সাহিত্য - সপ্তম ভাগ/অমৰতা

ৱিকিউৎসৰ পৰা
[ ১৪৩ ]

অমৰতা।

 ‘জন্মিলে মৰণ আছে সৱে জগতৰ’। সেই দেখি মৰিলে নো কি হব, এই কথা আমি এদিন নে এদিন ভাবিব লগীয়া হৈছে বা কেতিয়াবা ভাবিব লাগিব। পৃথিবীৰ পশু-পক্ষী, জীৱজন্তু, গছ-লতা, সকলো এদিন নে এদিন শ্মশানৰ দ্বাৰত উপস্থিত হব লাগে। কিন্তু তাৰপৰা এই জীৱ ক’লৈ যায়, শ্মশানৰ পৰ-পাৰত কোন অজান দেশ, এই প্ৰশ্নৰ উত্তৰ যথাযথৰূপে পাবলৈ মানুহ ব্যাকুল হয়। প্ৰথমতে ভাবিব পাৰি— শ্মশানৰ পাচত যদি কিবা আছে, তেন্তে সুধিবৰ একো সকাম নাই। পাঁচবছৰীয়া লৰা এজনেও জানে, যে শ্মশানৰ পাচত পৰলোক; বা মানুহ মৰিলে স্বৰ্গলৈ বা নৰকলৈ যায়। ই ধৰ্ম্মৰ বিশ্বাস; মানিলে শান্তি পাবা, নামানিলে একো নাই। দাৰ্শনিক- সকল কিন্তু ইয়াত সন্তুষ্ট হোৱা নাই, তেওঁলোকৰ গভীৰ তত্ত্বেও, শ্মশানৰ পাচত কি এতিয়াও ঠিক কৰি কব নোৱাৰে।

 শ্মশানৰ পাচত কি, এই কঠোৰ প্ৰশ্ন; কোনে তোমাক ইয়াৰ উত্তৰ দিব? দিন-ৰাতিৰ বিৰাম নাই, জীৱ শ্মশানৰ কৰাল গৰ্ভত প্ৰবেশ কৰিছে; কিন্তু কোনে শ্মশানৰপৰা উঠি আহিছে, কোনে জানে বা কব পাৰে শ্মশানৰ পাচত কি? ক্ৰৌঞ্চমিথুনৰ এজনৰ নিষ্ঠৰ হত্যা দেখি যি কবিৰ কৰুণহৃদয়ৰ কৰুণ উচ্ছাস শ্লোকৰূপে প্ৰকাশ পাইছিল, [ ১৪৪ ] প্ৰতিভাৰ প্ৰতিমূৰ্ত্তি সেই মহৰ্ষি বাল্মীকিৰ দেহ সৰ্ব্ববিধ্বংসী শ্মশানৰ ভস্মত পৰিণত। যি আৰ্য্যবীৰৰ বীৰত্বকাহিনীত জগৎ মুগ্ধ, যাৰ প্ৰজাবাৎসল্য দেখি জগৎ স্তগ্ধ, যাৰ মহিমান্বিত কীৰ্ত্তি আদি কবিৰ ৰচনাৰ বিষয়, সেই ৰাম, ইন্দ্ৰজিৎ জয়ী বীৰবাহু লক্ষ্মণ, ভ্ৰাতৃপ্ৰেমৰ জীৱন্ত ছবি ভৰত, শত্ৰুঘ্ন শ্মশানৰ হাতত কবলিত। যি প্ৰতিভাৰ লালিত্যপূৰ্ণ কবিতা ভাৰতবাসীৰ হৃদয়ে হৃদয়ে গ্ৰথিত, অষ্টাদশ পুৰাণ, মহাভাৰতাদি যাৰ লেখনীসম্ভুত, সেই মহা মুনি দ্বৈপাযনো শ্মশানৰ কৰাল কৰত নিপতিত। আৰু, যাৰ মোহনবংশীৰ বিনোদনিস্বনত গোপবালা প্ৰেমত আত্মহাৰা হৈছিল, যমুনা উজান বহিছিল, কুৰুক্ষেত্ৰৰ প্ৰধান নায়ক সেই কৃষ্ণ, তেওঁৰ সখী বীৰচূড়ামণি অৰ্জ্জুন, ধৰ্ম্মৰাজ যুধিষ্ঠিৰ, মহাবলী ভীম, সংযমী বীৰ ভীষ্মদেৱ ভীমমূৰ্ত্তি শ্মশানৰ কবলত কবলিত। মিবাৰৰ আৰ্য্যবীৰ মহাৰাণা প্ৰতাপসিংহ, হিন্দুস্বাধীনতা প্ৰৱৰ্ত্তক শিবাজী আৰু উদাৰ আকবৰ শ্মশানৰ হাতত, কাৰো নিষ্কৃতি নাই। সংসাৰলৈ এনে কোন আহিছে বা আহিব, যোনে শ্মশানৰ দ্বাৰস্থ হ’বলগা নাই বা নালাগিব? সংসাৰৰপৰা নিৰ্গমৰ দ্বাৰ শ্মশান। সকলো এই শ্মশানত লয় পাইছে; এই শ্মশানত সুখ-দুঃখ সকলো বিসৰ্জ্জন দিছে। কিন্তু কোনে জানে শ্মশানৰ পাচত কি?

