পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৬

বলোৰাম: কি? আকৌ কি হ’ল? তোমাৰ কি যে ইচ্ছা মই একোকে বুজিব নোৱাৰো।
শ্ৰীকৃষ্ণ: অৱশ্যে এইটো ভাল ইচ্ছাই। স্বয়ং মহাকাল আহি বাণৰ পক্ষ লৈছে। প্ৰথমে আমি সন্ধিৰ কাৰণে চেষ্টা কৰাই মঙ্গল। শঙ্কৰক প্ৰসন্ন কৰি কুমাৰক অনাই শ্ৰেয়
বলোৰাম: তেন্তে এতিয়া আমি শঙ্কৰলৈ ভয় কৰিব লাগিবনেকি? আমি ইমান বীৰ্যহীন হ’লোনে? নহয়, এতিয়া তোমাৰ কোনো কথা আমি শুনিবলৈ প্ৰস্তুত নহওঁ। এতিয়া মাথোন যুদ্ধৰ বাহিৰে আমি আন একো ক’ব নোৱাৰে।
শ্ৰীকৃষ্ণ: যদি আমি এনে বিবেচনাহীন হওঁ তেন্তে দানৱৰ সৈতে আমাৰ পাৰ্থক্য কোনখিনিত? আমাৰ দম্ভ আস্ফালন অহঙ্কাৰৰ কাৰণে তেন্তে আমি আমাৰ শাস্তি নিজেই বিধান কৰা উচিত? আমাৰ তেন্তে গৰ্বী দানৱ বুলি সিহঁতৰ গৰ্ব চূৰ্ণ কৰিবলৈ অহাৰ সাৰ্থকতা কোনখিনিত?
বলোৰাম: (বহুত পৰ মনে মনে থাকি) তোমাৰ যি ইচ্ছা।
শ্ৰীকৃষ্ণ: প্ৰদ্যুম্ন আৰু সাত্যকি! যোৱা। শঙ্কৰৰ সৈতে সাক্ষাৎ কৰি কুমাৰক আমাৰ হাতত সমৰ্পণ কৰিবলৈ ক’বা। যদি সন্মত নহয় তেতিয়া মই নিজেই যুদ্ধ কৰি কুমাৰক উদ্ধাৰ কৰিবলৈ সাজু। যোৱা। (শ্ৰীকৃষ্ণ যায়গৈ)
বলোৰাম: যোৱা বাৰু, কিন্তু বৃথা চেষ্টা।

 (বলোৰাম এফালে আৰু আনবোৰে এফালে যায়গৈ।)

 


 

চতুৰ্থ দৰ্শন

 (দৈত্যপুৰীৰ সিংহদুৱাৰ। বন্দী প্ৰভৃতি প্ৰথমবোৰে দুৱাৰ ৰক্ষা কৰিছিল, ব্যোম ব্যোম কৰি নৃত্য কৰিছিল। এনেতে প্ৰদ্যুম্ন আৰু সাত্যকি আহি দুৱাৰ-মুখলৈ আগবাঢ়ে। সকলোৱে আগ ভেটি ধৰেহি। নন্দী আগবাঢ়ি আহে।)

নন্দী: সাৱধান? আৰু আগ নাবাঢ়িবা।