সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
সাহিত্য

লগত জন্ম-মৃত্যুৰ কথা কৈছোঁ, যাৰ লগত সংসাৰত জীৱন যাপনৰ উপায় ভাবিছোঁ, যাৰ লগত ইমান আমোদ ইমান উৎসৱ কৰিছোঁ, এতিয়াই যে আছিল সেইজন এতিয়াই নোহোৱা হব! বিজুলীৰ ৰেখাৰ নিচিনা এটা চক্‌মকনি দি চিৰকালৰ নিমিত্তে মাৰ যাব! ই মানব হৃদয়ৰ অসহ্য। চিন্তা কৰিলেও যেন সি ফাটি যায়। এই বাবেই, বিজ্ঞানক উপেক্ষা কৰি যি পৰলোক স্ৰজন কৰিছিল, তাকো উপেক্ষা কৰিব খুজি মানবে আন উপায় বিচাৰে; আৰু চেষ্টাৰ ফলস্বৰূপ, তেওঁৰ প্ৰিয়জনক, অমৰতাৰ অক্ষয়মালাৰে বিভূষিত কৰে।

 কিন্তু অমৰতা কি, আৰু ই যে নিশ্চয় তাৰ প্ৰমাণ কি? অমৰ তো সংসাৰত কাকো নেদেখোঁ; নশ্বৰ সংসাৰত অমৰ বা চিৰস্থায়ী বুলিবৰ তো একো বস্তু নাই। পশু-পক্ষী, কীট-পতঙ্গ, গছ-লতা, সকলো এদিন নে এদিন ধ্বংসৰ হাতত পৰিছেই। পুৰাণত শুনিবলৈ পাওঁ—বিভীষণ, হনুমান, পৰশুৰাম, অশ্বত্থামা, প্ৰভৃতি এওঁলোক অমৰ। কিন্তু সি পুৰাণ মুনিৰ পুৰণি কাহিনী মাত্ৰ। কপিল-পাতঞ্জলৰ নিচিনা জ্ঞানী, ধ্ৰুব আৰু প্ৰহ্লাদৰ নিচিনা ভক্ত, ৰুচি আৰু সুৰথৰ নিচিনা সাধক, ৰাম আৰু যুধিষ্ঠিৰৰ নিচিনা ৰজা, অৰ্জ্জুন আৰু ইন্দ্ৰজিতৰ নিচিনা বীৰ, কালিদাস আৰু ভবভূতিৰ নিচিনা কবি, এওঁলোকৰো এই অসাৰ দেহ শ্মশানৰ ভস্মত পৰিণত হৈছে। যাৰ ওচৰত অভ্ৰ- ভেদী আল্পস্‌ পৰ্ব্বত তুষাৰমণ্ডিত শিখৰেও মূৰ দোঁৱাইছিল, সেই হানিবল্‌ আৰু নেপোলিয়ন্‌, এদিন গোটেই পৃথিবী যাৰ বীৰহুঙ্কাৰত