[ ৭৬ ]
(দৈত্যপুৰীৰ সিংহদুৱাৰ। বন্দী প্ৰভৃতি প্ৰথমবোৰে দুৱাৰ ৰক্ষা কৰিছিল, ব্যোম ব্যোম কৰি নৃত্য কৰিছিল। এনেতে প্ৰদ্যুম্ন আৰু সাত্যকি আহি দুৱাৰ-মুখলৈ আগবাঢ়ে। সকলোৱে আগ ভেটি ধৰেহি। নন্দী আগবাঢ়ি আহে।)
নন্দী:
|
সাৱধান? আৰু আগ নাবাঢ়িবা।
|
[ ৭৭ ]
সাত্যকি:
|
আমক যাবলৈ দিয়া আমি শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিম
|
নন্দী:
|
অসম্ভৱ দুৱাৰ এৰি নিদিওঁ উভতি যোৱা।
|
সাত্যকি:
|
কথা শুনা, দুৱাৰ মুকলি কৰি দিয়া।
|
(এনেতে কাৰ্তিক সোমাই আহে প্ৰদ্যুম্ন ওচৰ চাপি যায়। কাৰ্তিকে বাঁট ভেটি ধৰে।)
কাৰ্তিক:
|
কোন তুমি? ইয়ালৈ কিয় আহিছা? প্ৰয়োজন?
|
প্ৰদ্যুম্ন:
|
ভালেই হৈছে কুমাৰ! তুমি নিজেই আহিলা যেতিয়া। মই যাদৱ মোৰ নাম প্ৰদ্যুম্ন। মই শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছো। মোক তেওঁৰ মন্দিৰলৈ যাবলৈ দুৱাৰ এৰি দিয়া।
|
কাৰ্তিক:
|
তুমি যেয়ে নোহোৱা মই আজি দুৱাৰ এৰি দিব নোৱাৰো। মোৰ আদেশ নাই
|
প্ৰদ্যুম্ন:
|
নহয় কুমাৰ! আমাৰ বৰ প্ৰয়োজন। যেনে-তেনে দেখা নকৰাকৈ যোৱাৰো আদেশ নাই।
|
কাৰ্তিক:
|
কি কৰিম। তোমাৰ কি কথা আছে কোৱা, মই জনামগৈ। কিন্তু দুৱাৰ এৰা অসম্ভৱ। ই মোৰ সাধ্যৰ অতীত।
|
প্ৰদ্যুম্ন:
|
(অলপ উত্তেজিত হৈ) তেন্তে সঁচাকৈয়ে তুমি দুৱাৰ এৰি নিদিয়া? বাৰু মোৰ কথা শুনা। শঙ্কৰক কৈ বন্দী অনিৰুদ্ধক মুক্তি দিব লাগে। তেতিয়া আৰু আমি যুদ্ধ নকৰো।
|
কাৰ্তিক:
|
অসম্ভৱ! আমাৰ পক্ষে সেইটো অসম্ভৱ। ৰজাৰ কাম মুক্তি দিয়া বা বন্দী কৰা। আমাৰ সেইটো কাম নহয়। যাদৱ বীৰ বৰ্তমান আমি দুৱাৰ ৰক্ষাৰ বাহিৰে আন কোনো কাম কৰিবলৈ প্ৰস্তুত নহওঁ।
|
প্ৰদ্যুম্ন:
|
(আৰু উত্তেজিত হৈ) কাৰ্তিক! তোমালোকে নোৱাৰা? তেন্তে পাৰিব কোনে? যাৰ অনুগ্ৰহ লাভ কৰি বাণে কুমাৰক [ ৭৮ ] বন্দী কৰি যাদৱক উপেক্ষা কৰিবলৈ শক্তি পাইছে তেওঁলোকে নোৱাৰে যদি পাৰিব কোনে? কি কৈছা তুমি?
