সাহিত্য - সপ্তম ভাগ/পোহৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ৪৯ ]

পোহৰ।

 যি শক্তিৰ গুণত আমি এই বিশ্বব্ৰহ্মাণ্ডৰ যাবতীয় বস্তু চক্ষুৰূপ যন্ত্ৰেৰে দেখিছোঁ, সেয়ে পোহৰ। ইয়াৰপৰা বুজা যায়, যে পোহৰ আমাৰ চকুৰ বাহিৰত থকা কিবা এটা বস্তু। এই পোহৰ নাথাকিলে অতি সূক্ষ্ম চকুৰেও আমি একোকে দেখা নাপাওঁ। সূৰ্য্য, নক্ষত্ৰ আদিক কেৱল সিহঁতৰ আপোন আপোন পোহৰৰ গুণত হে দেখা পাওঁ। এইবিলাকৰপৰা পোহৰ আহি আমাৰ চকুত পৰে, সেই কাৰণেহে আমি সেইবিলাক বস্তুৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। গ্ৰহ, উপগ্ৰহ, গছ, লতা আদিৰ নিজা পোহৰ নাই; সূৰ্য্যৰ পোহৰ এইবিলাকত পৰি উভতি আহি যেতিয়া আমাৰ চকুত আঘাত কৰে, তেতিয়া আমি সেই বস্তুবিলাক দেখোঁ। এই কাৰণে পোহৰ নাথাকিলে চকু থকাতো আমি অন্ধ।

 পোহৰ নো কি ইয়াৰ আতি-গুৰি বুজিবলৈ বহুতে বহুত মত প্ৰচাৰ কৰিছে। কিছুমানে কয়, যে যিবোৰ বস্তুৱে পোহৰ দিয়ে সেইবোৰৰপৰা অতি সূক্ষ্ম কিছুমান বস্তু চাৰিওফালে সৰল-ৰেখাক্ৰমে বিকীৰ্ণ হয়। এই সূক্ষ্ম কণাবিলাক আহি আমাৰ চকুত আঘাত কৰিলেই আমাৰ পোহৰৰ জ্ঞান হয়। বিখ্যাত বৈজ্ঞানিক পণ্ডিত নিউটনে এই মত সঁচা বুলি স্বীকাৰ কৰিছিল। কিন্তু নিউটনৰ পিচত আবিষ্কাৰ-হোৱা পোহৰৰ বহুত [ ৫০ ] কথা এই মতেৰে বুজাব নোৱাৰি; গতিকে আজিকালিৰ বৈজ্ঞানিক পণ্ডিতসমাজে এই মত ভুল বুলিবলৈ বাধ্য হৈছে।

 প্ৰকৃততে অলপ দকৈ গমি চালে বুজিব পাৰি, যে পোহৰ কোনো পদাৰ্থ নহয়, পদাৰ্থৰ অণুবিলাকৰ এক ৰকম আন্দোলন বা তৰঙ্গ মাথোন। এই মত বৈজ্ঞানিক পণ্ডিত হিগেলে ১৬৭৮ খ্ৰীষ্টাব্দত প্ৰথমে প্ৰচাৰ কৰে। ইয়াৰ পাচত মহামতি ক্লাৰ্ক ম্যাক্সওৱেল্ প্ৰভৃতি পণ্ডিতসকলে পোহৰৰ বহুত নতুন নতুন তত্ত্ব আবিষ্কাৰ কৰে। এওঁবিলাকে এই পোহৰ বুজিবলৈ চেষ্টা কৰোঁতে ইথাৰ নামে এবিধ অতি সূক্ষ্ম স্থিতি-স্থাপক বিশ্বব্যাপী পদাৰ্থৰ অস্তিত্ব প্ৰমাণিত হৈছে। আমাৰ অতীজৰ পূজনীয় পণ্ডিতসকলেও আকাশ নামে এবিধ অতি সূক্ষ্ম বিশ্বব্যাপী বস্তুৰ অস্তিত্ব স্বীকাৰ কৰি গৈছে। এতেকে ইথাৰ আৰু আকাশক একে পদাৰ্থ নুবুলি নোৱাৰি।

 এই ইথাৰ বা আকাশৰ এটা গুণ এই, যে ই নাই এনেকুৱা ঠাই ক’তো দেখা নাযায়; যিমান বস্তু আছে সকলোতে ই আছে। গ্ৰহ-নক্ষত্ৰ আদিৰ মাজত যি বিশাল অনন্ত ৰাজ্য আছে তাতো ই বৰ্ত্তমান। ইস্পাতৰ স্প্ৰিং কিম্বা ৰবৰ যেনে বস্তু, এই আকাশো কিছু পৰিমাণে তেনেকুৱাই; টানি ধৰিলে ই বলি আহে, এৰি দিলে আকৌ পূৰ্ব্বাৱস্থা পায়। ৰবৰডোখৰ টানি ধৰি এৰি দিলে কিছু পৰ কঁপি থাকে আৰু লাহে লাহে ৰৈ যায়। এই আকাশৰো কোনো অংশত অলপ লৰাই দিলেই ই ঘন ঘনকৈ কঁপি থাকে; আৰু এনেকৈ কঁপাৰ গুণতে ইয়াৰ চাৰিওফালে ঢৌ উঠে। পানী [ ৫১ ] আৰু বায়ু স্থিতিস্থাপক; ইহঁতৰো কোন অংশৰ আন্দোলনত গোটেইটো আন্দোলিত হৈ পানীত ঢৌ আৰু বায়ুত শব্দ-তৰঙ্গ উৎপন্ন হয়। কিন্তু পানীৰ ঢৌ আৰু শব্দ-তৰঙ্গৰ বেগৰ লগত আকাশৰ আলোকতৰঙ্গৰ বেগৰ তুলনা নহয়। এই আলোক- তৰঙ্গ আকাশত প্ৰত্যেক চেকেণ্ডত ১,৮৬,০০০ মাইল বেগেৰে যায়। সূৰ্য্যমণ্ডল আমাৰ ইয়াৰপৰা ৯,৩০,০০,০০০ মাইল দূৰ; আলোকতৰঙ্গে ইমানখিনি বাট কেৱল আঠ মিনিটত আহি আমাৰ দৰ্শনেন্দ্ৰিয়ত আঘাত কৰেহি।

