পৃষ্ঠা:লাহৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮৬
লাহৰী

ভাৱে চাব। ইমান দিনে নো কত প্ৰকাৰৰ কত প্ৰেমালাপ হৈ গল, তাৰ সীমা-সংখ্যা নাই। মুঠতে, কবলৈ গলে, লাহৰী-কমলৰ অন্তৰৰ প্ৰেম-নিজৰা পৃথিবীৰ নাগফুটা নিজৰাৰ দৰে অক্ষয়। আন কি, সেইবাবে আজৰিৰ অভাৱত কমলে ইমান দিনেও লাহৰীক নিজৰ ঘৰৰ কথা আৰু বিপদৰ কাহিনীও ভালকৈ ভাঙ্গিপাতি কবলৈ ছেগ পোৱা নাই। ইয়াৰ ভিতৰতে এদিন লাহৰী-কমল দুয়ো আন দিনৰ দৰে পুখুৰী-পাৰত ফুলনিৰ মাজে মাজে ফুৰি কথা পাতি ফুৰিছে, এনেতে গাঁৱৰ আন লৰা-ছোৱালী আহি উপস্থিত। লাহৰী-কমল পুখুৰীৰ সিপাৰে আছিল। তেওঁবিলাকে লৰা-ছোৱালীবিলাকৰ ওচৰলৈ ঘূৰি আহোঁতে পুখুৰীৰ মাজত ফুলি থকা পদুম এপাহীত লাহৰীৰ চকু পৰিল। লৰাবিলাকৰ ওচৰ চাপিলত লাহৰীয়ে ফুলপাহ আনি দিবলৈ ইটো-সিটোক খাটনি কৰিবলৈ ধৰিলে। সিহঁতৰ ভিতৰতে আমাৰ ধনবৰো আছিল। ধনবৰে তেওঁৰ গাত এনেটি কামৰ ভাৰ পৰে বুলি, ছেগ বুজি, নুশুনাৰ ভাৱ জুৰি, আঁতৰি আঁতৰি পুখুৰীৰ সিপাৰ পালেগৈ। বাকী লৰাবিলাকৰ ভিতৰত কোনোৱে “সাঁতৰিব নেজানোঁ”, কোনোৱে ‘চুৰিয়া তিতিব’, কোনোৱে ‘গধূলি পানীত তিতিলে আইয়ে খং কৰিব’ এনেবোৰ আপত্তি কৰি কোনো ফুল আনিবলৈ নোলাল। পিচে, লাহৰীয়ে অসন্তোষ মনেৰে কমলৰ ফালে চালে। কমলে ততালিকে গাৰ চোলাটি সোলোকাই লাহৰীৰ হাতত দি, সাঁতৰ মেলি গৈ, এটি কলিৰে সৈতে ফুলপাহ ছিঙ্গি লৈ, আকৌ এহতীয়া সাঁতৰ দি পাৰ উঠিলহি; আৰু হাঁহি হাঁহি ফুলপাহ কলিটিৰে সৈতে লাহৰীৰ হাতত দিলেহি। পিচ-মূহূৰ্ততে লাহৰী-কমল আনন্দত সেই ফুলৰ দৰেই ফুলি উঠিল! কমলে আজি “কছাৰি-ৰণত” জিকি অহা হলেও ইমান আনন্দ আৰু গৌৰৱ ৱোধ নকৰিলেহেঁতেন কি জানি। লাহৰীৰ অপাঙ্গত আনন্দাশ্ৰু চল্‌চলীয়া হৈ উঠিল! কমলৰো সেই একে আবেগতে মন-প্ৰাণ বিগলি পৰিল! কিন্তু, কমল আৰু সৰহ পৰ ৰব নোৱাৰিলে, বেগাবেগিকৈ