 মানবীয় প্ৰতিভাৰ ফলস্বৰূপ জ্ঞানশাখা বিচাৰি চোৱাঁ, ক’তো তাৰ উত্তৰ নাই; জ্ঞানৰ মূৰ্ত্তিস্বৰূপ জ্ঞানীৰ ওচৰলৈ যোৱাঁ, তেওঁৰ ওচৰত তাৰ উত্তৰ নাই; গভীৰ জ্ঞানসমুদ্ৰৰ [ ১৪৫ ] তললৈ ডুব দিয়াঁ, তাতো. দেখিবা এই প্ৰশ্নৰ উত্তৰ নাই। যেতিয়া ভাষাই আবোল্‌ বোল্‌ কৈ হে কথা কৈছিল, আৰু যেতিয়া জ্ঞানৰ কোমল আলোক ৰেখাৰ সম্পাত, বাল সূৰ্য্যৰ ৰশ্মিৰ নিচিনা অজ্ঞান-অন্ধকাৰ অতি অস্ফুটেহে ভেদ কৰিছিল, তেতিয়াও জ্ঞানৰ আবিষ্কৰ্ত্তাসকলে এই প্ৰশ্ন লৈ জ্ঞানৰ সন্মুখত উপস্থিত হৈছিল। ইয়াৰ উত্তৰ দিব কোনে? নানা জনে নানা ভাবে ইয়াৰ উত্তৰ দিছে; কোনোৱে বা আশাৰ আদেশ অনুসাৰে, কোনোৱে বা দৰ্শনৰ যুক্তিমতে, আৰু কোনোৱে বা বিজ্ঞানৰ প্ৰত্যহ ঘটনামতে ইয়াৰ উত্তৰ দিবলৈ ওলাইছে। কিন্তু নিশ্চয় কৰি কোনে কব শ্মশানৰ পাচত কি? মানুহৰ উন্নতি দিনকে দিনে বেচি হৈ গৈছে, মানুহৰ প্ৰতিভাই দিনকে দিনে উচ্চৰপৰা উচ্চতৰ, কঠোৰৰপৰা কঠোৰতৰ তত্ত্বত প্ৰবেশ কৰিছে; কিন্তু এতিয়াও জনা নাই শ্মশানৰ পাচত কি?

 প্ৰত্যক্ষবাদী বিজ্ঞানে যাক নেলেখে বা যাৰ অস্তিত্বৰ বিশেষ প্ৰমাণ নাপায়, তাক মানিব নোখোজে। শ্মশানৰ ভস্ম আৰু সমাধিৰ অৱশেষ তন্ন তন্ন কৰি পৰীক্ষা কৰি চায়ো বিজ্ঞানে একো পোৱা নাই। যি মৰিল, তাৰ যে আৰু কিবা অৱশেষ থাকিল, ইয়াৰ প্ৰমাণ নাই। কিন্তু পদাৰ্থৰ নাশ, বিজ্ঞানে নামানে। বিজ্ঞানে কয় নাশ একোৰে হ’ব নোৱাৰে। যাক আমাৰ স্থূল চকুৰে নাশ যেন দেখোঁ, সি অৱস্থান্তৰ হে মাথোন। স্থূলভূত সূক্ষ্ম পৰমাণুৰ সমষ্টি; পদাৰ্থ নষ্ট হ’ব নোৱাৰে, কেৱল যিগুণৰ বলত পৰমাণুৰ যোগত পদাৰ্থ হৈছিল, সেই গুণৰ ৰূপান্তৰ [ ১৪৬ ] হল; তেতিয়া এই পৰমাণু আকৌ জ্ঞান-গুণৰ বলত আন পদাৰ্থ- ৰূপে প্ৰকাশ পায়। শ্মশানৰ পাচতো পঞ্চভূত মিহলি হয়; তাব পৰা আকৌ নতুন পদাৰ্থ সৃষ্ট হ’ব পাৰে; কিন্তু স্থূলভূত সূক্ষ্মভূতত পৰিণত হোৱাৰ আগেয়ে, সি যি পদাৰ্থ আছিল, তাৰ আৰু অস্তিত্ব নাথাকিল।

