শোণিত কুঁৱৰী/পঞ্চম অঙ্ক, পঞ্চম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৮১ ]

 

পঞ্চম দৰ্শন

 (যুদ্ধক্ষেত্ৰৰপৰা কিছুদূৰত বলোৰাম আৰু প্ৰদ্যুম্ন। দূৰত ভীষণ যুদ্ধ হৈছে। শ্ৰীকৃষ্ণৰ বাণৰ সৈতে ঘোৰ প্ৰলয়কাৰী যুদ্ধ। মাজে মাজে শৰবোৰ আহি বলোৰামৰ ওচৰত উফৰি পৰিছে। মাজে মাজে একোটা মহা উৰুমি আৰু অস্ত্ৰৰ শব্দ আহি কাণত পৰিছে। বলোৰামে, প্ৰদ্যুম্নই যুদ্ধ নিৰীক্ষণ কৰি কথা-বতৰা পাতিছে। মাজে মাজে দূৰৰ পৰা শঙ্খধ্বনি আহিছে।

বলোৰাম: (দেখুৱাই) আৰু আৰু সৌৱা সৌৱা চোৱা, বাণৰ অস্ত্ৰই সকলো অস্ত্ৰ ব্যৰ্থ কৰিলে— সৌৱা চোৱা বাণে আৰু এক ভীষণ অস্ত্ৰ এৰিলে— উস্‌ গোটেই আকাশ আন্ধাৰ হৈ পৰিল, এই এই শ্ৰীকৃষ্ণই সকলো ব্যৰ্থ কৰিলে
প্ৰদ্যুম্ন: আৰু চোৱা— সৌফালে দানৱ আৰু যাদৱ সৈন্যৰ ভীষণ যুদ্ধ হৈছে— ইস্ সৌৱা যুদ্ধক্ষেত্ৰ তেজেৰে কেনেকৈ ৰাঙলী হৈ গৈছে সৌৱা তেজবোৰ ঠায়ে ঠায়ে ডোঙা বান্ধি কি ভীষণ কৰি পেলাইছে সাত্যকিয়ে আৰু প্ৰসেঞ্জিতে কি পৰাক্ৰমেৰে যুঁজিছে— চোৱা সাত্যকিৰ শৰত দানৱ সৈন্যবোৰ কেনেকৈ এফালৰ পৰা নাইকিয়া হৈ যাব লাগিছে

(ভীষণ উৰ্মি আহে)

[ ৮২ ]
লস্। শ্ৰীকৃষ্ণই কি সাংঘাতিক অস্ত্ৰৰ অৱতাৰণা কৰিছে,— ভয়ত দানৱবোৰ কেনেকৈ চিঞৰি উঠিছে— সৌৱা সৌৱা বাণে তাক ব্যৰ্থ কৰিবলৈ কি চেষ্টা কৰিছে চোৱা এইফালে দানৱবোৰ হুহকি আহিব লাগিছে— সৌৱা কৃষ্ণৰ অব্যৰ্থ শৰসন্ধানে কেনেকৈ বাণক পাছ হোঁহকাই আনিছে— বলা আমি আঁতৰি যাওঁ এতিয়াই এই ক্ষেত্ৰ ভীষণ যুদ্ধস্থলীত পৰিণত হ’ব—

 (দুয়ো পাছ হুহকি যায়গৈ। উৰ্মি বাঢ়ি আহে। বাণ পাছ হুহকি যুদ্ধ কৰি আহি থাকে আৰু শ্ৰীকৃষ্ণৰ শৰ আহি বাণৰ গাত পৰে। বাণৰ হাতৰপৰা শৰৰ কোবত ধনু পৰি যায়। শ্ৰীকৃষ্ণ আগবাঢ়ি আহোতেই শঙ্কৰে ঘোৰ মূৰ্তিৰে শ্ৰীকৃষ্ণৰ আগত থিয় হৈ ত্ৰিশূল দাঙি ‘সাৱধান’ বুলি আক্ৰমণ কৰিবলৈ উদ্যত হয়, আৰু শ্ৰীকৃষ্ণই ধনু এৰি সুদৰ্শন চক্ৰ লৈ ভীষণ মূৰ্তিৰে নিক্ষেপ কৰিবলৈ উদ্যত হয়। দুয়োৰো মূৰ্তি ভীষণ প্ৰলয়কাৰী হয়। চাৰিওফালৰ সকলো ভয়ত কঁপিবলৈ ধৰে। এনেতে ব্ৰহ্মাই আকাশীবাণী কৰে।)

ব্ৰহ্মা: “ক্ষান্ত হওক, ক্ষান্ত হওক। দুয়ো আপোন-পাহৰা হৈ নিজৰ সৃষ্টি ধ্বংস নকৰিব। ভোলানাথ! ক্ৰোধ সম্বৰণ কৰক। ভুল নকৰিব, ভুল নকৰিব।

 (দুয়ো অস্ত্ৰ সম্বৰণ কৰে। শঙ্কৰে নিজৰ আচৰণত অলপ অপ্ৰস্তুত হয়।)

শঙ্কৰ: সঁচা কথা। মই আপোন-পাহৰা হৈছিলো।
শ্ৰীকৃষ্ণ: এৰা। তোমাৰ বুজাত ভুল। নৰদেহধাৰী মই, স্নেহৰ পৌত্ৰক ৰক্ষা কৰিবলৈ যদুকুল অধিপতি মই, যাদৱৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ বাণক দমন কৰিবই লাগিব। তোমাৰে সৈতে বিৰোধ হৈও; ত্ৰিভুবন যদি ধ্বংস-হয়, নতুন সৃষ্টিৰো যদি আৱশ্যক হয় তথাপি বৰ্তমান ক্ষেত্ৰত দুষ্কৃতৰ বিনাশৰ বাবে তোমাৰ আশ্ৰিত হলেও মই বাণক শাস্তি দিবই লাগিব। [ ৮৩ ] (বাণক) বাণ, বীৰ তুমি, মহা শক্তিশালী তুমি, অসহায় কুমাৰক বন্দী কৰাত তোমাৰ বীৰত্বৰ কোনো গৌৰৱ হোৱা নাই। কুমাৰ যাদৱৰ হাতত সমৰ্পণ কৰিলে তোমাৰ কীৰ্তি তোমাৰ মহত্ত্ব চন্দ্ৰ-দিবাকৰ থাকে মানে অটুট হৈ থাকিব।
শঙ্কৰ: সঁচা সঁচা সঁচা। ভুল, ভুল। আহা আলিঙ্গন দিয়া। এবাৰ দুয়োৰো প্ৰাণৰ স্পন্দন দুয়ো শুনাহক। (দুয়ো আলিঙ্গন কৰে) বাণ! তুমি ভুল কৰিছা। যাক মই আপোন পাহৰি শত্ৰু বুলি বাধা দিছিলো,— বাণ বাণ— শত্ৰুতো নহয়— চোৱা বাণ! এয়া চিৰআৰাধ্য তোমাৰ জন্ম-জন্মান্তৰ প্ৰাণৰ দেৱতা আজি শত্ৰুৰূপে তোমাৰ দুৱাৰত থিয় দি তোমাৰ পৰীক্ষা লৈছেহি।
বাণ: (শ্ৰীকৃষ্ণৰ মুখৰ ফালে চাই চাই বিভোল হৈ যায়— চকুৱেদি ভক্তিৰ অশ্ৰু বাগৰি পৰে) দেখিছো, দেখিছো, চিনিছো তোমাক প্ৰভু! হে শ্যামকলেৱৰ চিৰ সুন্দৰ চিৰ আৰাধ্য দেৱতা! ইমান দিন তুমি ক’ত লুকাই আছিলা? হাঁহাকাৰ কৰি তোমাক বিচাৰি ফুৰিছিলো— হাতত পায়ো আজি চিনিব নোৱাৰিছিলো। আহা আহা প্ৰভু আহা মোক্ষ— আহা মুক্তি ভকতৰ শিৰত তোমাৰ পাদপদ্ম থোৱাহি— (শ্ৰীকৃষ্ণৰ ভৰিত গবা মাৰি ধৰি সেৱা কৰি থাকে।)
শ্ৰীকৃষ্ণ: বাণ, সঁচাই বিজয়ী তুমি। তুমি মোক জয় কৰিলা। আহা, আহা মোৰ বিজয়া ভক্ত! মোক আলিঙ্গন দিয়া।

(বাণক তুলি বুকুত সাবটি ধাৰে)

শঙ্কৰ: হাঃ হাঃ হাঃ! ভক্ত ভগৱানৰ মিলন চোৱা, ব্যোম্ ব্যোম্

(নৃত্য কৰে)

বাণ: অজিয়েই তেন্তে পিতাৰ সাক্ষাতত মোৰ জীয়ৰী ঊষাক কুমাৰ অনিৰুদ্ধক সমৰ্পণ কৰো। এজনী কন্যা মোৰ, চৰণত ঠাই দিবা প্ৰভু পৌত্ৰবধু বুলি। এনে শুভ দিনেই এই কাৰ্যৰ উপযুক্ত। আজি এই দিন পৃথিৱীত স্মৰণীয় হওক ভক্ত [ ৮৪ ] ভগৱানৰ মিলনৰ দিন আজি, হৰ-হৰিৰ মিলনৰ দিন আজি, আদৰ্শ প্ৰণয়ী যুগলৰ মিলন-দিন আজি— তাৰে সৈতে মই দেৱতাসকলকো মুক্তি দিলো— দেৱতাৰো স্বৰ্গৰ সৈতে পুনৰ মিলন হওক।

প্ৰভু— তেন্তে চৰণৰ ধূলা দি পুৰী মোৰ কৃতাৰ্থ কৰাহি।

 (বাণ আগবাঢ়ি যায়, শ্ৰীকৃষ্ণ, শঙ্কৰ পাছত যায়, আন আন সকলো তাৰ পাছত “জয় ভক্ত ভগৱানৰ জয়” বুলি পাছ লয়)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )