পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
অমৰতা


বিকম্পিত হৈছিল, সেই আলেক্‌জান্দাৰ, আৰু সমুদায় প্ৰতীচ্য যাৰ পদানত আছিল, সেই জুলীয়চ্ চীজাৰ্—সকলোৰে নশ্বৰ দেহৰ অবসান হৈছে। যাৰ হিতকৰী চেষ্টাৰ গুণে এতিয়াও ভাৰতৰ নাম আছে, আৰু যাৰ গুণে সনাতন-ধৰ্ম্মই জীৱন পাইছে, সেই কৃষ্ণ, যাৰ মত এতিয়াও পৃথিবীৰ এক-পঞ্চমাংশ লোকৰ ধৰ্ম্ম সেই বুদ্ধদেৱ, যাৰ বৈষ্ণবী ভক্তিত কঠোৰ তন্ত্ৰ ভাঁহি গৈছিল, যাৰ প্ৰেমতৰঙ্গে ভাৰত ডুবাই ৰাখিছে, প্ৰেমাৱতাৰ সেই চৈতন্য, আৰু যাৰ মত পৃথিবীৰ সকলোতকৈ ক্ষমতাশালী সমুদয় জাতিৰ ধৰ্ম্ম, কৰুণাৰ মূৰ্ত্তি সেই যিচু খ্ৰীষ্ট—সকলোৱে নিজৰ শৰীৰক শ্মশানৰ সৰ্ব্বভুক্‌ বহ্নিৰ মুখত আহুতি দিছে। এনে মহৎ মহৎ লোক, এওঁলোকেও অমৰ হব পৰা নাই। তেন্তে অমৰ কোন, অমৰতাই বা কি? পৃথিবীত, এই স্থূল সংসাৰত অমৰতা ক'ত! আচলতে নমৰাকৈ অমৰ হৈ কোনো মানুহ নাথাকে; ই অমৰতা আন ধৰণৰ; তাৰ বাবে আমি আন ঠাইত বিচাৰিব লাগিব।

 আগেয়ে কৈ অহা হৈছে, এই দেহৰ বা বাহ্যিক বস্তু সকলোৰে অবসান শ্মশানত। তুমি ধনী, তোমাৰ ধনেৰে জগৎ পূৰ্ণ, তোমাৰ শেষশয্যা শ্মশান; আৰু তুমি নিৰ্ধন, খুজি পেটৰ ভাত মিলাব নোৱাৰা, তোমাৰে শেষশয্যা শ্মশান। তুমি সম্ৰাট্‌, সহস্ৰ জনপদ তোমাৰ পদানত, তোমাৰ শেষশয্যা শ্মশান। আৰু তুমি পথৰ ভিক্ষাৰী, থাকিবলৈ এডোখৰ ঠাই নোপোৱা, তোমাৰো শেষশয্যা শ্মশান। তুমি বিদ্বান্‌ তোমাৰ গৌৰৱত জন্মভূমি গৌৰৱান্বিতা, তোমাৰ শেষশয্যা শ্মশান। এইদৰে সকলো প্ৰাণী, সকলো