শঙ্কৰ:
|
প্ৰদ্যুম্ন শুনা, মই বাণৰ এতিয়া দুৱাৰ-ৰক্ষক মাত্ৰ। ৰজাৰ বিচাৰৰ ওপৰত মোৰ কি হাত আছে?
|
প্ৰদ্যুম্ন:
|
নহয় প্ৰভু আপুনি ইচ্ছা কৰিলে তাক মুক্তি দিব পাৰে। প্ৰভু এই অনুৰোধ ৰক্ষা কৰক।
|
শঙ্কৰ:
|
মোৰ একো হাত নাই, তথাপি মই বাণক প্ৰশ্ন কৰি চাব পাৰো কাৰ্তিক
|
|
বাণৰ ওচৰলৈ গৈ ক যে কুমাৰক যদি মুক্তি দি শ্ৰীকৃষ্ণৰ হাতত সমৰ্পণ কৰে তেন্তে তেওঁলোকে যুদ্ধ নকৰে। বাণৰ ইচ্ছা মোক অতি শীঘ্ৰে জনা
|
(কাৰ্তিক যায়গৈ আৰু কিছুপৰ পিছত প্ৰসেঞ্জিতৰ সৈতে আহে)
প্ৰাসেঞ্জিত:
|
প্ৰভু মহাৰাজে কেতিয়াও বিনাযুদ্ধে কুমাৰক মুক্তি নিদিয়ে। তেখেতে কৈছে যদি যাদৱৰ শক্তি আছে তেন্তে নিয়ক। বিচাৰত তেওঁ অনিৰুদ্ধক দোষী পাইছে। আৰু আদেশ দিছে অবিলম্বে যাদৱবাহিনীয়ে যদি কালিলৈ প্ৰাতঃ ঊষাতে শোণিতপুৰ ত্যাগ নকৰে তেন্তে সূৰ্য উদয় হোৱাৰ আগতেই যাদৱবাহিনীক আক্ৰমণ কৰিব লাগিব।
|
শঙ্কৰ:
|
শুনিলা প্ৰদ্যুম্ন। বাৰু, তোমালোক যোৱা।
|
(প্ৰসেঞ্জিত, কাৰ্তিক যায়গৈ)
প্ৰদ্যুম্ন:
|
তথাপি মই আকৌ এবাৰ আপোনাক অনুৰোধ কৰিছো, আপুনি বাণক নিজে এই বিষয়ে কওক।
|
শঙ্কৰ:
|
প্ৰদ্যুম্ন তোমাৰ এই অনুৰোধ সম্পূৰ্ণ অন্যায় হৈছে। যি স্থলত বাণৰ অভিমত তোমাৰ আগতে সেনাপতিয়ে কৈ গ’লহি।
|
প্ৰদ্যুম্ন:
|
প্ৰভু! অপোনাৰো অন্যায় হৈছে। আপোনাৰ পৰম মিত্ৰ শ্ৰীকৃষ্ণৰ বিপক্ষে বাণৰ সৈতে যোগ দিয়াত জানো আপোনাৰ ন্যায় হৈছে?
|
শঙ্কৰ:
|
প্ৰদ্যুম্ন! মই তেন্তে এতিয়া তোমাৰ পৰা কৰ্তব্য শিক্ষা
|