পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সাহিত্য


 পৃথিবীৰ গছ, বন, লতা, ঘৰ আদি সকলো বস্তুতে তড়িত আছে; সেই কাৰণে কোনো কোনো সময়ত মেঘৰ তড়িত বিপৰীত ধৰ্ম্মৰ পৃথিবীৰ তড়িতৰ লগতে মিলিত হয়। পৃথিবী আৰু মেঘৰ তড়িতৰ আকৰ্ষণ-শক্তি প্ৰৱল হ'লে, ইহঁতে মেঘ আৰু পৃথিবীৰ মাজত থকা বায়ু ভেদ কৰি পৰস্পৰ লগ লাগে। এই সময়ত তড়িতৰ গতিপথ পোহৰ হয়, আৰু ভয়ঙ্কৰ শব্দ উঠে; ইয়াকেই আমি বজ্ৰপাত বোলোঁ। বজ্ৰ জড় বস্তু নহয়, ই তড়িতৰে এটা কাৰ্য্য। সংযোগ-বিয়োগ ধৰ্ম্মৰ তড়িতৰ প্ৰৱল মিলনত বায়ুত উত্তাপ জন্মে; আৰু লগতে তড়িত-সোঁতত তৎক্ষণাৎ বায়ু আঁতৰে, পাচতেই সি মিলে আৰু ঠেকা খায়। এই কাৰণেই ধ্বনি হয়।

 তড়িতত তাপ উৎপন্ন হয়। তড়িত স্ফুলিঙ্গত থকা তাপত কোল-গ্যাচ, ঈথৰ আদি দাহ্য-বস্তুবোৰ জ্বলি উঠে। ইয়াৰ বিদাৰিকা শক্তিও বৰ প্ৰৱল। এই কাৰণেই বজ্ৰপাতত গছ, পকাঘৰ আদি বিদীৰ্ণ হয়। মেঘৰপৰা পৃথিবীলৈ তড়িতৰ গতি হওঁতে তাৰ গতি-পথত তড়িত অপৰিচালক কোনো বস্তুৰ বাধা জন্মিলে, তড়িতে সেই বস্তু খণ্ড বিখণ্ড কৰে। যদি সি জ্বলা-বস্তু হয় তেন্তে সেই বস্তু জ্বলি উঠে। বজ্ৰপাতত ঘৰ নষ্ট নহ'বৰ নিমিত্তে আজি-কালি তড়িত-পৰিচালক লো বা তামৰ দণ্ড ঘৰৰ ওপৰত দিয়ে। এই দণ্ডৰ আগটো বৰ জোঙা। আগটো বিন্দুৰদৰে সূক্ষম হলে সি বৰ বেচিকৈ তড়িত ধৰিব পাৰে আৰু এৰি দিব পাৰে। এই ধাতুদণ্ডবোৰৰ আগটো