৭৮
|
বন্দী কৰি যাদৱক উপেক্ষা কৰিবলৈ শক্তি পাইছে তেওঁলোকে নোৱাৰে যদি পাৰিব কোনে? কি কৈছা তুমি?
|
কাৰ্তিক:
|
তুমি উত্তেজিত হৈছা কিয়? আমাৰ কৰ্তব্য আমি কৰিছো। দুৱাৰ কোনোমতেই এৰি দিব নোৱাৰো।
|
সাত্যকি:
|
কাৰ্তিক! তুমি আমাৰ উদ্দেশ্য বুজাত ভুল কৰিছা। আমাৰ ইচ্ছা শঙ্কৰক এই বিষয়ে প্ৰসন্ন কৰাহে। কাৰণ অবাবত যুদ্ধ আমি কৰিব নোখোজো। তুমি বিবেচনা কৰা। দুৱাৰ এৰি দিয়া।
|
কাৰ্তিক:
|
কেনে তোমালোক? বাৰে বাৰে মই কৈছো যে দুৱাৰ এৰি নিদিওঁ। এতিয়া বিবেচনা কৰি দুৱাৰ ৰক্ষা কৰাৰ ভাৰ আমাৰ নহয়। আমি আদেশ পালন কৰিছো মাত্ৰ। তোমালোক উভতি যোৱা।
|
প্ৰদ্যুম্ন:
|
তেন্তে মোৰ গাত দোষ নাই, মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হ’ম।
|
কাৰ্তিক:
|
ইচ্ছা। দুৱাৰ এৰি নিদিওঁ।
|
প্ৰদ্যুম্ন:
|
(খঙেৰে) সাৱধান কাৰ্তিক।
|
কাৰ্তিক:
|
তুমিও সাৱধান হোৱা প্ৰদ্যুম্ন।
|
(দুয়োৰো বাহুযুদ্ধ আৰম্ভ হয়। সকলোৱে চাই থাকে। শঙ্কৰ আহি উপস্থিত হয়! দুয়ো ক্ষান্ত হয়। আৰু সকলোৱে সেৱা কৰে)
শঙ্কৰ:
|
কাৰ্তিক-নন্দী তোমালোক ইয়াৰ পৰা যোৱা।
|
(সকলোৱে সেৱা কৰি যায়গৈ।)
শঙ্কৰ:
|
প্ৰদ্যুম্ন। তোমাৰ ইয়ালৈ অহাৰ উদ্দেশ্য।
|
প্ৰদ্যুম্ন:
|
প্ৰভু। পিতাই আপোনালৈ বাতৰি পঠিয়াইছে যে যদি বাণে অনিৰুদ্ধক মুক্তি দিয়ে তেন্তে আৰু যুদ্ধ নকৰে। আপুনি নিশ্চয় অনিৰুদ্ধক মুক্তি দিয়াব পাৰে। তাক মুক্ত কৰি আমাৰ হাতত সমৰ্পণ কৰক।
|