|
কাৰ্তিক:
|
তুমি উত্তেজিত হৈছা কিয়? আমাৰ কৰ্তব্য আমি কৰিছো। দুৱাৰ কোনোমতেই এৰি দিব নোৱাৰো।
|
সাত্যকি:
|
কাৰ্তিক! তুমি আমাৰ উদ্দেশ্য বুজাত ভুল কৰিছা। আমাৰ ইচ্ছা শঙ্কৰক এই বিষয়ে প্ৰসন্ন কৰাহে। কাৰণ অবাবত যুদ্ধ আমি কৰিব নোখোজো। তুমি বিবেচনা কৰা। দুৱাৰ এৰি দিয়া।
|
কাৰ্তিক:
|
কেনে তোমালোক? বাৰে বাৰে মই কৈছো যে দুৱাৰ এৰি নিদিওঁ। এতিয়া বিবেচনা কৰি দুৱাৰ ৰক্ষা কৰাৰ ভাৰ আমাৰ নহয়। আমি আদেশ পালন কৰিছো মাত্ৰ। তোমালোক উভতি যোৱা।
|
প্ৰদ্যুম্ন:
|
তেন্তে মোৰ গাত দোষ নাই, মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ’ম।
|
কাৰ্তিক:
|
ইচ্ছা। দুৱাৰ এৰি নিদিওঁ।
|
প্ৰদ্যুম্ন:
|
(খঙেৰে) সাৱধান কাৰ্তিক।
|
কাৰ্তিক:
|
তুমিও সাৱধান হোৱা প্ৰদ্যুম্ন।
|
(দুয়োৰো বাহুযুদ্ধ আৰম্ভ হয়। সকলোৱে চাই থাকে। শঙ্কৰ আহি উপস্থিত হয়! দুয়ো ক্ষান্ত হয়। আৰু সকলোৱে সেৱা কৰে)
শঙ্কৰ:
|
কাৰ্তিক-নন্দী তোমালোক ইয়াৰ পৰা যোৱা।
|
(সকলোৱে সেৱা কৰি যায়গৈ।)
শঙ্কৰ:
|
প্ৰদ্যুম্ন। তোমাৰ ইয়ালৈ অহাৰ উদ্দেশ্য।
|
প্ৰদ্যুম্ন:
|
প্ৰভু। পিতাই আপোনালৈ বাতৰি পঠিয়াইছে যে যদি বাণে অনিৰুদ্ধক মুক্তি দিয়ে তেন্তে আৰু যুদ্ধ নকৰে। আপুনি নিশ্চয় অনিৰুদ্ধক মুক্তি দিয়াব পাৰে। তাক মুক্ত কৰি আমাৰ হাতত সমৰ্পণ কৰক।
|
[ ৭৯ ]
শঙ্কৰ:
|
প্ৰদ্যুম্ন শুনা, মই বাণৰ এতিয়া দুৱাৰ-ৰক্ষক মাত্ৰ। ৰজাৰ বিচাৰৰ ওপৰত মোৰ কি হাত আছে?
|
প্ৰদ্যুম্ন:
|
নহয় প্ৰভু আপুনি ইচ্ছা কৰিলে তাক মুক্তি দিব পাৰে। প্ৰভু এই অনুৰোধ ৰক্ষা কৰক।
|
শঙ্কৰ:
|
মোৰ একো হাত নাই, তথাপি মই বাণক প্ৰশ্ন কৰি চাব পাৰো কাৰ্তিক
|
|
বাণৰ ওচৰলৈ গৈ ক যে কুমাৰক যদি মুক্তি দি শ্ৰীকৃষ্ণৰ হাতত সমৰ্পণ কৰে তেন্তে তেওঁলোকে যুদ্ধ নকৰে। বাণৰ ইচ্ছা মোক অতি শীঘ্ৰে জনা
|
(কাৰ্তিক যায়গৈ আৰু কিছুপৰ পিছত প্ৰসেঞ্জিতৰ সৈতে আহে)
প্ৰাসেঞ্জিত:
|
প্ৰভু মহাৰাজে কেতিয়াও বিনাযুদ্ধে কুমাৰক মুক্তি নিদিয়ে। তেখেতে কৈছে যদি যাদৱৰ শক্তি আছে তেন্তে নিয়ক। বিচাৰত তেওঁ অনিৰুদ্ধক দোষী পাইছে। আৰু আদেশ দিছে অবিলম্বে যাদৱবাহিনীয়ে যদি কালিলৈ প্ৰাতঃ ঊষাতে শোণিতপুৰ ত্যাগ নকৰে তেন্তে সূৰ্য উদয় হোৱাৰ আগতেই যাদৱবাহিনীক আক্ৰমণ কৰিব লাগিব।
|
শঙ্কৰ:
|
শুনিলা প্ৰদ্যুম্ন। বাৰু, তোমালোক যোৱা।
|
(প্ৰসেঞ্জিত, কাৰ্তিক যায়গৈ)
প্ৰদ্যুম্ন:
|
তথাপি মই আকৌ এবাৰ আপোনাক অনুৰোধ কৰিছো, আপুনি বাণক নিজে এই বিষয়ে কওক।
|
শঙ্কৰ:
|
প্ৰদ্যুম্ন তোমাৰ এই অনুৰোধ সম্পূৰ্ণ অন্যায় হৈছে। যি স্থলত বাণৰ অভিমত তোমাৰ আগতে সেনাপতিয়ে কৈ গ’লহি।
|
প্ৰদ্যুম্ন:
|
প্ৰভু! অপোনাৰো অন্যায় হৈছে। আপোনাৰ পৰম মিত্ৰ শ্ৰীকৃষ্ণৰ বিপক্ষে বাণৰ সৈতে যোগ দিয়াত জানো আপোনাৰ ন্যায় হৈছে?
