পৃষ্ঠা:লাহৰী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০৩
লাহৰী ৷


বাতুল হলেও, মুহূৰ্ত্তলৈ মাথোন; কমলে ততালিকে আকৌ স্থিৰ হৈ কবলৈ ধৰিলে,“লাহৰি, লাহৰি, স্থিৰ হোৱাঁ। এতিয়া ব্যাকুল হলে কি হব! মোৰ বহুত কথা সুধিব লগীয়া আছে। মই আৰু ইয়াত সৰহ পৰ থাকিব নোৱাৰিম; আইতাই দেখিলে তোমাক আকৌ খং কৰিব।” লাহৰীয়ে অলপ পৰ টলকা মাৰি থাকি কমলৰ কথা বুজিব পাৰিলে; বুজিলে, কিন্তু,তেতিয়াও ভালকৈ কথা পাতিব পৰা হোৱা নাই। তথাপি, কমল যে ফুলনিত সৰহ পৰ ৰব নোৱাৰিব, সেই কথা লাহৰীয়ে ভালকৈ বুজি উঠিলে । সেই কাৰণে, পাৰ্য্যমানে ধৈৰ্য্য ধৰি, ভগা-ভগা মাতেৰে লাহৰীয়ে কবলৈ ধৰিলে,“কমল, মোৰ প্ৰাণ, মই থিৰ হৈছোঁ, মোক নো কি কথা সুধিব খুজিছা সোধাঁ। মোৰো বহুত কথা কবলগীয়া আছে। পিচে, কমল, এই অলপ সময়ৰ ভিতৰত কিনো কম !”

 কমল।—“এৰা, এনে অৱস্থাত আমাৰ একো কোৱা নহব। বাৰু, মই এটা উপায় দিওঁ;—তুমি যদি উপায় কৰিব পাৰাঁ, তেন্তে চিঠিৰেই মোক সকলো কথা জানিবলৈ দি থাকিব পাৰিবাঁ।”

 লাহৰী।—“এৰা, হয়, ঠিক, বৰ ভাল উপায়, এই পাৰিম- ”

 কমল।— (ইফালে সিফালে চাই) “বাৰু, তেন্তে মই যাওঁ এতিয়া, লাহৰি। মোৰে শপত, তুমি এই দৰে বাউলীটি হৈ নাথাকিবাঁ দেই। নিয়তিৰ নীতি অবশ্য ফলিয়াব।

 এই কেইষাৰ কথা কৈয়ে কমল লৰালৰিকৈ আঁতৰ হল। কমলৰ শেহৰ কথাকিটি লাহৰীৰ মনত বৰকৈ লাগিল; তাকে তেওঁ টলকা মাৰি গুণিবলৈ ধৰিলে।