সাহিত্য - সপ্তম ভাগ/মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ১১১ ]

মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য।

 মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য কামৰূপৰ আঠঘোৰীয়া গাৱত জন্মলাভ কৰিছিল। বাল্যকালত নিজ দেশতে সামান্য মাত্ৰ ব্যাকৰণ শিক্ষা কৰি কোচবিহাৰৰ স্বৰ্গীয় সিদ্ধনাথ বিদ্যাবাগীশ মহাশয়ৰ ওচৰত ব্যাকৰণ আৰু কাব্য-শাস্ত্ৰ পাঠ কৰিছিল। লৰাকালৰপৰাই ধীৰেশ্বৰৰ হৃদয়ত কবিত্ব গুণ প্ৰকাশিত হৈছিল। পাঠ্য অৱস্থাতেই তেখেতে সংস্কৃতত কবিতা লেখিছিল আৰু সংস্কৃত ভাষাত আলাপ কৰিছিল। অনেক সময়ত পাঠ্য বিষয়ত মন নিদি কেৱল কবিতাৰ ফালে আশক্তি বঢ়োৱাৰ কাৰণে অধ্যাপকসকলে তেখেতক বৰ ভাল নাপাইছিল। বিদ্যাবাগীশ মহাশয়ে ধীৰেশ্বৰৰ এই অলৌকিক প্ৰতিভাৰ তত্ত্ব বুজি পাই তেখেতক বিশেষৰকমে সেই কাৰ্য্যত উৎসাহিত কৰিছিল। কিন্তু সংসাৰ-ঝাঞ্ঝাবাতৰ প্ৰৱল বেগ সহিব নোৱাৰি অকালতে ধীৰেশ্বৰ শিক্ষা-বৃক্ষৰ ভাগৰপৰা সৰি পৰিবলগীয়া হল। কৰ্ম্মময় সংসাৰত সোমাইয়েই তেখেত নগাৱঁৰ হাইস্কুলৰ সংস্কৃত শিক্ষকৰ কামত নিযুক্ত হয়। তাত অলপ দিন থকাৰ পাচতেই আউনিআটি সত্ৰৰ স্বৰ্গীয় অধিকাৰ দত্তদেৱ গোস্বামীৰ লগত তেখেতৰ দেখা হয়। গোস্বামী মহোদয় নিজে এজন বিচক্ষণ পণ্ডিত আৰু কবি আছিল। তেখেতে ধীৰেশ্বৰৰ প্ৰতিভাৰ পৰিচয় পাই আৰু ধীৰেশ্বৰৰ সুকোমল সংস্কৃত-আলাপ শুনি [ ১১২ ] বিমোহিত হয় আৰু তেতিয়াই তেখেতক সত্ৰৰ অধ্যাপক কৰি লগতে লৈ যায়। আচলতে ধীৰেশ্বৰ আৰু দত্ত দেৱৰ পৱিত্ৰ গঙ্গাসাগৰ সঙ্গমৰ নিচিনা অলৌকিক মিলন হৈ উঠিল। সেই সময়ত আসামদেশত ধীৰেশ্বৰ গঙ্গাৰ প্ৰৱল স্ৰোতক দত্ত দেৱ-সাগৰে গ্ৰহণ নকৰিলে নিশ্চয় সি বিপথগামী হৈ কিবা বিৰস অৱস্থাত পৰিবলগীয়া হলহেতেন। আচলতে দত্তদেৱৰ উৎসাহ আৰু অৰ্থৰ সহায়ত ধীৰেশ্বৰৰ প্ৰতিভা দিনে দিনে বাঢ়িবলৈ ধৰিলে। তাতেই তেখেতে “কৰ্ণ খাদক” ‘ৰাধাকলঙ্কভঞ্জন’ আৰু যাৰ লগত তেখেতৰ শেষ জীৱনতো সম্বন্ধ গুচা নাছিল, সেই “বৃত্তমঞ্জুৰী” ৰচনা কৰে। আউনি অটীয়া ধৰ্ম্ম প্ৰকাশ যন্ত্ৰত এবাৰ তেখেতৱ “বৃত্তমঞ্জুৰী” খন ছাপা হৈয়ো ওলাইছিল। ধীৰেশ্বৰ আউনি আটিত থকা কালতে এবাৰ দক্ষিণপাটৰ স্বৰ্গীয় অধিকাৰ শুভদেৱ গোস্বামীৰ লগত তেখেতৰ দেখা হয়। এইজনা গোস্বামীও পণ্ডিত আৰু বিদ্যোৎসাহী আছিল। ধীৰেশ্বৰৰ গুণ বুজি পাই তেখেতেও কিছু দিনলৈ নিজ সত্ৰৰ অধ্যাপক কৰি ধীৰেশ্বৰক লৈ যায়। তাত কিছুমান দিন থাকিয়েই ধীৰেশ্বৰে আহি গুৱাহাটী মিউনিচি- পালটি সংস্কৃত টোলত শিক্ষক নিযুক্ত হয়।

