তড়িত।
তাপ আৰু পোহৰৰ দৰে তড়িতো এক প্ৰকাৰ ভৌতিক শক্তি। দুটা বস্তু পৰস্পৰ ঘঁহনি খালে এই শক্তি বিকশিত হয়। কোনো এটা বস্তুত আন এটা বস্তু বৰ কোবে আঘাত খালে দুয়োটা বস্তুতে তড়িত জন্মে। এইদৰে ধাতুনিৰ্ম্মিত বস্তুত কম্পন হলে, কোনো বস্তু ফলা গ'লে, গন্ধক আদি বস্তু তৰল-অৱস্থাৰপৰা কঠিন-অৱস্থা পালে, পানী আদি তৰল বস্তু বাষ্পাকাৰত পৰিণত হলে তড়িত উৎপন্ন হয়।
চিমাৰ নামে এজনা বৈজ্ঞানিক পণ্ডিতৰ মতে তড়িতদ্ৰৱ নামে এবিধ অতি তৰল ভাৰহীন পদাৰ্থ সকলো বস্তুতে আছে। এই পদাৰ্থ দুই বিপৰীত প্ৰকৃতিৰ তড়িতৰ মিলনৰপৰা উৎপন্ন হোৱা। যেতিয়া ইহঁত মিলিত অৱস্থাত থাকে, তেতিয়া আমি বস্তুৰ ভিতৰত তড়িতৰ কোনো ক্ৰিয়া নেদেখোঁ; কিন্তু ঘৰ্ষণ বা অন্য কোনো উপায়েৰে বস্তুত থকা তড়িত-দ্ৰৱক বিশ্লেষণ কৰিলে দুই বিপৰীত প্ৰকৃতিৰ তড়িতৰ পৰিচয় পোৱা যায়।
কাঁচ আৰু লাত বিভিন্ন ধৰ্ম্মৰ তড়িত উৎপন্ন হয়। কাঁচত যি তড়িত জন্মে তাক সংযোগ-তড়িত আৰু লাত উৎপন্ন হোৱা তড়িতক বিয়োগ-তড়িত বোলে। এই দুই প্ৰকাৰ তড়িতেই স্বতন্ত্ৰভাৱে লঘু বস্তুক আকৰ্ষণ কৰিব পাৰে। কোনো দুটা বস্তুত