পৃষ্ঠা:লাহৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭। আধ্যা ।
লাহৰী-কমল ৷

 আমি, ছেগ বুজি, আকৌ লাহৰী-কমলৰ ওচৰলৈ যাওঁ। সেই দিনা ফুলনিত লাহৰীয়ে কমলক প্ৰথম অময়া প্ৰেমৰ আবেগেৰে মোহ লগাবৰেপৰা লাহে লাহে দিনো বাঢ়ি আহিছে আৰু তাৰ লগে লগে সেই মোহ ক্ৰমাৎ ডাঠ্ হৈ আহিবলৈ ধৰিছে। লাহৰীয়ে অকল কমলক মোহ লগাই,তেওঁক নিজৰ ইচ্ছা মতে টনাঢিলোৱা কৰি ৰং চোৱা নাই, ⸺লাহৰীয়ে সেই দিনাই নিজৰ ডিঙ্গিতো সেই মোহৰ ফাঁহ লগাই কমলৰ ডিঙ্গিত আঁটি দিছে । সেই গাঁঠি ক্ৰমাৎ দৃঢ় হৈছে বুলিও, সি চোঁচনী-গাঁঠি হে; টানিলেই চোঁচা খায় আৰু এৰি দিলেই ঢিলা হৈ পৰে। এতিয়া দুয়ো ওচৰা-উচৰি হৈ আছেমানে একো বিপদৰ আশঙ্কা নাই। কিন্তু, এটিৰ পৰা আনটিয়ে আঁতৰি যাব লগাত পৰিলে, বা কোনোবা শতুৰুৱে বলেৰে ধৰি দুইকো দুফালে আঁতৰাই নিব লাগিলে, এটিও নাবাঁচে; টেঁটু-চেপা লাগি দুইটি দুফালে হানি হব ! অহঃ শতৰুৱেই হল লাগে, এনে দুটি প্ৰাণীৰ অন্ত পেলাবলৈ নো কাৰোবাৰ সত যাব নে? কাৰ নো এনে শিলাময় হিয়া আছে যে, এনে দুটি সুন্দৰ মূৰ্ত্তিক দেখি অলপো নপমিব ? যি এনে নিকৰুণ কাম কৰিবলৈ আগ বাঢ়িব, সি যে নিয়ন্তাৰ ওচৰত ঘোৰ অপৰাধত অপৰাধী হব । সৃষ্টিকৰ্তাই যে এই দুটি প্ৰাণীক স্ৰজোঁতে বহু পৰিশ্ৰম কৰিলে; আৰু বহু কষ্ট সহিলে ৷ আৰু, শতৰু হবলৈকো,