 গুৱাহাটীত থকা কালতেই তেখেতে পাণিনী ব্যাকৰণ চৰ্চ্চা কৰে। প্ৰথমতে এজন তীৰ্থযাত্ৰী মহাৰাষ্ট্ৰীয় পণ্ডিতৰ লগত আলাপ কৰাৰ পাচতেই তেখেতৰ পাণিনি ব্যাকৰণলৈ ধাউতি বাঢ়ে। সেই পণ্ডিতজনৰ ওচৰতেই প্ৰথমতে পাণিনি

ব্যাকৰণৰ কিছু স্থূলজ্ঞান লাভ কৰি তেখেতে নিজ অধ্যৱসায় আৰু [ ১১৩ ]

মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য

[ ১১৪ ] প্ৰতিভাৰ বলত নিজে নিজেই সেই শাস্ত্ৰত অগাধ পাণ্ডিত্য লাভ

কৰিছিল আৰু নবদ্বীপ, কলিকতা, কাশী, হৰিদ্বাৰ প্ৰভৃতি পণ্ডিতপূৰ্ণ স্থানবিলাকত নিজৰ কবিত্ব, আৰু পাণ্ডিত্য দেখুৱাই সকলোকে মোহিত কৰিছিল। তেখেতৰ পাণ্ডিত্য আৰু কবিতা দেখি নবদ্বীপৰ পণ্ডিতসকলে “দ্বিতীয় কালিদাস” উপাধি দিবলৈ প্ৰস্তাব কৰিছিল; কিন্তু তেখেতে ‘মই সেই উপাধিৰ যোগ্য নহওঁ “বুলি কৈ তেওঁলোকৰ ওচৰত নিজৰ মহত্বৰ পৰিচয় দিছিল। যি দিনত উপেক্ষা কৰা দূৰৈৰ কথা, বন্ধু-বান্ধৱত খাতি মিলিও মানুহে আন উপাধিৰ কথাই নকওঁ ব্ৰহ্মৰ্ষি, মহৰ্ষি, আদি উপাধিৰ দ্বাৰাও নিজক অলঙ্কৃত কৰি আনন্দ উপভোগ কৰে, সেই দিনত নবদ্বীপৰ নিচিনা ঠাইৰপৰা ধীৰেশ্বৰৰ “দ্বিতীয় কালিদাস” উপাধিদান প্ৰত্যাখ্যান, আচলতেই এটা অদ্ভুত স্বাৰ্থত্যাগৰ উদাহৰণ নহয় নে? হৰিদ্বাৰৰ পণ্ডিতমণ্ডলীয়েও তেখেতক পাণিনিৰ দ্বিতীয় অৱতাৰ বুলি কৈছিল। কাশীধামতো তেখেতে বেদ-জ্ঞানৰ পৰিচয় দি জন্মভূমিৰ মুখ পোহৰ কৰিছিল।

