পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮০

কৰিব লাগিবনেকি? প্ৰদ্যুম্ন! তুমি শোকত বুদ্ধিভ্ৰষ্ট হৈছা। প্ৰদ্যুম্ন। তুমি মোৰ কৰ্তব্য কি বুজিবা?

প্ৰদ্যুম্ন: বুজিছো। শ্ৰীকৃষ্ণতকৈও আপোনাৰ ভক্ত ডাঙৰ হ’লনে?
শঙ্কৰ: হাঃ হাঃ। তুমি বুজিব নোৱাৰা। প্ৰদ্যুম্ন। তুমি উভতি যোৱা।
প্ৰদ্যুম্ন: নহয় প্ৰভু। আপুনি অনিৰুদ্ধক মুক্তি দিয়ক।
শঙ্কৰ: আকৌ দেখোন তুমি অন্যায় অনুৰোধ কৰিলা প্ৰদ্যুম্ন। সম্পূৰ্ণ অন্যায়।
প্ৰদ্যুম্ন: নহয় নহয়, সি সম্পূৰ্ণ ন্যায়। আপোনাৰ তাক মুক্তি দিবৰ ক্ষমতা আছে। তাক মুক্তি দিয়ক। প্ৰভু। তাক মুক্তি দিয়ক।
শঙ্কৰ: প্ৰদ্যুম্ন। প্ৰদ্যুম্ন। তুমি একেবাৰেই বুদ্ধিভ্ৰষ্ট হৈছা। বীৰ্যৱান ক্ষত্ৰিয় বীৰৰ মুখত এনে কথা শোভা নাপায়। প্ৰদ্যুম্ন। তুমি যাদৱৰ গৌৰৱত কলঙ্ক সানিছা। বৰ লাজৰ কথা। যাদৱ ইমানেই বীৰ্যহীন হৈছেনে? অসিত ধাৰ নোহোৱা হৈছেনে? বাহুত শক্তি নোহোৱা হৈছেনে? যুদ্ধ কৰিবলৈ আহি— নহয়, তুমি যাদৱ বুলি চিনাকি নিদিবা— ক্ষত্ৰিয় বুলি নক’বা। বীৰৰ সমাজত আৰু কেতিয়াও মুখ নেদেখুৱাবা।
প্ৰদ্যুম্ন: প্ৰভু! সঁচা কথা কৈছে। আমি এতিয়াও যাদৱ, এতিয়াও ক্ষত্ৰিয়বীৰ, এতিয়াও আমাৰ শৰৰ অব্যৰ্থ সন্ধান। কেৱল অবাবত যুদ্ধ হয় বুলি, বাণ বিবেচক বুলি, মাত্ৰ আপোনাৰ আগত সন্ধিৰ প্ৰস্তাৱ। ভাল কথা। দানৱে যাদৱক চিনিব পাৰিব। প্ৰসেঞ্জিতৰ আক্ৰমণৰ অপেক্ষা নকৰি যাদৱ বাহিনীয়ে শোণিত আক্ৰমণ কৰিব। আমাৰ গাত আৰু দোষ নাই প্ৰভু! তেন্তে চাওক আপোনাৰ বাণাসুৰৰ ৰাজ্য কি হয়। একোতেই ৰক্ষা নাই। বসুমতীয়েও যদি আউলি-বাউলি হৈ চৰণত লটি খাই পৰেহি— শোণিতৰ অভ্ৰভেদী ৰাজপ্ৰাসাদৰ