সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
অমৰতা

হ'ব পৰা; কিন্তু শ্মশান সৌন্দৰ্য্য সমাহাৰৰ পৱিত্ৰ ক্ষেত্ৰ, মহত্ত্ব বিকাশৰ পুণ্যভূমি। ইয়াত সকলোৱে লোপ হয় সঁচা; ইয়াত ডাঙৰৰো শেষ, সৰুৰো শেষ; কবিৰো শেষ,কাব্যৰো শেষ; জীৱনৰ শেষ, আশাৰো শেষ ইয়াত প্ৰেম পোৰে, স্নেহ পোৰে; প্ৰেমিক পোৰে, স্নেহৰ পাত্ৰ পোৰে; পাপী পোৰে, পাপ পোৰে; পুণ্যবান্ পোৰে, পুণ্য পোৰে। কিন্তু এই অগ্নিৰ দাহিকা শক্তিৰ যেন বিশেষত্ব আছে। যি সৎ, যি সুকৃতি, সোণৰ দৰে তাৰ বৰণ উজ্জ্বল হয়; আৰু যি অসৎ, লাহে লাহে তাৰ স্মৃতি লোপ পায়। এই কাৰণেই কওঁ—শ্মশানৰ পাচত সৌন্দৰ্য্যৰ পূৰ্ণ- বিকাশ; যি সুন্দৰ, যি সৌন্দয্যশালী, তেওঁৰ অমৰতা; আৰু যি সংসাৰৰ পাপিষ্ঠ, নৰকৰ কীট, তাৰ বিলয়। যাৰ জীৱন উদ্দেশ্যবিহীন, যি নিজৰ জীৱন পাপৰ কুণ্ডত ডুবাই দিছে, সি শ্মশানক নিজৰ প্ৰলয় ভাবি ভয় কৰিব পাৰে; কিন্তু যি যশস্বী, যাৰ কীৰ্ত্তি মহতী, তেওঁ পৱিত্ৰ শ্মশানভূমিলৈ মনৰ আনন্দে অগ্ৰসৰ হয়, আৰু শ্মশানমঞ্চত আৰোহণ কৰি অনন্ত অমৃত আৰু অমৰতাৰ ধামলৈ গতি কৰে।