কমলৰে সৈতে আগৰ দৰে কথাবাৰ্ত্তা নাপাতিবলৈ। পাঠক, ইয়াতকৈ নো আৰু লাহৰীক বেজাৰৰ কি ডাঙৰ কাৰণে পাব পাৰে! সেই আদেশ শুনা মাত্ৰকে লাহৰীক চাৰিওফালৰপৰা শোক, বেজাৰ আৰু বিপদৰ ভয়ঙ্কৰ মূৰ্ত্তিয়ে দেখা দিলেহি। সেই মুহূৰ্ত্তৰেপৰা আৰু দিনক দিনে লাহৰীৰ শোক, বেজাৰ
আৰু বিপদ বাঢ়ি হে আহিবলৈ ধৰিছে। যি লাহৰীয়ে কমলক সদায় চকুৰ আগতে পাবলৈ বিচাৰে, যি লাহৰীয়ে কমলক নেদেখাকৈ থাকিলে এপৰ বেলিকে এবছৰ যেন অনুভৱ কৰে, আজি ছদিন কমলক নেদেখাকৈ তেওঁ কেনেকৈ আছে! পঢ়াশালি ভাগিবৰ সময় হলেই, লাহৰীক বেজাৰে হেঁচি ধৰেহি, চকুৰ পানীয়ে বাট নেদেখা কৰে; আন উপায় নাপাই বাৰীৰ পিচফালে গৈ লাহৰীয়ে হেঁপাহ পলুৱাই কান্দি হে তৰণি পায়; তাৰ পাচত আৰু ঘৰত থাকিব নোৱাৰি পুখুৰীপাৰৰ ফুলনিত শোক-বেজাৰৰ দুৱাৰ মেলি
দি একেবাৰে বাউলীটি হৈ বহি থাকেগৈ। হাঁয়, কালৰ কি বিচিত্ৰ গতি ! যি ফুলনি লাহৰীৰ সুখৰ ঠাই, সেই ফুলনি আজি এনে দুখৰ কাৰণ হৈ উঠিল; সেই ফুলনিত লাহৰী আজি এনে বাউলী হব লগাত পৰিল। কিন্তু অকল সেয়ে নহয়, বিপদৰ উপৰি আৰু বিপদ !—লাহৰীৰ দেউতাক আৰু আইতাকে সেই দিনা বিয়াৰ মন্ত্ৰণা কৰোঁতে লাহৰী টোপনি যোৱা নাছিল; দেউতাকে নো কি কথা কয়, তাকে শুনিবৰ মনেৰে মিছাকৈয়ে তেওঁ টোপনিৰ ভাও জুৰি আছিল। লাহৰীয়ে সেই দিনাৰ ৰাতিৰ মন্ত্ৰণা সকলো শুনিলে; শুনি, লাহৰীয়ে যাচি কিল খোৱৰ দৰে আপোনা-আপুনি বিপদৰ উপৰি বিপদ চপাই ললে! আগেয়ে বিৰহ-চেপাত তৰণি নাপাই চাটিফুটিকে কৰিব পাৰিছিল, এতিয়া নিশাৰ চেঁচুক সোঁতত উটি ঠেৰেঙ্গা লাগি লাহৰী একেবাৰে জঠৰ হৈ পৰিল। বিপদ অকলে কেতিয়াও নাহে হয়, কিন্তু সুকোমল
লাহৰীৰ পক্ষে সেই নিয়ম লৰিব লাগিছিল! লাহৰীয়ে ইমান দিনলৈকে বিপদৰ ছঁয়াটোকো দেখা নাছিল । প্ৰথম বাৰ তাৰ আভাস পাওঁতেই যে লাহৰী
পৃষ্ঠা:লাহৰী.pdf/৬২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২০০
লাহৰী