 কিন্তু নীৰস বিজ্ঞানৰ এই নীৰস উত্তৰত মানুহ সন্তুষ্ট হ’ব নোৱাৰে। যাক এমুহূৰ্ত্ত নেদেখিলে দেহত প্ৰাণ নাথাকিছিল, হঠাতে সেই প্ৰিয়জনৰ সকলো অস্তিত্ব লোপ পাব! সংসাৰৰ ইমান প্ৰেম, ইমান ভাল পোৱা, ইমান বাঞ্ছা, ইমান ইচ্ছা, ইমান কাৰ্য্য, ইমান হিংসা, কুটিলতাৰ ভাব, বা ইমান দয়া, ইমান সৌজন্য—সকলোৰে কি এই জীৱনতে শেষ, সকলো কি সংসাৰত এই দু’দিনৰ নিমিত্তেহে? যিদিনাৰপৰা শ্মশানলৈ যাব, সিদিনাৰপৰা কি তেন্তে সকলোৰে শেষ হ’ল? সঁচা হলেও, মানবমনে তাক নামানে, তাত সান্ত্বনা নাই। এই কাৰণে অনেকে কয়, আত্মা অবিনশ্বৰ; এই দেহৰ শেষতো আত্মাই আন দেহ লয়, নিজৰ কৰ্ম্মৰ ফলভোগ কৰে; আন ঠাইত আকৌ আমাৰ নিচিনাই বাস কৰে। মানুহে যেনেকৈ ফটা কাপোৰ এৰি নতুন কাপোৰ লয়, সেইদৰে আত্মায়ো জীৰ্ণ দেহ এৰি আন দেহত বাহ লয় মাথোন; এই যে পঞ্চভৌতিক দেহ, ই আৰু কি? আৰু ইয়াৰ যে মৰণ বুলি ভাবোঁ সেয়ে বা কি? ই একো নহয়, ই একো নহয়! আমি মায়ামুগ্ধ, সেই বাবেহে এনে ভাবোঁ। [ ১৪৭ ]  আৰু কিছুমানে কয়, আত্মা অবিনাশী সঁচা; কিন্তু অকল এয়ে নহয়। এই জীৱনত যি কাম কৰিলোঁ, তাৰ ফল স্বজ্ঞানে ভুগিব নোৱাৰিলে সুখ ক’ত? সংসাৰৰ বাঞ্ছা-অভিলাষ, ইয়াৰো মৰণ নাই। যদি তোমাৰ ইচ্ছা প্ৰভৃতি সৎ আৰু ন্যায়ানুমোদিত, তেন্তে, তাৰ ঈপ্সিত বস্তু পৰলোকত পাবা; তোমাৰ যদি কাৰ্য্যকাৰণ ভাল হয়, তাৰ ফল পৰলোকত ভুগিবা। সংসাৰক মিছা বোলা কিয়? ইয়াৰ কামৰপৰা আমাৰ পৰলোকৰ আৰু পৰজন্মৰ সুখ-দুঃখ নিৰ্দ্ধাৰিত হয়। এইদৰে কেতিয়াবা ধম্মৰ উচ্ছাসৰ দ্বাৰা, কেতিয়াবা বা প্ৰিয়জনৰ শোকে অভিভূত হৈ আশাৰ অস্ফুট আলোকৰেখাৰ দ্বাৰা, কেতিয়াবা বা সংসাৰৰ গতিবিধি চিন্তাত বিমোহিত হৈ মোহৰ অবুজা ভাবৰ দ্বাৰা, আৰু কেতিয়াবা বা বিশ্বকৰ্ত্তাৰ অসীম কৌশল আৰু অনন্তশক্তিৰ কথাত আশ্চৰ্য্য হৈ প্ৰীতি আৰু ভক্তিৰ শক্তিৰ দ্বাৰা মানুহে পৰলোক সৃজন কৰে।

