পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সাহিত্য


 আনৰ গুণ-চৰ্চ্চাই আমাৰ মনলৈ আশা আৰু উদ্দীপনা আনে, কিন্তু ছিদ্ৰ অন্বেষণে এলাহক আদৰে। খ্যাতনামা লোকৰ গুণৰ প্ৰশংসাই জীৱনৰ বাট পোহৰ কৰি দিয়ে আৰু সৎকৰ্ম্মৰ সহযোগিতাই কৰ্ম্মত অভ্যাস জন্মায়; কিন্তু প্ৰতিষ্ঠাবান লোকৰ সৰুসুৰা দোষ উপেক্ষা নকৰা স্বভাৱে জড়তাক আশ্ৰয় কৰে।

 মানুহে কৰ্ম্ম কৰি দেৱতা হয়—পৃথিবীতে স্বৰ্গ-সুখ ভোগ কৰে। কাপুৰুষবিলাকে দৈৱক নিৰ্ভৰ কৰি চলে আৰু তাৰ ফলত ভাত-কাপোৰৰ দুখতে অশেষ লাঞ্ছনা ভোগ কৰে। নিষ্কাম কৰ্ম্মতহে শান্তি; সম্মান, পুৰস্কাৰ আৰু প্ৰশংসাৰ আশা কৰা কৰ্ম্মত ক্ষণিক আনন্দহে পোৱা যায়। এতেকে ঈশ্বৰত বিশ্বাস ৰাখি নিষ্কাম ভাবে নিজ নিজ কৰ্ত্তব্যত নিযুক্ত থাকিলে, মানুহৰ অন্তৰত দেৱভাবৰ বিকাশ হয়, সমাজ আৰু দেশত শান্তি জিলিকি উঠে।