সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
অমৰতা

 আৰু কিছুমানে কয়, আত্মা অবিনাশী সঁচা; কিন্তু অকল এয়ে নহয়। এই জীৱনত যি কাম কৰিলোঁ, তাৰ ফল স্বজ্ঞানে ভুগিব নোৱাৰিলে সুখ ক’ত? সংসাৰৰ বাঞ্ছা-অভিলাষ, ইয়াৰো মৰণ নাই। যদি তোমাৰ ইচ্ছা প্ৰভৃতি সৎ আৰু ন্যায়ানুমোদিত, তেন্তে, তাৰ ঈপ্সিত বস্তু পৰলোকত পাবা; তোমাৰ যদি কাৰ্য্যকাৰণ ভাল হয়, তাৰ ফল পৰলোকত ভুগিবা। সংসাৰক মিছা বোলা কিয়? ইয়াৰ কামৰপৰা আমাৰ পৰলোকৰ আৰু পৰজন্মৰ সুখ-দুঃখ নিৰ্দ্ধাৰিত হয়। এইদৰে কেতিয়াবা ধম্মৰ উচ্ছাসৰ দ্বাৰা, কেতিয়াবা বা প্ৰিয়জনৰ শোকে অভিভূত হৈ আশাৰ অস্ফুট আলোকৰেখাৰ দ্বাৰা, কেতিয়াবা বা সংসাৰৰ গতিবিধি চিন্তাত বিমোহিত হৈ মোহৰ অবুজা ভাবৰ দ্বাৰা, আৰু কেতিয়াবা বা বিশ্বকৰ্ত্তাৰ অসীম কৌশল আৰু অনন্তশক্তিৰ কথাত আশ্চৰ্য্য হৈ প্ৰীতি আৰু ভক্তিৰ শক্তিৰ দ্বাৰা মানুহে পৰলোক সৃজন কৰে।

 কিন্তু মানব-মন ইয়াতো সম্পূৰ্ণ সন্তুষ্ট হোৱা নাই। যাক হৃদয়েৰে সৈতে ইমান মৰম কৰিছিলোঁ, যাৰ অভাৱত সংসাৰ অন্ধকাৰ, যাৰ গুণত পৃথিবী এতিয়াও নাশ পোৱা নাই, যাৰ কৰুণহৃদয়ৰ শীতল প্ৰেমবাৰিৰ দ্বাৰা সংসাৰ সঞ্জীৱিত, তেনেহেন মৰমৰ জন, তেওঁক কেনেকৈ এনে অনিশ্চয়তাৰ হাতত সঁপি দিওঁ? তেওঁক কিদৰে অদৃষ্ট আৰু অজ্ঞাত পৰলোকৰ হাতত দি নিশ্চিন্ত হওঁ? মানবে ইয়াক কৰিব পৰা নাই; মানবহৃদয় ইমান অকৃতজ্ঞ বা ইমান কঠোৰ হ’ব নোবাৰে। আৰু ইয়াৰ আগক্ষণতে যাৰ