সাহিত্য - সপ্তম ভাগ/তড়িত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ১০৬ ]

তড়িত।

 তাপ আৰু পোহৰৰ দৰে তড়িতো এক প্ৰকাৰ ভৌতিক শক্তি। দুটা বস্তু পৰস্পৰ ঘঁহনি খালে এই শক্তি বিকশিত হয়। কোনো এটা বস্তুত আন এটা বস্তু বৰ কোবে আঘাত খালে দুয়োটা বস্তুতে তড়িত জন্মে। এইদৰে ধাতুনিৰ্ম্মিত বস্তুত কম্পন হলে, কোনো বস্তু ফলা গ'লে, গন্ধক আদি বস্তু তৰল-অৱস্থাৰপৰা কঠিন-অৱস্থা পালে, পানী আদি তৰল বস্তু বাষ্পাকাৰত পৰিণত হলে তড়িত উৎপন্ন হয়।

 চিমাৰ নামে এজনা বৈজ্ঞানিক পণ্ডিতৰ মতে তড়িতদ্ৰৱ নামে এবিধ অতি তৰল ভাৰহীন পদাৰ্থ সকলো বস্তুতে আছে। এই পদাৰ্থ দুই বিপৰীত প্ৰকৃতিৰ তড়িতৰ মিলনৰপৰা উৎপন্ন হোৱা। যেতিয়া ইহঁত মিলিত অৱস্থাত থাকে, তেতিয়া আমি বস্তুৰ ভিতৰত তড়িতৰ কোনো ক্ৰিয়া নেদেখোঁ; কিন্তু ঘৰ্ষণ বা অন্য কোনো উপায়েৰে বস্তুত থকা তড়িত-দ্ৰৱক বিশ্লেষণ কৰিলে দুই বিপৰীত প্ৰকৃতিৰ তড়িতৰ পৰিচয় পোৱা যায়।

 কাঁচ আৰু লাত বিভিন্ন ধৰ্ম্মৰ তড়িত উৎপন্ন হয়। কাঁচত যি তড়িত জন্মে তাক সংযোগ-তড়িত আৰু লাত উৎপন্ন হোৱা তড়িতক বিয়োগ-তড়িত বোলে। এই দুই প্ৰকাৰ তড়িতেই স্বতন্ত্ৰভাৱে লঘু বস্তুক আকৰ্ষণ কৰিব পাৰে। কোনো দুটা বস্তুত [ ১০৭ ] একে প্ৰকৃতিৰ তড়িত জন্মিলে ইহঁত পৰস্পৰ আকৃষ্ট নহৈ আঁতৰিহে যায়; কিন্তু বস্তু দুটাত বিপৰীত ধৰ্ম্মৰ তড়িত বিকাশ হ'লে পৰস্পৰ আকৃষ্ট হয়।

 তড়িত মানুহৰ শৰীৰৰ ভিতৰত সোমালে শৰীৰত এক প্ৰকাৰ কম্পন হয়; তড়িত বৰ তেজী হলে মানুহৰ মৃত্যু ঘটে। তডিতে পোহৰ উৎপন্ন কৰে। দুই বিপৰীত ধৰ্ম্মৰ তড়িতৰ মিলনত তড়িত-স্ফুলিঙ্গ উৎপন্ন হয়; বিজুলী-চাকি, মেঘৰ বিজুলী তডিতৰ পোহৰ উৎপাদন ক্ৰিযাৰ ফল মাথোন।

 পানী বাষ্পত পৰিণত হোৱাৰ সময়ত বাষ্পৰ ভিতৰত তড়িত উৎপন্ন হৈ সঞ্চিত হয়; বাষ্প ওপৰলৈ উঠি মেঘত পৰিণত হ'লেও তাৰ ভিতৰত তড়িত থাকে। মেঘত-থকা জলকণাবোৰ পৰস্পৰ মিলিত হৈ কিছু ডাঙৰ হলে তাৰ ভিতৰত তড়িতৰ পৰিমাণ ক্ৰমে বৃদ্ধি হয়। এনে অৱস্থাত সংযোগ-তড়িত-থকা এচটা মেঘ, বিয়োগ তড়িত থকা আন এচটা মেঘৰ ওচৰ চাপিলে দুযোবিধ তডিতৰ প্ৰৱল আকৰ্ষণ হয়। মেঘ দুচটা যিমান ওচৰ চাপে সিহঁতত থকা দুই বিপৰীত-ধৰ্ম্মৰ তড়িতৰ আকৰ্ষণ সিমানে বাঢ়ে, আৰু শেষত সিহঁতৰ মাজত থকা বাযুৰ বাধা অতিক্ৰম কৰি এচটা মেঘৰ তড়িত-সোঁত আন চটা মেঘলৈ গৈ দুয়ো তড়িতৰ মিলন হয়। এই মিলনতেই তড়িৎ-স্ফুলিঙ্গ ফুটি উঠে; এয়ে মেঘৰ বিজুলী। তড়িতসোত বায়ুৰ বাধা অতিক্ৰম কৰি যাওঁতে ভয়ঙ্কৰ শব্দ উঠে। ইয়াকেই আমি মেঘৰ গাজনি বোলোঁ। [ ১০৮ ]  পৃথিবীৰ গছ, বন, লতা, ঘৰ আদি সকলো বস্তুতে তড়িত আছে; সেই কাৰণে কোনো কোনো সময়ত মেঘৰ তড়িত বিপৰীত ধৰ্ম্মৰ পৃথিবীৰ তড়িতৰ লগতে মিলিত হয়। পৃথিবী আৰু মেঘৰ তড়িতৰ আকৰ্ষণ-শক্তি প্ৰৱল হ'লে, ইহঁতে মেঘ আৰু পৃথিবীৰ মাজত থকা বায়ু ভেদ কৰি পৰস্পৰ লগ লাগে। এই সময়ত তড়িতৰ গতিপথ পোহৰ হয়, আৰু ভয়ঙ্কৰ শব্দ উঠে; ইয়াকেই আমি বজ্ৰপাত বোলোঁ। বজ্ৰ জড় বস্তু নহয়, ই তড়িতৰে এটা কাৰ্য্য। সংযোগ-বিয়োগ ধৰ্ম্মৰ তড়িতৰ প্ৰৱল মিলনত বায়ুত উত্তাপ জন্মে; আৰু লগতে তড়িত-সোঁতত তৎক্ষণাৎ বায়ু আঁতৰে, পাচতেই সি মিলে আৰু ঠেকা খায়। এই কাৰণেই ধ্বনি হয়।