 নানা দেশীয় পণ্ডিত মণ্ডলীৰপৰা ধীৰেশ্বৰৰ ক্ৰমে সুখ্যাতি শুনি আমাৰ সদাশয় গবৰ্ণমেণ্টে তেখেতক “মহামহোপাধ্যায়” উপাধিৰদ্বাৰা বিভূষিত কৰিছিল। বিজনী ৰাজধানীৰ স্বৰ্গীয় দেৱান বৰদাকান্ত হাৱলদাৰ মহাশয়ৰ লগত ধীৰেশ্বৰৰ দেখা হোৱাত, তেখেতে তেওঁৰ গুণ বুজি পাই ৰাজধানীৰপৰা বছৰি ১০০৲‌ টকা বৃত্তিদানৰ বন্দোৱস্ত কৰিছিল। বঙ্গদেশত ভূদেৱবৃত্তি নামে বছৰি ৫০৲ টকা কৈ ভাৰতীয় বিখ্যাত পণ্ডিত মণ্ডলীৰ নিমিত্তে যি [ ১১৫ ] একোটা বৃত্তি আছে, ধীৰেশ্বৰেও তাৰে এটা ভাগ পাইছিল। ইয়াৰ বাহিৰেও গৌৰীপুৰ, বগৰিবাৰী, আউনিআটি আদি ঠাইৰপৰাও তেখেতে বছৰি একোটা নিৰ্দিষ্ট বিদায় পাইছিল। আসামৰ সংস্কৃত পৰীক্ষা বোৰ্ডৰ তেখেত এজন মেম্বৰ আৰু পাণিনি ব্যাকৰণৰ পৰীক্ষক আছিল।

 ধীৰেশ্বৰৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল আসামত পাণিনি ব্যাকৰণ প্ৰচলিত কৰা। জীৱিত কালত দেশীয় পণ্ডিতমণ্ডলী আৰু ছাত্ৰ সকলকো তেখেতে সেই বিষয় বৰকৈ অনুৰোধ কৰিছিল। তেওঁ নিজেও ছাত্ৰক পাণিনি ভিন্ন আন ব্যাকৰণ শিক্ষা নিদিছিল। অন্ত কালতো তেখেতে জীৱিত কালত যিমান টকা সংগ্ৰহ কৰিছিল, সেইখিনি আৰু তাৰ লগতে নিজৰ আৰ্জ্জিত আৰু পৈত্ৰিক স্থাবৰ-অস্থাবৰ সকলো সম্পত্তিকেই নিজৰ পুত্ৰক পৰ্য্যন্ত বঞ্চিত কৰি পাণিনি ব্যাকৰণ শিক্ষা কাৰ্য্যৰ নিমিত্তেই দান কৰি থৈ গৈছে। ধীৰেশ্বৰৰ জীৱনৰ প্ৰথম আদৰৰ বস্তু পাণিনি ব্যাকৰণ আৰু দ্বিতীয় তেওঁৰ ৰচিত বৃত্তমঞ্জুৰী। বৃত্তমঞ্জুৰী এখন ছন্দশাস্ত্ৰ। মহাকবি কালিদাসে যিদৰে সূত্ৰটোকে উদাহৰণ কৰি “শ্ৰুতবোধ” নামে এখন ক্ষুদ্ৰ ছন্দশাস্ত্ৰ লেখিছিল, সেই নিয়মে ধীৰেশ্বৰে লৌকিক-বৈদিক যত প্ৰকাৰৰ ছন্দ আছে, সকলো বিলাককেই গোটাই লৈ “বৃত্তমঞ্জুৰী” নাম দি এখন বৃহৎ পুস্তক লেখিছে। বৰ দুখৰ বিষয়, যে তেখেতৰ জীৱিত কালত সেই পুস্তকখন সম্পূৰ্ণ ভাৱে প্ৰকাশিত হৈ নোলাল।