 কিন্তু মানব-মন ইয়াতো সম্পূৰ্ণ সন্তুষ্ট হোৱা নাই। যাক হৃদয়েৰে সৈতে ইমান মৰম কৰিছিলোঁ, যাৰ অভাৱত সংসাৰ অন্ধকাৰ, যাৰ গুণত পৃথিবী এতিয়াও নাশ পোৱা নাই, যাৰ কৰুণহৃদয়ৰ শীতল প্ৰেমবাৰিৰ দ্বাৰা সংসাৰ সঞ্জীৱিত, তেনেহেন মৰমৰ জন, তেওঁক কেনেকৈ এনে অনিশ্চয়তাৰ হাতত সঁপি দিওঁ? তেওঁক কিদৰে অদৃষ্ট আৰু অজ্ঞাত পৰলোকৰ হাতত দি নিশ্চিন্ত হওঁ? মানবে ইয়াক কৰিব পৰা নাই; মানবহৃদয় ইমান অকৃতজ্ঞ বা ইমান কঠোৰ হ’ব নোবাৰে। আৰু ইয়াৰ আগক্ষণতে যাৰ [ ১৪৮ ] লগত জন্ম-মৃত্যুৰ কথা কৈছোঁ, যাৰ লগত সংসাৰত জীৱন যাপনৰ উপায় ভাবিছোঁ, যাৰ লগত ইমান আমোদ ইমান উৎসৱ কৰিছোঁ, এতিয়াই যে আছিল সেইজন এতিয়াই নোহোৱা হব! বিজুলীৰ ৰেখাৰ নিচিনা এটা চক্‌মকনি দি চিৰকালৰ নিমিত্তে মাৰ যাব! ই মানব হৃদয়ৰ অসহ্য। চিন্তা কৰিলেও যেন সি ফাটি যায়। এই বাবেই, বিজ্ঞানক উপেক্ষা কৰি যি পৰলোক স্ৰজন কৰিছিল, তাকো উপেক্ষা কৰিব খুজি মানবে আন উপায় বিচাৰে; আৰু চেষ্টাৰ ফলস্বৰূপ, তেওঁৰ প্ৰিয়জনক, অমৰতাৰ অক্ষয়মালাৰে বিভূষিত কৰে।

