পৃষ্ঠা:লাহৰী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯ ৷ আধ্যা ৷
বিৰহ ৷

 বছেৰেকৰ ছটা ঋতুৰ মাজত বসন্ত ঋতুৱেই সবাত্‌কৈ শুৱনি আৰু মনোহৰ। সেই কাৰণে, এই ঋতুকে ঋতুৰাজ বোলা যায়। এই ঋতু ফাগুণ মাহৰপৰা আৰম্ভ হৈ চ'ত মাহৰ সামৰণিলৈকে থাকে। সেই সময়তে প্ৰকৃতি দেবীয়ে নতুন সাজ পিন্ধি মনমোহা শোভা ধৰে। আৰু, ফাগুণ-চ'ত দুমাহ উলাহ মনেৰে নানা তৰহৰ ৰং-ধেমালি দেখুৱাই চ’তৰ শেহত পুৰণি বছৰক বিদায় দিয়াই লৈ যায় আৰু নতুন বছৰক আদৰি পঠিয়ায়গৈ। এই ঋতুত বনৰ চৰাই,পহু আৰু সকলো জীৱ-জন্তু মনৰ আনন্দত উলাহিত হৈ ফুৰে। এই ঋতুত মানুহেও বছৰৰ দুখ-ভাগৰ সকলো পাহৰি মনৰ আনন্দত উধাও হৈ ফুৰে। আৰু, এই ঋতুত গছ-গছনিবোৰে নতুন পাত-চোত্ ধৰি সুন্দৰী স্বভাৱৰ মনমোহা শোভা আৰু মনোহৰ কৰে। এই সময়তে প্ৰকৃতিৰ ৰীতি-নীতি অনুসৰি ফুল-কুঁৱৰীয়েও নিজৰ ফুলনি সজাই জক্‌মকীয়া কৰে।— আজি সেই মনোময় ফাগুণ আৰু চ'তৰ দোমাহী। আজি সেই মনোময় বসন্ত ঋতুৰ ভৰপক্। আজি সেই বসন্ত ঋতুৰ সকলো শোভা যিমান বাঢ়িব পাৰে সিমান বাঢ়িছে। ইচ্ছাময়ৰ ইচ্ছা, প্ৰকৃতিৰ নিৰ্দ্দেশ; স্বভাৱৰ গতিক আৰু কোনে হকা-বধা কৰিব পাৰে ! গতিকে,কীৰ্ত্তিনাথ গোহাঞিৰ পুখুৰীপাৰৰ সুন্দৰ ফুলনিয়েও আজি মনোহৰ শোভা ধৰিছে। পুখুৰীৰ চাৰিও পাৰে নানা তৰহৰ ফুল ফুলি ফুলনি জক্‌মকীয়া হৈছে। জোপাৰ সৰু সৰু