 তড়িতত তাপ উৎপন্ন হয়। তড়িত স্ফুলিঙ্গত থকা তাপত কোল-গ্যাচ, ঈথৰ আদি দাহ্য-বস্তুবোৰ জ্বলি উঠে। ইয়াৰ বিদাৰিকা শক্তিও বৰ প্ৰৱল। এই কাৰণেই বজ্ৰপাতত গছ, পকাঘৰ আদি বিদীৰ্ণ হয়। মেঘৰপৰা পৃথিবীলৈ তড়িতৰ গতি হওঁতে তাৰ গতি-পথত তড়িত অপৰিচালক কোনো বস্তুৰ বাধা জন্মিলে, তড়িতে সেই বস্তু খণ্ড বিখণ্ড কৰে। যদি সি জ্বলা-বস্তু হয় তেন্তে সেই বস্তু জ্বলি উঠে। বজ্ৰপাতত ঘৰ নষ্ট নহ'বৰ নিমিত্তে আজি-কালি তড়িত-পৰিচালক লো বা তামৰ দণ্ড ঘৰৰ ওপৰত দিয়ে। এই দণ্ডৰ আগটো বৰ জোঙা। আগটো বিন্দুৰদৰে সূক্ষম হলে সি বৰ বেচিকৈ তড়িত ধৰিব পাৰে আৰু এৰি দিব পাৰে। এই ধাতুদণ্ডবোৰৰ আগটো [ ১০৯ ] ঘৰতকৈ ওখকৈ লগায়, আৰু তাৰ আন মুৰটো ঘৰৰ ভেটিত সংলগ্ন কৰি মাটিত পোতে। ইয়াৰ কাৰণ এই, যে ঘৰত বা ঘৰৰ ওচৰৰ মাটিত তড়িত জন্মিলে এই দণ্ডেৰে সি ওপৰলৈ উঠি বায়ুত থকা তড়িতৰ লগত মিলি যায়; মেঘৰপৰা যেতিয়া ঘৰলৈ তড়িত আহে, সেই সময়তে এই তড়িত-দণ্ডে তাক আকৰ্ষণ কৰে আৰু তাৰ নিজৰ গাৰে তড়িত-সোঁত পৰিচালিত কৰি মাটিলৈ নিয়ে। ইয়াৰ ফলতেই বজ্ৰপাতৰপৰা ঘৰ ৰক্ষা পৰে। তড়িত-পৰিচালক দণ্ড নথকা ঘৰৰ যি অংশ আটাইতকৈ ওখ, সেই অংশতহে বজ্ৰপাত হোৱাৰ সম্ভৱ। পকা ঘৰতকৈ খেৰী ঘৰত বজ্ৰপাতৰ আশঙ্কা কম।

 গছ তড়িত পৰিচালক। তামোল, নাৰিকল, তাল, নাহৰ আদিৰদৰে যিবোৰ গছৰ আগটো জোঙা সেইবোৰৰ তড়িত পৰিচালক শক্তি বেচি। তড়িত পৰিচালক দণ্ড নথকা ঘৰৰ ওচৰত এই নিচিনা আগ জোঙা গছ থাকিলে ঘৰত ব্ৰজপাতৰ আশঙ্কা কম থাকে।

 তড়িতৰ সংহাৰিণী শক্তি থাকিলেও বুদ্ধিজীৱীসকলে ইয়াক নানা কামত লগাই জীৱৰ অশেষ কল্যাণ সাধন কৰিছে। তেওঁলোকে তড়িতক বাৰ্ত্তাবহ, বন্তি, বাঢ়নী, বিচনী আদি কৰি জগতবাসীক আচৰিত কৰিব ধৰিছে।

⸻⸻