সাহিত্য - সপ্তম ভাগ/কৰ্ম্ম

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ৪৪ ]

কৰ্ম্ম।

 জগত কৰ্ম্মময়; যিফালে চোৱা যায় সেইফালেই কৰ্ম্মৰ মূৰ্ত্তি চকুত পৰে—হালোৱাই হাল বায়, গৰখীয়াই গৰু চৰায়, শিক্ষকে পঢ়ায়, ছাত্ৰে পঢ়ে। এইদৰে পৰুৱা-পিপৰা চৰাই-চিৰকতি আদি সংসাৰৰ সৰু-বৰ সকলো প্ৰাণী কৰ্ম্মত ৰত।

 কৰ্ম্মই সংগ্ৰাম আৰু সংগ্ৰামেই জীৱন। সংসাৰত জীয়াই থাকিব খুজিলে, কৰ্ম্ম নকৰিলে উপায় নাই। জীয়াই থকাৰ অৰ্থ দুটা ধৰিব পাৰি; এটা হৈছে যি যিধৰণৰ জীৱ, সি সেই ধৰণে চিনাকি দি জীয়াই থকা, আৰু আনটো হৈছে কোনোমতে প্ৰাণধাৰণ কৰা।

 আহাৰ, নিদ্ৰা, বংশবৃদ্ধি জীৱৰ স্বাভাৱিক ধৰ্ম্ম; সকলো জীৱে এই তিনিটা কাম নকৰি নোৱাৰে। মানুহ বিবেক- শক্তিৰ গুণত ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ। মানুহৰ অনুভূতি আছে; তাৰ ফলত মানুহৰ অন্তৰত দয়া, দাক্ষিণ্য, ধৈৰ্য্য, ক্ষমা আদি গুণৰ বিকাশ হয়। এই কাৰণেই মানুহে জীৱৰ সাধাৰণ ধৰ্ম্ম পালন কৰাৰ উপৰিও আত্মাৰ্থে আৰু পৰাৰ্থে বহুত কাম কৰিবলগীয়া হয়। এই কাৰণে ইতৰ প্ৰাণীতকৈ মানুহৰ কৰ্ম্ম বেচি। ইতৰ প্ৰাণীয়ে দিনৰ দিনটো কামত লাগি থাকি জীৱন ধাৰণ কৰে; প্ৰকৃতিৰ নিয়ম পালন কৰা মানুহেও [ ৪৫ ] কৰ্ম্মত লাগি থাকিলে ভাত-কাপোৰ আৰু সন্তানপালনৰ কষ্টত নপৰে। ইতৰ প্ৰাণীতকৈ মানুহৰ বুদ্ধিবৃত্তি বেচি; যি মানুহে নিজৰ বুদ্ধি খটাই সংসাৰত চলে, সি অলপ আয়াসতে জীৱিকা আৰ্জ্জন কৰে, আত্মচিন্তা কৰিবলৈ আজৰি পায় আৰু পৰাৰ্থে কাম কৰিবলৈও সময় পায়; তাৰ ফলত তেওঁ মনুষ্যত্ব লাভ কৰি সংসাৰতে স্বৰ্গ–সুখ লাভ কৰে। কিন্তু কৰ্ম্মবিমুখ লোকে নিজৰ অন্তৰৰ উচ্চ বৃত্তি চৰ্চ্চা কৰিবলৈ আজৰি নাপায়, তেওঁলোকে সদায় হা অন্ন, হা বস্ত্ৰ কৰি কোনোমতে প্ৰাণধাৰণ কৰি নৰকৰ যন্ত্ৰণা ভোগ কৰে। সংসাৰ কৰ্ম্মীৰ ভোগৰ স্থান আৰু কৰ্ম্মবিমুখৰ যাতনাৰ স্থান।

