ্ৰদ্ধাৰে সৈতে আহি আগত লৈ নিজ চৰিত্ৰ গঠন আৰু সদনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলেই নিজক সেই পুৰুষৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত কৰা হয়।

⸻⸻