 পোহৰ থকা ঢৌবোৰ বেগত যদিও বৰ বেচি কিন্তু আঁকাৰত অতি ক্ষুদ্ৰ। পণ্ডিতসকলে হিচাব কৰি ঠিক কৰিছে, যে আকাশৰ যিবোৰ ঢৌৱে আমাৰ পোহৰৰ জ্ঞান জন্মায় সিহঁতৰ একোটা, দীঘলে এক ইঞ্চিৰ লক্ষ ভাগৰ এভাগ মাথোন। এই ঢৌবিলাকৰ ভিতৰত যিবোৰ অলপ দীঘল সেইবোৰে ৰঙা ৰহণৰ পোহৰ দিয়ে। ইয়াতকৈ অলপ চুটিবোৰে হালধীয়া, নীলা আৰু আটাইতকৈ চুটিবোৰে বেঙুনীয়া ৰহণৰ পোহৰ দিয়ে। কিন্তু ৰঙা পোহৰৰ ঢৌতকৈ দীঘল, আৰু বেঙুনীয়া পোহৰৰ ঢৌতকৈ চুটি ঢৌবোৰক আমাৰ চকুৱে ধৰিব নোৱাৰে, সেই কাৰণে আমি সেইবোৰ নেদেখোঁ। সূৰ্য্যই আমাক যি পোহৰ দিয়ে সি সাতোটা ৰঙৰ সমষ্টি মাথোন। তিনি-শিৰীয়া এখন কাঁচৰ মাজেদি সূৰ্য্যৰ পোহৰ আহি কোনো ঠাইত পৰিলে এই ৰং কেইটা বেলেগকৈ দেখা পোৱা যায়। ইয়াৰ দ্বাৰাই প্ৰমাণ হয়, যে সূৰ্য্যালোকত এই সাত বিধ বিভিন্ন বৰ্ণৰ ৰং আছে, আৰু [ ৫২ ] এই ৰং কেইটা লগ লগালে পুনৰ আগৰ বগা পোহৰকে পোৱা যায়। সূৰ্য্যৰ পোহৰত এখন ৰঙা কাঁচ ধৰিলে কেৱল আমি ৰঙা পোহৰহে দেখা পাওঁ; ইয়াৰ কাৰণ অন্য একো নহয়—বাকী ছ-বিধ পোহৰ সি শুহি লৈ কেৱল ৰঙা পোহৰটো হে এৰি দিয়ে। তেনেকৈ এখন নীলা কাঁচ ধৰিলে কেৱল নীলা পোহৰহে আমি অহা দেখোঁ।

 এই পৃথিবীত আমি নানা বৰ্ণৰ বস্তু দেখিবলৈ পাওঁ—কিছুমান ৰঙা, কিছুমান সেউজীয়া, আকৌ কিছুমান বা নীলা বা বেঙুনীয়া। আমি দেখাত তেনে ৰং দেখিলেও প্ৰকৃততে সেইবোৰ বস্তুৰ ঠিক নিজা ৰং তেনে নহয়। সূৰ্য্যৰ পোহৰ কোনো বস্তুত পৰিলে সি কেৱল নিজৰ ৰঙৰ পোহৰ বিকীৰ্ণ কৰি বাকীবোৰ শুহি লয়। ৰঙা জৱাফুলত সূৰ্য্যৰ পোহৰ পৰিলে সি কেৱল ৰঙা পোহৰ হে বিকীৰ্ণ কৰে, বাকী ছটা প্ৰায় শুহি লয়;⸺এইবাবে জৱাফুল ৰঙা দেখোঁ। আজিৰপৰা সূৰ্য্যই যদি বগা পোহৰ নিদি ৰঙা পোহৰ দিয়ে তেন্তে ৰঙা বৰ্ণৰ বস্তুৰ বাহিৰে আন বৰ্ণৰ বস্তুবোৰৰ ৰং তেনেই বদলি হৈ যাব—সেই সময়ত পৃথিবীত একেবাৰেই বৰ্ণ- বিভ্ৰাট ঘটিব। এতেকে কোন বস্তুৰ কোনটো প্ৰকৃত ৰং তাক সঠিককৈ কোনেও কব নোৱাৰে—সূৰ্য্যৰ বগা পোহৰৰ গুণতহে আমি বস্তুবোৰৰ এনেকুৱা ৰং দেখিবলৈ পাইছোঁ। সৰ্ব্বশক্তিমান পৰমেশ্বৰৰ কি অপূৰ্ব্ব সৃষ্টি-কৌশল।

⸻⸻