|
শঙ্কৰ:
|
প্ৰদ্যুম্ন! মই তেন্তে এতিয়া তোমাৰ পৰা কৰ্তব্য শিক্ষা [ ৮০ ] কৰিব লাগিবনেকি? প্ৰদ্যুম্ন! তুমি শোকত বুদ্ধিভ্ৰষ্ট হৈছা। প্ৰদ্যুম্ন। তুমি মোৰ কৰ্তব্য কি বুজিবা?
|
প্ৰদ্যুম্ন:
|
বুজিছো। শ্ৰীকৃষ্ণতকৈও আপোনাৰ ভক্ত ডাঙৰ হ’লনে?
|
শঙ্কৰ:
|
হাঃ হাঃ। তুমি বুজিব নোৱাৰা। প্ৰদ্যুম্ন। তুমি উভতি যোৱা।
|
প্ৰদ্যুম্ন:
|
নহয় প্ৰভু। আপুনি অনিৰুদ্ধক মুক্তি দিয়ক।
|
শঙ্কৰ:
|
আকৌ দেখোন তুমি অন্যায় অনুৰোধ কৰিলা প্ৰদ্যুম্ন। সম্পূৰ্ণ অন্যায়।
|
প্ৰদ্যুম্ন:
|
নহয় নহয়, সি সম্পূৰ্ণ ন্যায়। আপোনাৰ তাক মুক্তি দিবৰ ক্ষমতা আছে। তাক মুক্তি দিয়ক। প্ৰভু। তাক মুক্তি দিয়ক।
|
শঙ্কৰ:
|
প্ৰদ্যুম্ন। প্ৰদ্যুম্ন। তুমি একেবাৰেই বুদ্ধিভ্ৰষ্ট হৈছা। বীৰ্যৱান ক্ষত্ৰিয় বীৰৰ মুখত এনে কথা শোভা নাপায়। প্ৰদ্যুম্ন। তুমি যাদৱৰ গৌৰৱত কলঙ্ক সানিছা। বৰ লাজৰ কথা। যাদৱ ইমানেই বীৰ্যহীন হৈছেনে? অসিত ধাৰ নোহোৱা হৈছেনে? বাহুত শক্তি নোহোৱা হৈছেনে? যুদ্ধ কৰিবলৈ আহি— নহয়, তুমি যাদৱ বুলি চিনাকি নিদিবা— ক্ষত্ৰিয় বুলি নক’বা। বীৰৰ সমাজত আৰু কেতিয়াও মুখ নেদেখুৱাবা।
|
প্ৰদ্যুম্ন:
|
প্ৰভু! সঁচা কথা কৈছে। আমি এতিয়াও যাদৱ, এতিয়াও ক্ষত্ৰিয়বীৰ, এতিয়াও আমাৰ শৰৰ অব্যৰ্থ সন্ধান। কেৱল অবাবত যুদ্ধ হয় বুলি, বাণ বিবেচক বুলি, মাত্ৰ আপোনাৰ আগত সন্ধিৰ প্ৰস্তাৱ। ভাল কথা। দানৱে যাদৱক চিনিব পাৰিব। প্ৰসেঞ্জিতৰ আক্ৰমণৰ অপেক্ষা নকৰি যাদৱ বাহিনীয়ে শোণিত আক্ৰমণ কৰিব। আমাৰ গাত আৰু দোষ নাই প্ৰভু! তেন্তে চাওক আপোনাৰ বাণাসুৰৰ ৰাজ্য কি হয়। একোতেই ৰক্ষা নাই। বসুমতীয়েও যদি আউলি-বাউলি হৈ চৰণত লটি খাই পৰেহি— শোণিতৰ অভ্ৰভেদী ৰাজপ্ৰাসাদৰ [ ৮১ ] শিলাবোৰেও যদি কান্দি কান্দি পৃথিৱী উটুৱা দিয়েহি, যদি কৈলাসবাসিনী মাতৃয়েও কাতৰ কণ্ঠেৰে অনুৰোধ কৰেহি তথাপিও যাদৱৰ অব্যৰ্থ শৰ-সন্ধানত দানৱৰ এই বিশাল বাহিনী এই কনকেৰে গঢ়া অলকাপুৰী ধূলি হৈ উৰি যাব।
|
শঙ্কৰ:
|
উপযুক্ত কথা। যোৱা সাত্যকি! পাৰা যদি যুদ্ধ কৰি কুমাৰক উদ্ধাৰ সাধন কৰাগৈ। মই নিজেই দুৱাৰ ৰক্ষা কৰিম।
|
সাত্যকি:
|
যুদ্ধ অনিবাৰ্য (যায়গৈ)
|