শোণিত কুঁৱৰী/পঞ্চম অঙ্ক, তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা

[ ৭৫ ]

 

তৃতীয় দৰ্শন

 (যাদৱ শিবিৰ। প্ৰদ্যুম্ন, সাত্যকি আৰু কেইজনমান সেনা। প্ৰদ্যুম্ন আৰু সাত্যকি দুয়ো কথা পাতি আছিল।)

সাত্যকি: এৰা, সঁচা কৈছা বৰ সুন্দৰ। ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্যতেই আমি ভোল গৈছো। অনিৰুদ্ধই ইয়াৰ নাৰীৰ সৌন্দৰ্যত ভোল নাযাবই বা কিয়? (বলোৰাম আহে)
বলোৰাম: কি? সাত্যকি? আমাৰ আৰু এনেকৈ কিমান দিন বহি থাকিবা। আমি এতিয়া আক্ৰমণ কৰাই উচিত। তোমালোক দেখোন যুদ্ধ কৰিবলৈ আহি সকলো পাহৰি মায়ামুগ্ধৰ দৰে বহি আছা। (শ্ৰীকৃষ্ণ সোমাই আহে)
মাধৱ: মই এতিয়া কি কৰিব লাগিব?
শ্ৰীকৃষ্ণ: গম্ভীৰ হৈ। মই এটা কথা ভাবিছো।
বলোৰাম: কি?
শ্ৰীকৃষ্ণ: যুদ্ধ কৰাৰ আগেয়ে মই এবাৰ সন্ধিৰ প্ৰস্তাৱ কৰি চাব খোজো।
[ ৭৬ ]
বলোৰাম: কি? আকৌ কি হ’ল? তোমাৰ কি যে ইচ্ছা মই একোকে বুজিব নোৱাৰো।
শ্ৰীকৃষ্ণ: অৱশ্যে এইটো ভাল ইচ্ছাই। স্বয়ং মহাকাল আহি বাণৰ পক্ষ লৈছে। প্ৰথমে আমি সন্ধিৰ কাৰণে চেষ্টা কৰাই মঙ্গল। শঙ্কৰক প্ৰসন্ন কৰি কুমাৰক অনাই শ্ৰেয়
বলোৰাম: তেন্তে এতিয়া আমি শঙ্কৰলৈ ভয় কৰিব লাগিবনেকি? আমি ইমান বীৰ্যহীন হ’লোনে? নহয়, এতিয়া তোমাৰ কোনো কথা আমি শুনিবলৈ প্ৰস্তুত নহওঁ। এতিয়া মাথোন যুদ্ধৰ বাহিৰে আমি আন একো ক’ব নোৱাৰে।
শ্ৰীকৃষ্ণ: যদি আমি এনে বিবেচনাহীন হওঁ তেন্তে দানৱৰ সৈতে আমাৰ পাৰ্থক্য কোনখিনিত? আমাৰ দম্ভ আস্ফালন অহঙ্কাৰৰ কাৰণে তেন্তে আমি আমাৰ শাস্তি নিজেই বিধান কৰা উচিত? আমাৰ তেন্তে গৰ্বী দানৱ বুলি সিহঁতৰ গৰ্ব চূৰ্ণ কৰিবলৈ অহাৰ সাৰ্থকতা কোনখিনিত?
বলোৰাম: (বহুত পৰ মনে মনে থাকি) তোমাৰ যি ইচ্ছা।
শ্ৰীকৃষ্ণ: প্ৰদ্যুম্ন আৰু সাত্যকি! যোৱা। শঙ্কৰৰ সৈতে সাক্ষাৎ কৰি কুমাৰক আমাৰ হাতত সমৰ্পণ কৰিবলৈ ক’বা। যদি সন্মত নহয় তেতিয়া মই নিজেই যুদ্ধ কৰি কুমাৰক উদ্ধাৰ কৰিবলৈ সাজু। যোৱা। (শ্ৰীকৃষ্ণ যায়গৈ)
বলোৰাম: যোৱা বাৰু, কিন্তু বৃথা চেষ্টা।

 (বলোৰাম এফালে আৰু আনবোৰে এফালে যায়গৈ।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )