কৰ্ম্মত লাগি থাকিলে ভাত-কাপোৰ আৰু সন্তানপালনৰ কষ্টত
নপৰে। ইতৰ প্ৰাণীতকৈ মানুহৰ বুদ্ধিবৃত্তি বেচি; যি মানুহে
নিজৰ বুদ্ধি খটাই সংসাৰত চলে, সি অলপ আয়াসতে
জীৱিকা আৰ্জ্জন কৰে, আত্মচিন্তা কৰিবলৈ আজৰি পায় আৰু
পৰাৰ্থে কাম কৰিবলৈও সময় পায়; তাৰ ফলত তেওঁ মনুষ্যত্ব
লাভ কৰি সংসাৰতে স্বৰ্গ–সুখ লাভ কৰে। কিন্তু কৰ্ম্মবিমুখ লোকে
নিজৰ অন্তৰৰ উচ্চ বৃত্তি চৰ্চ্চা কৰিবলৈ আজৰি নাপায়, তেওঁলোকে
সদায় হা অন্ন, হা বস্ত্ৰ কৰি কোনোমতে প্ৰাণধাৰণ কৰি নৰকৰ
যন্ত্ৰণা ভোগ কৰে। সংসাৰ কৰ্ম্মীৰ ভোগৰ স্থান আৰু কৰ্ম্মবিমুখৰ
যাতনাৰ স্থান।
সংসাৰত হাজাৰৰ ভিতৰত দুই এজনেহে পূৰ্ব্বপুৰুষৰ সম্পত্তি লাভ কৰি বিনাশ্ৰমত সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিব পাৰে। এইবিলাক মানুহে নিজে কাম নকৰাৰ বাবে তেওঁ. লোকৰ হৃদয় ভালদৰে পৰিস্ফুট নহয়। কৰ্ম্মত আসক্ত থাকিলে হৃদয়ত কুপ্ৰবৃত্তি জন্মিব নোৱাৰে। ইংৰাজীত এটা প্ৰবাদবাক্য আছে— “এলেহুৱা মন ভূতৰ বাহ। ” আমি যি সময়ত এলেহুৱা ভাবে বহি থাকোঁ, সেই সময়তেই হিয়াত নানা কুভাবে আহি দেখা দিয়ে; তেতিয়া কোনো লগৰীয়া পালে পৰনিন্দা কৰি, অনাৱশ্যকীয় গল্প পাতি জিভ চুৱা কৰোঁ। এলাহ পৰনিন্দাৰ জনক। পৰচৰ্চ্চাৰ লগত আত্মপ্ৰশংসাৰূপ মহাপাপেও সঙ্গলাভ কৰে। এই কাৰণেই এলাহেই মানুহক পশুত পৰিণত কৰা প্ৰধান ব্যাধি হৈ উঠে।