পৃষ্ঠা:লাহৰী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮৮
লাহৰী ৷

 লাহৰী।—এনেকৈয়ে বুজিলোঁ। আঙুলিকিটিৰ উমানতে ধৰিলোঁ। দেখা পোৱা হলে নাই, দেই।

 কমল।—উমানতে নো কেনেকৈ ধৰিলাঁ মই বুলি?

 লাহৰী।—তেনেকৈয়ে ধৰিলোঁ। তোমাৰ আঙ্গুলিকিটি চুই মই উমানতে কব পাৰোঁ নহয়, তুমি বুলি।

 কমল।—(অলপ পৰ লাহৰীৰ মুখলৈ মোহ লাগি চাই থাকি) ময়ো বুজোঁ, লাহৰি, তোমাৰ মুখখনি চায়ে তোমাৰ অন্তৰখনি বুজোঁ! পিচে, তুমিচোন কালিৰ সেই লেৰেলা ফুলপাহকে লৈ আছাঁ? নতুন এপাহ লাগে নেকি? আনি দিম নে?

 লাহৰী।—নালাগে কমল, নালাগে আনিবগৈ।

 সেই বুলি কমলৰ মুখলৈ চাওঁতেই লাহৰীৰ চকু চল্‌চলীয়া হৈ উঠিল। নিমিষতে দুগালে দুধাৰি মুকুতা-পানী ববলৈ ধৰিলে। কমলে দেখি বিতত্ হৈ সুধিলে, “কিয়, লাহৰি! কিয় কান্দিছাঁ?” লাহৰীয়ে ততালিকে উত্তৰ দিলে, “নাই কন্দা, কমল! এনেয়ে চকু-পানী ওলায় দেখোন?” কমলে আকৌ সুধিলে,“এইটো ফুল লেৰেলিছে; আন এটা আনি দিওঁ, দেই?” লাহৰীয়ে উত্তৰ দিলে, “নালাগে, কমল, আবেলি-বেলিকা তোমাক এইদৰে তিতি জুৰুলি হোৱা দেখিবলৈ মই ভাল নাপাওঁ। এই লেৰেলা ফুলটিয়েই তুমি নহালৈকে মোৰ মানত সৌ নতুনকৈ ফুলি থকা কেইটাতকৈয়ো তেজা হে আছিল। অ, কমল, তুমি নো এনেকৈ সাঁতৰিবলৈ কেতিয়া শিকিলাঁ?

  সেই প্ৰশ্ন শুনি কমলে অলপ জিকাৰ খাই উঠি লাহৰীৰ মুখৰ ফালে চাই ঠৰ্ হৈ ৰল; আৰু পিচ-মুহূৰ্ত্ততে বিষাদ ডাৱৰে কমলৰ মুখ-চন্দ্ৰ ঢাকি পেলালে! সেই মুহূৰ্ত্তৰ কাৰণে ফুলনিত লাহৰী-পোহৰ নাইকিয়া হল! তাৰ পাচত, কমলে লাহৰীক বিচূৰ্ত্তি হোৱা যেন দেখি,এটি দীঘল হুমুনিয়াহ