 কিন্তু অমৰতা কি, আৰু ই যে নিশ্চয় তাৰ প্ৰমাণ কি? অমৰ তো সংসাৰত কাকো নেদেখোঁ; নশ্বৰ সংসাৰত অমৰ বা চিৰস্থায়ী বুলিবৰ তো একো বস্তু নাই। পশু-পক্ষী, কীট-পতঙ্গ, গছ-লতা, সকলো এদিন নে এদিন ধ্বংসৰ হাতত পৰিছেই। পুৰাণত শুনিবলৈ পাওঁ—বিভীষণ, হনুমান, পৰশুৰাম, অশ্বত্থামা, প্ৰভৃতি এওঁলোক অমৰ। কিন্তু সি পুৰাণ মুনিৰ পুৰণি কাহিনী মাত্ৰ। কপিল-পাতঞ্জলৰ নিচিনা জ্ঞানী, ধ্ৰুব আৰু প্ৰহ্লাদৰ নিচিনা ভক্ত, ৰুচি আৰু সুৰথৰ নিচিনা সাধক, ৰাম আৰু যুধিষ্ঠিৰৰ নিচিনা ৰজা, অৰ্জ্জুন আৰু ইন্দ্ৰজিতৰ নিচিনা বীৰ, কালিদাস আৰু ভবভূতিৰ নিচিনা কবি, এওঁলোকৰো এই অসাৰ দেহ শ্মশানৰ ভস্মত পৰিণত হৈছে। যাৰ ওচৰত অভ্ৰ- ভেদী আল্পস্‌ পৰ্ব্বত তুষাৰমণ্ডিত শিখৰেও মূৰ দোঁৱাইছিল, সেই হানিবল্‌ আৰু নেপোলিয়ন্‌, এদিন গোটেই পৃথিবী যাৰ বীৰহুঙ্কাৰত [ ১৪৯ ] বিকম্পিত হৈছিল, সেই আলেক্‌জান্দাৰ, আৰু সমুদায় প্ৰতীচ্য যাৰ পদানত আছিল, সেই জুলীয়চ্ চীজাৰ্—সকলোৰে নশ্বৰ দেহৰ অবসান হৈছে। যাৰ হিতকৰী চেষ্টাৰ গুণে এতিয়াও ভাৰতৰ নাম আছে, আৰু যাৰ গুণে সনাতন-ধৰ্ম্মই জীৱন পাইছে, সেই কৃষ্ণ, যাৰ মত এতিয়াও পৃথিবীৰ এক-পঞ্চমাংশ লোকৰ ধৰ্ম্ম সেই বুদ্ধদেৱ, যাৰ বৈষ্ণবী ভক্তিত কঠোৰ তন্ত্ৰ ভাঁহি গৈছিল, যাৰ প্ৰেমতৰঙ্গে ভাৰত ডুবাই ৰাখিছে, প্ৰেমাৱতাৰ সেই চৈতন্য, আৰু যাৰ মত পৃথিবীৰ সকলোতকৈ ক্ষমতাশালী সমুদয় জাতিৰ ধৰ্ম্ম, কৰুণাৰ মূৰ্ত্তি সেই যিচু খ্ৰীষ্ট—সকলোৱে নিজৰ শৰীৰক শ্মশানৰ সৰ্ব্বভুক্‌ বহ্নিৰ মুখত আহুতি দিছে। এনে মহৎ মহৎ লোক, এওঁলোকেও অমৰ হব পৰা নাই। তেন্তে অমৰ কোন, অমৰতাই বা কি? পৃথিবীত, এই স্থূল সংসাৰত অমৰতা ক'ত! আচলতে নমৰাকৈ অমৰ হৈ কোনো মানুহ নাথাকে; ই অমৰতা আন ধৰণৰ; তাৰ বাবে আমি আন ঠাইত বিচাৰিব লাগিব।

 আগেয়ে কৈ অহা হৈছে, এই দেহৰ বা বাহ্যিক বস্তু সকলোৰে অবসান শ্মশানত। তুমি ধনী, তোমাৰ ধনেৰে জগৎ পূৰ্ণ, তোমাৰ শেষশয্যা শ্মশান; আৰু তুমি নিৰ্ধন, খুজি পেটৰ ভাত মিলাব নোৱাৰা, তোমাৰে শেষশয্যা শ্মশান। তুমি সম্ৰাট্‌, সহস্ৰ জনপদ তোমাৰ পদানত, তোমাৰ শেষশয্যা শ্মশান। আৰু তুমি পথৰ ভিক্ষাৰী, থাকিবলৈ এডোখৰ ঠাই নোপোৱা, তোমাৰো শেষশয্যা শ্মশান। তুমি বিদ্বান্‌ তোমাৰ গৌৰৱত জন্মভূমি গৌৰৱান্বিতা, তোমাৰ শেষশয্যা শ্মশান। এইদৰে সকলো প্ৰাণী, সকলো [ ১৫০ ] জীৱ—ডাঙৰ-সৰু, দুষ্ট-শান্ত সকলোৰে সংসাৰৰপৰা নিৰ্গমৰ পথ শ্মশান। ক'ৰপৰা আহিলা তাৰ কথা নাই, ক'লৈ যাবা তাৰ ঠিক নাই, মাজতে দুদিন লীলা-খেলা কৰিলা—তাৰ অবসান শ্মশানত। জন্মৰ আগেয়ে অব্যক্ত আছিলা, মৃত্যুৰ পাচতো অব্যক্ত হ'লা। দেহ নষ্ট হল সঁচা কিন্তু তাৰ ফল সংসাৰত ৰৈ গ'ল। এইদৰেই মহাত্মাসকলৰ মাহাত্ম্য তেওঁলোক যোৱাৰ পিচতো জীয়াই থাকে, আৰু সি কাৰ্য্য কৰে। অমৰতা আন একোৰে নহয়, ই মানৱৰ মহত্ত্বৰ। সংসাৰৰ নিয়ম এই, মানুহ মৰি যায়, তেওঁৰ কীৰ্ত্তি চিৰদিন থাকে। কিমান শত শত বছৰ অতীত হ’ল, ৰামৰ পৱিত্ৰ জীৱনৰ অবসান হৈছে, সীতাৰ পৱিত্ৰ জীৱন শেষ হৈছে, কিন্তু ৰামৰ সেই ত্যাগৰ কাহিনী আৰু জানকীৰ সেই কৰুণ দুঃখৰ কথা এতিয়াও জীয়াই আছে আৰু সেইদৰে মানৱহৃদয়ত আধিপত্য কৰিছে। কিমান দিন হ’ল—মহাৰাণা প্ৰতাপসিংহৰ নশ্বৰদেহ কালৰ কৰাল গৰ্ভত প্ৰবেশ কৰিছে; কিন্তু তেওঁৰ সেই স্বদেশ- ভক্তি, তেওঁৰ সেই স্বাধীনতা-তেজ, এতিয়াও ভাৰতৰ গৰ্ব্বস্থল। এই নিমিত্তেই প্ৰাচীন মুনিয়ে কৈছে “কীৰ্ত্তিৰ্যস্য স জীৱতি। ” আৰু এই কাৰণেই আমিও কওঁ—“কীৰ্ত্তিৰ্যস্য স জীৱতি”— যাৰ কীৰ্ত্তি সেয়ে অমৰ, আৰু যাৰ কীৰ্ত্তি তেৱেঁই ধন্য।