 সংসাৰত হাজাৰৰ ভিতৰত দুই এজনেহে পূৰ্ব্বপুৰুষৰ সম্পত্তি লাভ কৰি বিনাশ্ৰমত সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিব পাৰে। এইবিলাক মানুহে নিজে কাম নকৰাৰ বাবে তেওঁ. লোকৰ হৃদয় ভালদৰে পৰিস্ফুট নহয়। কৰ্ম্মত আসক্ত থাকিলে হৃদয়ত কুপ্ৰবৃত্তি জন্মিব নোৱাৰে। ইংৰাজীত এটা প্ৰবাদবাক্য আছে— “এলেহুৱা মন ভূতৰ বাহ। ” আমি যি সময়ত এলেহুৱা ভাবে বহি থাকোঁ, সেই সময়তেই হিয়াত নানা কুভাবে আহি দেখা দিয়ে; তেতিয়া কোনো লগৰীয়া পালে পৰনিন্দা কৰি, অনাৱশ্যকীয় গল্প পাতি জিভ চুৱা কৰোঁ। এলাহ পৰনিন্দাৰ জনক। পৰচৰ্চ্চাৰ লগত আত্মপ্ৰশংসাৰূপ মহাপাপেও সঙ্গলাভ কৰে। এই কাৰণেই এলাহেই মানুহক পশুত পৰিণত কৰা প্ৰধান ব্যাধি হৈ উঠে।

[ ৪৬ ]  সৰু বৰ সকলো কামতে গৌৰৱ আছে। এজন ধনী আৰু মানী মানুহক কোনো কাম কৰা দেখিলে আমাৰ মনত আনন্দ লাগে, আৰু এলাহত হাতসাৱটি বহি থকা মানুহলৈ স্বভাৱতে আমাৰ ঘৃণা-ভাবৰ উদ্ৰেক হয়। চহকী মানুহে জাতিভাইৰ মঙ্গলৰ অৰ্থে লাখ টকা ব্যয় কৰা যেনে প্ৰশংসাৰ কাম, দুখীয়া মানুহে ওচৰচুবুৰীয়াৰ হিতৰ অৰ্থে দহ টকা খৰচ কৰাও তেনে প্ৰশংসাৰ কাম।

 “মই নোৱাৰোঁ”, “কৰিব নোৱাৰিম” আদি কথা দুৰ্ব্বলতাৰ পৰিচায়ক। আত্মনিৰ্ভৰশীল, উৎসাহী, দৃঢ়প্ৰতিজ্ঞ লোকৰ মুখৰপৰা এইবোৰ কথা নোলায়। মানুহৰ ভাগ্য নিজৰ হাততেই; যি মানুহে যিহকে একান্তমনে সাধনা কৰে সি তাকেই পায়। মানুহে আপোন আপোন কৰ্ত্তব্য অটুট ভাবে পালন কৰিলে আশাতীত ফল লাভ নহৈ নাথাকে। কিন্তু যিবিলাকে অলপ পৰিশ্ৰম কৰি অধিক ফল আশা কৰে, সি সন্তুষ্ট হব নোৱাৰে। কৰ্তব্য কৰি সদায় সন্তোষত কাল কটাব খুজিলে উচ্চ আদৰ্শ লৈ অলপ আশা কৰি কৰ্ত্তব্যত লিপ্ত থকা যুগুত।

 সকলো কাম সকলোৰে পক্ষে সমান ঢিলা নহয়। এজনে কোনো এটা কাম এঘণ্টাত কৰিব পাৰিব পাৰে, কিন্তু সেই কাম আন এজনে তিনি চাৰি ঘণ্টাতো কৰিব নোৱাৰিটো অসম্ভৱ নহয়। কিন্তু যত্নৰ অসাধ্য একো নাই,— ঘঁহি থাকিলে শিলো ক্ষয় যায়; যিমানেই টান কাম নহওক, একান্তমনে পুনঃ পুনঃ যত্ন কৰিলে সি সহজসাধ্য নহৈ নাথাকে। ইচ্ছা হলে উপায় ওলায়, [ ৪৭ ] কিন্তু এই ইচ্ছা ঐকান্তিক হব লাগে। ইংৰাজীত এটা প্ৰবাদ- বাক্য আছে, যে “যি নিজৰ উপায় নিজে বিচাৰে, ঈশ্বৰেও তেওঁক সহায় কৰে। ”

