পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
তড়িত


একে প্ৰকৃতিৰ তড়িত জন্মিলে ইহঁত পৰস্পৰ আকৃষ্ট নহৈ আঁতৰিহে যায়; কিন্তু বস্তু দুটাত বিপৰীত ধৰ্ম্মৰ তড়িত বিকাশ হ'লে পৰস্পৰ আকৃষ্ট হয়।

 তড়িত মানুহৰ শৰীৰৰ ভিতৰত সোমালে শৰীৰত এক প্ৰকাৰ কম্পন হয়; তড়িত বৰ তেজী হলে মানুহৰ মৃত্যু ঘটে। তডিতে পোহৰ উৎপন্ন কৰে। দুই বিপৰীত ধৰ্ম্মৰ তড়িতৰ মিলনত তড়িত-স্ফুলিঙ্গ উৎপন্ন হয়; বিজুলী-চাকি, মেঘৰ বিজুলী তডিতৰ পোহৰ উৎপাদন ক্ৰিযাৰ ফল মাথোন।

 পানী বাষ্পত পৰিণত হোৱাৰ সময়ত বাষ্পৰ ভিতৰত তড়িত উৎপন্ন হৈ সঞ্চিত হয়; বাষ্প ওপৰলৈ উঠি মেঘত পৰিণত হ'লেও তাৰ ভিতৰত তড়িত থাকে। মেঘত-থকা জলকণাবোৰ পৰস্পৰ মিলিত হৈ কিছু ডাঙৰ হলে তাৰ ভিতৰত তড়িতৰ পৰিমাণ ক্ৰমে বৃদ্ধি হয়। এনে অৱস্থাত সংযোগ-তড়িত-থকা এচটা মেঘ, বিয়োগ তড়িত থকা আন এচটা মেঘৰ ওচৰ চাপিলে দুযোবিধ তডিতৰ প্ৰৱল আকৰ্ষণ হয়। মেঘ দুচটা যিমান ওচৰ চাপে সিহঁতত থকা দুই বিপৰীত-ধৰ্ম্মৰ তড়িতৰ আকৰ্ষণ সিমানে বাঢ়ে, আৰু শেষত সিহঁতৰ মাজত থকা বাযুৰ বাধা অতিক্ৰম কৰি এচটা মেঘৰ তড়িত-সোঁত আন চটা মেঘলৈ গৈ দুয়ো তড়িতৰ মিলন হয়। এই মিলনতেই তড়িৎ-স্ফুলিঙ্গ ফুটি উঠে; এয়ে মেঘৰ বিজুলী। তড়িতসোত বায়ুৰ বাধা অতিক্ৰম কৰি যাওঁতে ভয়ঙ্কৰ শব্দ উঠে। ইয়াকেই আমি মেঘৰ গাজনি বোলোঁ।