জীৱ—ডাঙৰ-সৰু, দুষ্ট-শান্ত সকলোৰে সংসাৰৰপৰা নিৰ্গমৰ পথ
শ্মশান। ক'ৰপৰা আহিলা তাৰ কথা নাই, ক'লৈ যাবা তাৰ ঠিক
নাই, মাজতে দুদিন লীলা-খেলা কৰিলা—তাৰ অবসান শ্মশানত।
জন্মৰ আগেয়ে অব্যক্ত আছিলা, মৃত্যুৰ পাচতো অব্যক্ত হ'লা।
দেহ নষ্ট হল সঁচা কিন্তু তাৰ ফল সংসাৰত ৰৈ গ'ল। এইদৰেই
মহাত্মাসকলৰ মাহাত্ম্য তেওঁলোক যোৱাৰ পিচতো জীয়াই থাকে,
আৰু সি কাৰ্য্য কৰে। অমৰতা আন একোৰে নহয়, ই মানৱৰ
মহত্ত্বৰ। সংসাৰৰ নিয়ম এই, মানুহ মৰি যায়, তেওঁৰ কীৰ্ত্তি
চিৰদিন থাকে। কিমান শত শত বছৰ অতীত হ’ল, ৰামৰ
পৱিত্ৰ জীৱনৰ অবসান হৈছে, সীতাৰ পৱিত্ৰ জীৱন শেষ হৈছে,
কিন্তু ৰামৰ সেই ত্যাগৰ কাহিনী আৰু জানকীৰ সেই কৰুণ দুঃখৰ
কথা এতিয়াও জীয়াই আছে আৰু সেইদৰে মানৱহৃদয়ত আধিপত্য
কৰিছে। কিমান দিন হ’ল—মহাৰাণা প্ৰতাপসিংহৰ নশ্বৰদেহ
কালৰ কৰাল গৰ্ভত প্ৰবেশ কৰিছে; কিন্তু তেওঁৰ সেই স্বদেশ-
ভক্তি, তেওঁৰ সেই স্বাধীনতা-তেজ, এতিয়াও ভাৰতৰ গৰ্ব্বস্থল।
এই নিমিত্তেই প্ৰাচীন মুনিয়ে কৈছে “কীৰ্ত্তিৰ্যস্য স জীৱতি। ”
আৰু এই কাৰণেই আমিও কওঁ—“কীৰ্ত্তিৰ্যস্য স জীৱতি”—
যাৰ কীৰ্ত্তি সেয়ে অমৰ, আৰু যাৰ কীৰ্ত্তি তেৱেঁই ধন্য।
এয়ে অমৰতা। ই ৰূপৰ বা দেহৰ অমৰতা নহয়। ৰূপ নশ্বৰ, দেহো নশ্বৰ। এই অমৰতা গুণৰ,—শ্মশানৰ পাচৰ নিশ্চিত বস্তু — কীৰ্ত্তিমানৰ ই সৌন্দৰ্য্য বিকাশ। শ্মশানৰ সৌন্দৰ্য্য, শ্মশানৰ মহত্ত্ব নুবুজি, তাৰ জ্বলন্ত বহ্নি দেখি ভয়তে থৰহৰি