পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

শিলাবোৰেও যদি কান্দি কান্দি পৃথিৱী উটুৱা দিয়েহি, যদি কৈলাসবাসিনী মাতৃয়েও কাতৰ কণ্ঠেৰে অনুৰোধ কৰেহি তথাপিও যাদৱৰ অব্যৰ্থ শৰ-সন্ধানত দানৱৰ এই বিশাল বাহিনী এই কনকেৰে গঢ়া অলকাপুৰী ধূলি হৈ উৰি যাব।

(প্ৰদ্যুম্ন গুচি যায়)

শঙ্কৰ: উপযুক্ত কথা। যোৱা সাত্যকি! পাৰা যদি যুদ্ধ কৰি কুমাৰক উদ্ধাৰ সাধন কৰাগৈ। মই নিজেই দুৱাৰ ৰক্ষা কৰিম।

(শঙ্কৰ অন্তৰ্দ্ধান হয়)

সাত্যকি: যুদ্ধ অনিবাৰ্য (যায়গৈ)
 


 

পঞ্চম দৰ্শন

 (যুদ্ধক্ষেত্ৰৰপৰা কিছুদূৰত বলোৰাম আৰু প্ৰদ্যুম্ন। দূৰত ভীষণ যুদ্ধ হৈছে। শ্ৰীকৃষ্ণৰ বাণৰ সৈতে ঘোৰ প্ৰলয়কাৰী যুদ্ধ। মাজে মাজে শৰবোৰ আহি বলোৰামৰ ওচৰত উফৰি পৰিছে। মাজে মাজে একোটা মহা উৰুমি আৰু অস্ত্ৰৰ শব্দ আহি কাণত পৰিছে। বলোৰামে, প্ৰদ্যুম্নই যুদ্ধ নিৰীক্ষণ কৰি কথা-বতৰা পাতিছে। মাজে মাজে দূৰৰ পৰা শঙ্খধ্বনি আহিছে।

বলোৰাম: (দেখুৱাই) আৰু আৰু সৌৱা সৌৱা চোৱা, বাণৰ অস্ত্ৰই সকলো অস্ত্ৰ ব্যৰ্থ কৰিলে— সৌৱা চোৱা বাণে আৰু এক ভীষণ অস্ত্ৰ এৰিলে— উস্‌ গোটেই আকাশ আন্ধাৰ হৈ পৰিল, এই এই শ্ৰীকৃষ্ণই সকলো ব্যৰ্থ কৰিলে
প্ৰদ্যুম্ন: আৰু চোৱা— সৌফালে দানৱ আৰু যাদৱ সৈন্যৰ ভীষণ যুদ্ধ হৈছে— ইস্ সৌৱা যুদ্ধক্ষেত্ৰ তেজেৰে কেনেকৈ ৰাঙলী হৈ গৈছে সৌৱা তেজবোৰ ঠায়ে ঠায়ে ডোঙা বান্ধি কি ভীষণ কৰি পেলাইছে সাত্যকিয়ে আৰু প্ৰসেঞ্জিতে কি পৰাক্ৰমেৰে যুঁজিছে— চোৱা সাত্যকিৰ শৰত দানৱ সৈন্যবোৰ কেনেকৈ এফালৰ পৰা নাইকিয়া হৈ যাব লাগিছে

(ভীষণ উৰ্মি আহে)