পৃষ্ঠা:লাহৰী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮৫
লাহৰী

প্ৰেমৰ এয়ে বিশেষত্ব। যি জনে সঁচাকৈয়ে এনে অময়া-প্ৰেমত পৰে, তেওঁক প্ৰেম-দেবীয়ে জয়ে-জয়ে আদৰেৰে ইয়াকে হে বঁটা দিয়ে। কিন্তু, যি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰেম কৰে, যি ভালপোৱা পাবৰ আশাৰে ভালপোৱা দিয়ে, যি নিজৰ উদ্দেশ্য সিদ্ধিৰ নিমিত্তে সঁচায়-মিছায় বাৰবুৰি কথা জুকিয়াই লয়, বা আনৰপৰা শিকি লয়, তেনে কৃত্ৰিম প্ৰেমিকৰ প্ৰেমালাপ সীমাবদ্ধ। তেনে প্ৰেমিকৰ হিয়া উদং, তেনে প্ৰেম দুদিনীয়া আৰু তাৰ পৰিণাম সততে শোচনীয়। তেনে প্ৰেমক কৃত্ৰিম আৰু স্বাৰ্থপৰ প্ৰেম বোলা যায়। মনৰ মিল আৰু প্ৰাণৰ মিলনে লাহৰী-কমলৰ দিনে দিনে তেনে নতুন ভাব, নতুন কথা, নতুন লাহ-বিলাহ ভাল পৰিমাণে বঢ়াবলৈ ধৰিলে। দিন বাগৰি সপ্তাহত পৰিল, সপ্তাহ বাগৰি মাহত পৰিল, মাহ বাগৰি বছৰত পৰিল; আৰু তেনে বছৰো কেইবাটাও পাৰ হল। এতিয়াও নিতে নিতে নতুন ভাব, নতুন লাহ-বিলাহ! বছৰৰ লগে লগে আমাৰ লাহৰী-কমলৰ বয়সো বাঢ়িল; এতিয়া লাহৰীৰ বয়স পোন্ধৰ বছৰত আৰু কমলৰ বয়স কুৰি বছৰত সোমাইছেহি। আৰু, বয়সৰ লগে লগে প্ৰণয়ৰ মোহ ক্ৰমাৎ ডাঠ্ হবলৈ ধৰিছে। কথা-বাৰ্ত্তা, ভাব-গতি সকলো আগতকৈ ৰসাল আৰু সাৰুৱা হৈ আহিছে। বয়স-বাৰিষা পাই পবিত্ৰ প্ৰেম-নৈৰ মিলন সোঁতে খৰতৰ গতি ধৰিছে।

 এই দৰে সদায় পৱিত্ৰ প্ৰেম-নৈৰ নিৰ্ম্মল পানীৰ সোঁতত ভাহিবলৈ পাই লাহৰী-কমলৰ সুন্দৰ মূৰ্ত্তি দিনে দিনে দুগুণ জেউতিৰে ফুলি আহিবলৈ ধৰিলে। ইটিৰ ৰূপত সিটিয়ে, সিটিৰ ৰূপত ইটিয়ে মোহ গৈ বিভোল হবলৈ ধৰিলে। আন কি, এই দুটি প্ৰাণীক একেলগে দেখিলে, ছমহীয়া ৰোগীয়েও বিষম ৰোগৰ মৰ্ম্মান্তিক যন্ত্ৰণা পাহৰি এবাৰ মূৰ দাঙ্গি চাব খুজিব। দুইটিকে পুখুৰীপাৰৰ জোপাৰ মাজত বহি প্ৰেমালাপ কৰা দেখিলে, মহা প্ৰেমিক ডালৰ কপৌ-কপৌৱনীয়েও নিজৰ প্ৰেমক হেয় জ্ঞান কৰি ঈৰ্ষা