পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
তড়িত


ঘৰতকৈ ওখকৈ লগায়, আৰু তাৰ আন মুৰটো ঘৰৰ ভেটিত সংলগ্ন কৰি মাটিত পোতে। ইয়াৰ কাৰণ এই, যে ঘৰত বা ঘৰৰ ওচৰৰ মাটিত তড়িত জন্মিলে এই দণ্ডেৰে সি ওপৰলৈ উঠি বায়ুত থকা তড়িতৰ লগত মিলি যায়; মেঘৰপৰা যেতিয়া ঘৰলৈ তড়িত আহে, সেই সময়তে এই তড়িত-দণ্ডে তাক আকৰ্ষণ কৰে আৰু তাৰ নিজৰ গাৰে তড়িত-সোঁত পৰিচালিত কৰি মাটিলৈ নিয়ে। ইয়াৰ ফলতেই বজ্ৰপাতৰপৰা ঘৰ ৰক্ষা পৰে। তড়িত-পৰিচালক দণ্ড নথকা ঘৰৰ যি অংশ আটাইতকৈ ওখ, সেই অংশতহে বজ্ৰপাত হোৱাৰ সম্ভৱ। পকা ঘৰতকৈ খেৰী ঘৰত বজ্ৰপাতৰ আশঙ্কা কম।

 গছ তড়িত পৰিচালক। তামোল, নাৰিকল, তাল, নাহৰ আদিৰদৰে যিবোৰ গছৰ আগটো জোঙা সেইবোৰৰ তড়িত পৰিচালক শক্তি বেচি। তড়িত পৰিচালক দণ্ড নথকা ঘৰৰ ওচৰত এই নিচিনা আগ জোঙা গছ থাকিলে ঘৰত ব্ৰজপাতৰ আশঙ্কা কম থাকে।

 তড়িতৰ সংহাৰিণী শক্তি থাকিলেও বুদ্ধিজীৱীসকলে ইয়াক নানা কামত লগাই জীৱৰ অশেষ কল্যাণ সাধন কৰিছে। তেওঁলোকে তড়িতক বাৰ্ত্তাবহ, বন্তি, বাঢ়নী, বিচনী আদি কৰি জগতবাসীক আচৰিত কৰিব ধৰিছে।

⸻⸻