সাহিত্য - সপ্তম ভাগ/বৃষ্টি বৰ্ণন

ৱিকিউৎসৰ পৰা
[ ১১০ ]

বৃষ্টি-বৰ্ণন

ইন্দ্ৰৰ আদেশে আহি মহা মেঘগণ।
পৰম প্ৰাৰম্ভে কৰে গগনে গৰ্জ্জন॥
হড় হড় শৱদে পূৰিল দিশ-পাশ।
বজ্ৰৰ নিপাতে যেন লাগে গৰ্ভ-ত্ৰাস॥
ভৈল অতি দশোদিশ দিনতে আন্ধাৰ।
মিলিল দুৰ্ঘোৰ ভয় ব্ৰজৰ প্ৰজাৰ॥
উৰুৱায়ে প্ৰচণ্ড বতাসে চাল-বাৰ।
তিৰি মিৰি বিজুলী-চমক চমৎকাৰ॥
আকাশ জোৰাই মেঘ বাযুৰ আস্ফাল।
গৰ্জ্জনত মাটি লৰে কৰ্ণে হানে তাল॥
আকৰ্ণ শৱদে বৰিষয় জলধাৰে।
শিলা–বৃষ্টি কৰে হৰে চেতন সবাৰে॥
গোকুলক বেঢ়ি বৰিষিল নিৰন্তৰ।
পৰে জল-ধাৰ স্তম্ভ সম স্থূলন্তৰ।
খাল-বাম মৰি ভৈল দেখি একাকাৰ।
মিলিল প্ৰলয় যেন প্ৰজা-ক্ষয়ঙ্কাৰ॥
শিলা-শম্পা বৃষ্টি দড়া বায়ুৰ আন্দোল।
নমনয় দিশ নুশুনয় মাত-বোল॥

⸻০⸻