পৃষ্ঠা:লাহৰী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮৭
লাহৰী।

তিতা কাপোৰ সলাবলৈ ঘৰলৈ যাব লগা হল। কমল ঘৰলৈ গল, কিন্তু তেওঁৰ চেনেহৰ চিন্, —তেওঁ পৰম উলাহেৰে পানীৰপৰা তুলি আনি দিয়া কমল-কলি-ফুল লাহৰীৰ হাততে ৰল। লাহৰীয়ে চকুৰে দেখালৈকে পিচৰপৰা কমলক একেঠৰে চাই আছিল; নেদেখা হলত, হাতৰ ফুল-কলিকে ঘনে ঘনে সুঙ্গিবলৈ ধৰিলে। কলিটি আৰু ফুলটি তেওঁ যিমান বাৰ সুঙ্গে, সিমানবাৰ কমলৰ সৌৰভে লাহৰীৰ হিয়া আমোলমোল্ কৰে; কলিটিক যিমানবাৰ তেওঁ চুমা দিয়ে, সিমানবাৰ কমলৰ ভাবেৰে লাহৰীৰ অন্তৰ ভৰপূৰ হয়। আজি ফুলটিৰ ভাগ্য যে, কমলৰ কোমল হাতেৰে ছিঙ্গা পৰিল; নহলে লাহৰীৰ জেতুলীপকা যেন ওঁঠৰ অমিয়া পান কৰিবলৈ সি নাপালেহেঁতেন। কলিটিৰ সৌভাগ্য যে, আজি সি লাহৰীৰ হাতত কমলৰ উপহাৰ হবলৈ পালে; নহলে এই জন্মত তাৰ ইমান গৌৰৱ নাবাঢ়িলেহেঁতেন। দেহি ঐ, লাহৰীয়ে যেন ফুলটি হাতৰপৰা নেৰিবই! পদুম কলিটি যেন লাহৰীৰ অন্তৰঙ্গ হে, —সি আঁতৰিলেই যেন বুকুৰ উত্তমাঙ্গ সৰি পৰে! সঁচাকৈয়ে, পিচদিনা আকৌ কমলৰে সৈতে মিলন নোহোৱালৈকে পদুম কলিটি লাহৰীৰ বুকুৰ ধন হৈয়ে আছিল। বুকুতে ফুলি তাৰ এপাহি সৰিলেই যেন লাহৰীৰ হিয়াৰ এচিকটা এৰাই যায়! পাহীটি লেৰেলিলে যেন লাহৰীৰ প্ৰাণটিও অন্তৰতে শুকাই যায়!

 পিচদিনা আবেলিপৰত ফুলপাহ আঁচলৰ আগত মেলি লৈ পুখুৰীপাৰত লাহৰী বহি আছে, এনেতে পিচফালৰপৰা কোনোবাই মনে-মনে লাহৰীৰ চকু দুটি মুদাই ধৰিলেহি। লাহৰী পোনেই উচাপ্ খাই উঠিছিল, পিচে পিচমুহূৰ্ততে সেই মনচোৰৰ আঙ্গুলি কিটিৰ পৰশন অনুভৱ কৰি, লাহৰীয়ে আনন্দত খল্‌খলাই হাঁহি উঠি কবলৈ ধৰিলে, “বুজিছোঁ, কমল, কমল”৷ কমলে চাঁত্‌কৰে হাত-এৰা দি সুধিলে, “কেনেকৈ বুজিলাঁ মই বুলি লাহৰী?”