লাহৰী-কমলে নো কাক কি কৰিছে? ⸺কাক নো কেতিয়া আমনি কৰিছে? লাহৰী-কমলে দেখোন কাৰো ঘৰলৈ নাযায়, কাকো এটা বঢ়া-বচন নোবোলে, কাকো বেজাৰ পোৱা কথা এটি নকয়, কাৰো লগত কন্দল নকৰে, কাৰো কেতিয়াও অহিত নিচিন্তে। বৰঞ্চ, সিবিলাকে দুখীয়াৰ দুখত পুতৌ কৰে, নিচলাৰ শোকত শোক কৰে, বেজাৰ কৰা মানুহৰ লগত বেজাৰ কৰে; আৰু পৰাখিনিত তেনে দুখ, শোক আৰু বেজাৰ গুচাবলৈ হে যত্ন কৰে । তেন্তে নো এই পৃথিবীত লাহৰী-কমলৰ কোন্ শত্ৰু আছে? ⸺নাই, এই জগতত লাহৰী-কমলৰ শত্ৰু নাই ! কমল হেন এটি সুন্দৰ উঘা ভাঙ্গোতাও নাই আৰু সেই উঘাত মেৰ খাই থকা নিৰ্ম্মল প্ৰেমৰ লাহৰী-সূতা ছিঙ্গোতাও নাই। আমি তেন্তে লাহৰী-কমলৰ বিপদৰ ভাবনা এৰি পেলাওঁ। তেওঁবিলাকে নিজৰ ইচ্ছামতে যিমান পাৰে সিমান আগুৱাওক; তেওঁবিলাকে সেই অময়া প্ৰেমৰ মোহ যিমান পাৰে, সিমান ডাঠ্ কৰোক, তাত আমাৰ অকণো ভাবনা নাই ।
যেই-সেই কথাতে কমল বৰ থিৰ। পঢ়াশালিত নাম লগাবৰেপৰা কমলে যেনেকৈ এদিনো পঢ়াশালিলৈ যোৱা খতি কৰা নাই, লাহৰীৰ ওচৰত "সদায় আহিম" বুলি কোৱা দিনৰেপৰা লাহৰীহঁতৰ ঘৰলৈকো তেওঁ এদিনো নহাকৈ থকা নাই। লাহৰী-কমলৰ নিতৌ নতুন ভাব,নতুন কথা, নতুন উলাহ। এনে কোমল বয়সত নো লাহৰী-কমলে কেনেকৈ ইমান নতুন ভাব, নতুন কথা লৈ নিতে নিতে নতুন ভাৱে উমলিব জানিছিল, তাক সহজে বুজা টান। তাৰ কাৰণ হৈছে, প্ৰেমে যেই-সেই মানুহৰে মন-প্ৰাণ প্ৰেম-কথা প্ৰেম-ভাবেৰে সাৰুৱা কৰি থয়। যি প্ৰকৃততে আৰু সৰল ভাৱে নিস্বাৰ্থ প্ৰেমত পৰে; সি আৰু তেনে প্ৰেম-কথা প্ৰেম-ভাব বিচাৰিবৰো আৱশ্যক নকৰে আৰু কাৰো ওচৰত তেনে কখা, তেনে ভাব শিকিবও নালাগে । অকৃত্ৰিম আৰু নিস্বাৰ্থ