পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৭৭

সাত্যকি: আমক যাবলৈ দিয়া আমি শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিম
নন্দী: অসম্ভৱ দুৱাৰ এৰি নিদিওঁ উভতি যোৱা।
সাত্যকি: কথা শুনা, দুৱাৰ মুকলি কৰি দিয়া।
নন্দী: সাৱধান!

 (এনেতে কাৰ্তিক সোমাই আহে প্ৰদ্যুম্ন ওচৰ চাপি যায়। কাৰ্তিকে বাঁট ভেটি ধৰে।)

কাৰ্তিক: কোন তুমি? ইয়ালৈ কিয় আহিছা? প্ৰয়োজন?
প্ৰদ্যুম্ন: ভালেই হৈছে কুমাৰ! তুমি নিজেই আহিলা যেতিয়া। মই যাদৱ মোৰ নাম প্ৰদ্যুম্ন। মই শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছো। মোক তেওঁৰ মন্দিৰলৈ যাবলৈ দুৱাৰ এৰি দিয়া।
কাৰ্তিক: তুমি যেয়ে নোহোৱা মই আজি দুৱাৰ এৰি দিব নোৱাৰো। মোৰ আদেশ নাই
প্ৰদ্যুম্ন: নহয় কুমাৰ! আমাৰ বৰ প্ৰয়োজন। যেনে-তেনে দেখা নকৰাকৈ যোৱাৰো আদেশ নাই।
কাৰ্তিক: কি কৰিম। তোমাৰ কি কথা আছে কোৱা, মই জনামগৈ। কিন্তু দুৱাৰ এৰা অসম্ভৱ। ই মোৰ সাধ্যৰ অতীত।
প্ৰদ্যুম্ন: (অলপ উত্তেজিত হৈ) তেন্তে সঁচাকৈয়ে তুমি দুৱাৰ এৰি নিদিয়া? বাৰু মোৰ কথা শুনা। শঙ্কৰক কৈ বন্দী অনিৰুদ্ধক মুক্তি দিব লাগে। তেতিয়া আৰু আমি যুদ্ধ নকৰো।
কাৰ্তিক: অসম্ভৱ! আমাৰ পক্ষে সেইটো অসম্ভৱ। ৰজাৰ কাম মুক্তি দিয়া বা বন্দী কৰা। আমাৰ সেইটো কাম নহয়। যাদৱ বীৰ বৰ্তমান আমি দুৱাৰ ৰক্ষাৰ বাহিৰে আন কোনো কাম কৰিবলৈ প্ৰস্তুত নহওঁ।
প্ৰদ্যুম্ন: (আৰু উত্তেজিত হৈ) কাৰ্তিক! তোমালোকে নোৱাৰা? তেন্তে পাৰিব কোনে? যাৰ অনুগ্ৰহ লাভ কৰি বাণে কুমাৰক