পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সাহিত্য


 সৰু বৰ সকলো কামতে গৌৰৱ আছে। এজন ধনী আৰু মানী মানুহক কোনো কাম কৰা দেখিলে আমাৰ মনত আনন্দ লাগে, আৰু এলাহত হাতসাৱটি বহি থকা মানুহলৈ স্বভাৱতে আমাৰ ঘৃণা-ভাবৰ উদ্ৰেক হয়। চহকী মানুহে জাতিভাইৰ মঙ্গলৰ অৰ্থে লাখ টকা ব্যয় কৰা যেনে প্ৰশংসাৰ কাম, দুখীয়া মানুহে ওচৰচুবুৰীয়াৰ হিতৰ অৰ্থে দহ টকা খৰচ কৰাও তেনে প্ৰশংসাৰ কাম।

 “মই নোৱাৰোঁ”, “কৰিব নোৱাৰিম” আদি কথা দুৰ্ব্বলতাৰ পৰিচায়ক। আত্মনিৰ্ভৰশীল, উৎসাহী, দৃঢ়প্ৰতিজ্ঞ লোকৰ মুখৰপৰা এইবোৰ কথা নোলায়। মানুহৰ ভাগ্য নিজৰ হাততেই; যি মানুহে যিহকে একান্তমনে সাধনা কৰে সি তাকেই পায়। মানুহে আপোন আপোন কৰ্ত্তব্য অটুট ভাবে পালন কৰিলে আশাতীত ফল লাভ নহৈ নাথাকে। কিন্তু যিবিলাকে অলপ পৰিশ্ৰম কৰি অধিক ফল আশা কৰে, সি সন্তুষ্ট হব নোৱাৰে। কৰ্তব্য কৰি সদায় সন্তোষত কাল কটাব খুজিলে উচ্চ আদৰ্শ লৈ অলপ আশা কৰি কৰ্ত্তব্যত লিপ্ত থকা যুগুত।

 সকলো কাম সকলোৰে পক্ষে সমান ঢিলা নহয়। এজনে কোনো এটা কাম এঘণ্টাত কৰিব পাৰিব পাৰে, কিন্তু সেই কাম আন এজনে তিনি চাৰি ঘণ্টাতো কৰিব নোৱাৰিটো অসম্ভৱ নহয়। কিন্তু যত্নৰ অসাধ্য একো নাই,— ঘঁহি থাকিলে শিলো ক্ষয় যায়; যিমানেই টান কাম নহওক, একান্তমনে পুনঃ পুনঃ যত্ন কৰিলে সি সহজসাধ্য নহৈ নাথাকে। ইচ্ছা হলে উপায় ওলায়,