সাহিত্য - সপ্তম ভাগ/আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা
আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।
আনন্দৰাম বৰুৱা।
অকস্মাৎ কিয আজি সুৰলোকে
আনন্দৰ ধ্বনি উঠিছে ঘনে।
গাইছে গন্ধব্বী নাচিছে ত্ৰিদিব,
লৰে দেৱদূত আনন্দ-মনে॥
কিয় জ্যোতিৰ্ম্ময় স্বৰগ-দুৱাৰ
অকস্মাৎ আজি মুকলি হ’ল।
লগে দেৱবালা, সৰস্বতী আই
বিমানপথত অপেক্ষি ৰ’ল॥
ইকি ইকি চোৱাঁ, অসম গৌৰৱ,
ভাৰতৰ ধন আনন্দৰাম।
সুবৰ্ণ-ৰথত, আলোকি বিমান,
কৰিছে প্ৰয়াণ শান্তিৰ ধাম॥
চোৱাঁ চোৱাঁ লগে সৰস্বতী আই,
উলাহ-মনেৰে কোলাত তুলি।
“পানী কৰি তেজ, খাটি মোৰ গুণে,
কত ভাগৰেৰে আহিছা” বুলি॥
পিয়ালে অমৃত পাৰিজাত-মালা,
দিলে তুলি শিৰে দেৱসমাজ।
বাজিল দুন্দুভি, পাণিনি অমৰ
পিন্ধালে আপুনি দেৱৰ সাজ॥
পদ্ম-আসনত বহুৱালে চোৱাঁ,
সৰস্বতী আই আকোঁবালি ধৰি,
সৌৰভৰ দৰে শুবালে আনন্দ,
হাঁহিলে ত্ৰিদশ দেৱনগৰী॥
আনন্দ তুমিতো দেৱ-সমাজত,
চিৰ-শান্তি পালা আনন্দলোকে।
কিন্তু তললৈ চোৱাঁ এটিবাৰ,
কি হ’ল পৃথিবী তোমাৰ শোকে॥
হাহাকাৰ ধ্বনি উঠিল জগতে,
ভাৰতত আৰু আনন্দ নাই।
ধ্বনিছে পৱন, চৰাই বিনায়,
ভাৰতত আৰু আনন্দ নাই॥
কোনে আৰু হাঁয় জগতবাসীক
বিলাব সংস্কৃত-কবিৰ ভাব।
কাব্য-বুৰঞ্জীৰ সাগৰক মথি,
নিতে ন’অমৃত কৰিব স্ৰাব॥
চোৱাঁ কথা ক'ব নজনা তোমাৰ
জননী অসম পৰিল জঁয়।
দুখুনীৰ ভাগ্যে এটি মাত্ৰ ৰত্ন,
তাকে হেৰুৱালে প্ৰাণে কি সয়॥
ইমান অমূল্য আদৰৰ ধন,
ভক্তিৰ আধাৰ আছিল বুলি।
আজিহে দেখিলে অসমবাসীয়ে
হৃদয় দুৱাৰ কৰি মুকলি॥
সকলোৰে যেন হৃদয়ৰ ধন
নিলে কোনোবাই বলেৰে কাঢ়ি।
নোহোৱাতে পূৰ আনন্দৰ জোন,
বেজাৰ-ৰাহুৱে পেলালে গ্ৰাহি॥
কেন্দ্ৰৰূপে থাকি শিশু অসমক
শিকাই দৃষ্টান্ত সাধু-শিক্ষাৰ,
হলা অকস্মাৎ মাজ-সাগৰত,
ধ্ৰুৱতৰা দৰে মেঘৰ আঁৰ॥
শক্তিশেল প্ৰায়, বিৰহে তোমাৰ,
ভেদিলে মৰম অসমীয়াৰ।
যতদিন শিৰে ব’ব তেজ-সোঁত,
ব’ব লগে লগে ব্যথা ইয়াৰ॥
পৰিবৰ্ত্তকাৰী কাল-সোঁতে নিতে
নতুন স্মৃতিকো নিব ঢৌৱাই।
চিৰকীৰ্ত্তি সাধু দৃষ্টান্ত তোমাৰ,
শোক অসমৰ বৰ উধাই॥