পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ্ম্ম।

 জগত কৰ্ম্মময়; যিফালে চোৱা যায় সেইফালেই কৰ্ম্মৰ মূৰ্ত্তি চকুত পৰে—হালোৱাই হাল বায়, গৰখীয়াই গৰু চৰায়, শিক্ষকে পঢ়ায়, ছাত্ৰে পঢ়ে। এইদৰে পৰুৱা-পিপৰা চৰাই-চিৰকতি আদি সংসাৰৰ সৰু-বৰ সকলো প্ৰাণী কৰ্ম্মত ৰত।

 কৰ্ম্মই সংগ্ৰাম আৰু সংগ্ৰামেই জীৱন। সংসাৰত জীয়াই থাকিব খুজিলে, কৰ্ম্ম নকৰিলে উপায় নাই। জীয়াই থকাৰ অৰ্থ দুটা ধৰিব পাৰি; এটা হৈছে যি যিধৰণৰ জীৱ, সি সেই ধৰণে চিনাকি দি জীয়াই থকা, আৰু আনটো হৈছে কোনোমতে প্ৰাণধাৰণ কৰা।

 আহাৰ, নিদ্ৰা, বংশবৃদ্ধি জীৱৰ স্বাভাৱিক ধৰ্ম্ম; সকলো জীৱে এই তিনিটা কাম নকৰি নোৱাৰে। মানুহ বিবেক- শক্তিৰ গুণত ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ। মানুহৰ অনুভূতি আছে; তাৰ ফলত মানুহৰ অন্তৰত দয়া, দাক্ষিণ্য, ধৈৰ্য্য, ক্ষমা আদি গুণৰ বিকাশ হয়। এই কাৰণেই মানুহে জীৱৰ সাধাৰণ ধৰ্ম্ম পালন কৰাৰ উপৰিও আত্মাৰ্থে আৰু পৰাৰ্থে বহুত কাম কৰিবলগীয়া হয়। এই কাৰণে ইতৰ প্ৰাণীতকৈ মানুহৰ কৰ্ম্ম বেচি। ইতৰ প্ৰাণীয়ে দিনৰ দিনটো কামত লাগি থাকি জীৱন ধাৰণ কৰে; প্ৰকৃতিৰ নিয়ম পালন কৰা মানুহেও