পৃষ্ঠা:লাহৰী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৮
লাহৰী ৷


ধুনীয়া গছ-গছনিবোৰ নতুন কুঁহিপাত মেলি আৰু ৰঙা ৰঙা পাণৰ মাহীবোৰে কুমলীয়া পাত ধৰি সেই শোভাৰ অনুপম জেউতি চৰাইছে। মাজে মাজে সুমথিৰা টেঙ্গা একোজুপিয়ে দুটি-চাইটি ৰঙা ৰঙা সুম্‌থিৰাৰে সৈতে অতি বিতোপন শোভা ধৰিছে। তাতে, আবেলি-বেলিকা; পছিম ফালৰ ৰঙা ৰ’দ পৰি গছ, ফুল আটাইবোৰ হেঙ্গুলীয়াকৈ জক্‌মকীয়া কৰি তুলিছে। দূৰৈৰপৰা চাই পঠিয়ালে এনে হে লাগে, যেন আন্ধাৰ-পোহৰৰ সন্মিলনত আলৌকিক নিয়মেৰে দীপান্বিতাৰ চাকি হে জলিছে! সৰহ পৰ চাই থাকি আন ফানে চকু ঘুৰালে গোটেইখন ধুঁৱলি-কুঁৱলী যেন লাগে। তদুপৰি, ৰিবৃৰিবীয়া মলয়া বতাহে গা-মন শাঁত কৰি নিছে। সেই অনুভৱত মন-প্ৰাণ পমি যোৱা দি গৈছে ! গোলাপ, মালতী, যুতি ইত্যাদি ফুলৰ গোন্ধ উৰি বাটৰুৱা মানুহৰো মন-প্ৰাণ শীতল কৰি তুলিছে। পাঠক, এনে সুখৰ সময়ত এই ফুলনিৰ ফুলকুঁৱৰী আমাৰ শান্তিময়ী লাহৰীৰ ফালে চাওক। লাহৰীৰ কি হৈছে?—আজি দেখোন লাহৰীয়ে ফুলনিৰ এনে অনুপম শোভালৈকো পিঠে দিছে। আজি দেখোন এনে নিৰ্মল মলয়া বতাহতো লাহৰীৰ গাত চাটিফুটি লাগিছে। আজি দেখোন বাটৰ মানুহক মুগ্ধ কৰা ফুলৰ গোন্ধেও লাহৰীৰ ওচৰ চাপিব পৰা নাই। লাহৰীয়ে ইফালে-সিফালে হাত-ভৰি মাৰি চাটিফুটি কৰিব লাগিছে! চুলি তুলি মেলি লাহৰী বাউলীটি হৈছে। কান্দোতে কান্দোতে পদুম ফুলৰ পাহি যেন চকুৰ পাহিয়ে কেঁহেৰাজৰ বৰণ ধৰিছে ! আজি নো আনন্দময়ী লাহৰীৰ এনে বিপৰীত দশা কিয়? আন দিন হে লাহৰীয়ে নুফুলা ফুলকো এটি চুমা দি আহেগৈ! আন দিনা যে লাহৰীয়ে ফুলনিত সোমায়েই ফুলৰ ওচৰে ওচৰে গোন্ধ বিচাৰি ফুৰে। আজি দেখোন বতাহী কটকীয়ে যাছি দিয়া গোন্ধকো লাহৰীয়ে নিলগাই পেলাইছে! আজি আৰু লাহৰীৰ মনত একোকে ভাল নালাগে; শোকে, বেজাৰে হেঁচা মাৰি ধৰি লাহৰীক তলৰপৰা ওপৰলৈ মূৰ তুলিব নোৱাৰা কৰিছে। কেতিয়াবা অলপ