 এয়ে অমৰতা। ই ৰূপৰ বা দেহৰ অমৰতা নহয়। ৰূপ নশ্বৰ, দেহো নশ্বৰ। এই অমৰতা গুণৰ,—শ্মশানৰ পাচৰ নিশ্চিত বস্তু — কীৰ্ত্তিমানৰ ই সৌন্দৰ্য্য বিকাশ। শ্মশানৰ সৌন্দৰ্য্য, শ্মশানৰ মহত্ত্ব নুবুজি, তাৰ জ্বলন্ত বহ্নি দেখি ভয়তে থৰহৰি [ ১৫১ ] হ'ব পৰা; কিন্তু শ্মশান সৌন্দৰ্য্য সমাহাৰৰ পৱিত্ৰ ক্ষেত্ৰ, মহত্ত্ব বিকাশৰ পুণ্যভূমি। ইয়াত সকলোৱে লোপ হয় সঁচা; ইয়াত ডাঙৰৰো শেষ, সৰুৰো শেষ; কবিৰো শেষ,কাব্যৰো শেষ; জীৱনৰ শেষ, আশাৰো শেষ ইয়াত প্ৰেম পোৰে, স্নেহ পোৰে; প্ৰেমিক পোৰে, স্নেহৰ পাত্ৰ পোৰে; পাপী পোৰে, পাপ পোৰে; পুণ্যবান্ পোৰে, পুণ্য পোৰে। কিন্তু এই অগ্নিৰ দাহিকা শক্তিৰ যেন বিশেষত্ব আছে। যি সৎ, যি সুকৃতি, সোণৰ দৰে তাৰ বৰণ উজ্জ্বল হয়; আৰু যি অসৎ, লাহে লাহে তাৰ স্মৃতি লোপ পায়। এই কাৰণেই কওঁ—শ্মশানৰ পাচত সৌন্দৰ্য্যৰ পূৰ্ণ- বিকাশ; যি সুন্দৰ, যি সৌন্দয্যশালী, তেওঁৰ অমৰতা; আৰু যি সংসাৰৰ পাপিষ্ঠ, নৰকৰ কীট, তাৰ বিলয়। যাৰ জীৱন উদ্দেশ্যবিহীন, যি নিজৰ জীৱন পাপৰ কুণ্ডত ডুবাই দিছে, সি শ্মশানক নিজৰ প্ৰলয় ভাবি ভয় কৰিব পাৰে; কিন্তু যি যশস্বী, যাৰ কীৰ্ত্তি মহতী, তেওঁ পৱিত্ৰ শ্মশানভূমিলৈ মনৰ আনন্দে অগ্ৰসৰ হয়, আৰু শ্মশানমঞ্চত আৰোহণ কৰি অনন্ত অমৃত আৰু অমৰতাৰ ধামলৈ গতি কৰে।