 সংসাৰত উন্নতি কৰিবলৈ হলে মানুহৰ অন্তৰত প্ৰথমে কৰ্ম্ম কৰিবলৈ প্ৰৱল ইচ্ছা জন্মিব লাগে; কৰ্ম্মীজন আত্মনিৰ্ভৰশীল আৰু দৃঢ়প্ৰতিজ্ঞ হলে তেওঁ কৃতকাৰ্য্য নহৈ নাথাকে। কোনো কৰ্ম্মলৈ প্ৰৱল ইচ্ছা জন্মিলে উপায় আপুনি আহি আগত দেখা দিয়ে। মানুহ ভুলত পৰা স্বাভাৱিক; এবাৰ বা দুবাৰ ভুলত পৰি অকৃতকাৰ্য্য হব পাৰে, কিন্তু কামটো সম্পাদন কৰিবলৈ দৃঢ়- প্ৰতিজ্ঞা থাকিলে পুনঃ পুনঃ যত্ন কৰিবলৈ আমাৰ প্ৰবৃত্তি নজন্মি নাথাকে। ঐকান্তিক ইচ্ছাৰ বিফলতা নাই; জাহাজ, ৰেল, আকাশীজাহাজ, টেলিগ্ৰাফ আদিৰ আবিষ্কাৰ, বলৱতী ইচ্ছা আৰু অধ্যৱসায়ৰ ফলমাথোন।

 উন্নত দেশৰ মানুহবিলাক সদায় কম্মত লিপ্ত থাকে; তেওঁ- লোকৰ লক্ষ্যও উচ্চ। এই কাৰণে এলাহক ঘিণ কৰি তেওঁ- লোকে নিজক মহান আদৰ্শত ঢালিবলৈ অহৰহ যত্ন কৰি থাকে। এইবোৰ দেশত সেই কাৰণে পৰচৰ্চ্চা আৰু পৰনিন্দা কৰা বেচি- ভাগ মানুহৰ অভ্যাস নাই। আমাৰ দেশৰ বেছিভাগ মানুহৰ লক্ষ্য ডাঙৰ নহয়, নিজৰ ওপৰত বিশ্বাসো প্ৰায় মানুহৰে কম; বেছিভাগ মানুহেই সদায় পৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব খোজে। এই কাৰণেই সামান্য কাম কৰি কোনোমতে প্ৰাণ প্ৰৱৰ্ত্তিলেই হল বুলি ভাবে; আৰু আজৰি পৰখিনি পৰচৰ্চ্চাত খৰচ কৰে।

[ ৪৮ ]  আনৰ গুণ-চৰ্চ্চাই আমাৰ মনলৈ আশা আৰু উদ্দীপনা আনে, কিন্তু ছিদ্ৰ অন্বেষণে এলাহক আদৰে। খ্যাতনামা লোকৰ গুণৰ প্ৰশংসাই জীৱনৰ বাট পোহৰ কৰি দিয়ে আৰু সৎকৰ্ম্মৰ সহযোগিতাই কৰ্ম্মত অভ্যাস জন্মায়; কিন্তু প্ৰতিষ্ঠাবান লোকৰ সৰুসুৰা দোষ উপেক্ষা নকৰা স্বভাৱে জড়তাক আশ্ৰয় কৰে।

 মানুহে কৰ্ম্ম কৰি দেৱতা হয়—পৃথিবীতে স্বৰ্গ-সুখ ভোগ কৰে। কাপুৰুষবিলাকে দৈৱক নিৰ্ভৰ কৰি চলে আৰু তাৰ ফলত ভাত-কাপোৰৰ দুখতে অশেষ লাঞ্ছনা ভোগ কৰে। নিষ্কাম কৰ্ম্মতহে শান্তি; সম্মান, পুৰস্কাৰ আৰু প্ৰশংসাৰ আশা কৰা কৰ্ম্মত ক্ষণিক আনন্দহে পোৱা যায়। এতেকে ঈশ্বৰত বিশ্বাস ৰাখি নিষ্কাম ভাবে নিজ নিজ কৰ্ত্তব্যত নিযুক্ত থাকিলে, মানুহৰ অন্তৰত দেৱভাবৰ বিকাশ হয়, সমাজ আৰু দেশত শান্তি জিলিকি উঠে।