পৃষ্ঠা:লাহৰী.pdf/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২০১
লাহৰী

আশঙ্কাতে একেবাৰে অস্থিৰ হৈছিল; আজি বিপদৰ উপৰি ভয়ঙ্কৰ বিপদ উপস্থিত! ইমানত নো লাহৰীয়ে কেনেকৈ স্থিৰ থাকে ! লাহৰীৰ কুমলীয়া হিয়াই যে এতিয়া ছিঁৰাল-ফটা দিব! এতিয়া নো বাৰু লাহৰীৰ সৰল হৃদয়-পটৰপৰা কমল ছবিটি এৰুৱাই অনা সস্তৱ নে? এই ছবিটি যে লাহৰীৰ নিৰ্ম্মল হিয়াত থাপনা কৰা আজি ভালেমান দিন হল। তাতে বহুত দিন থাকি থাকি যে ছবিটিও লাহৰীৰ হিয়াত লিপিতখাই লাগি ধৰিল। এতিয়া আৰু সি লাহৰীৰ নিজৰ গাৰ অঙ্গ হোৱাদি হল। এতিয়া ছবিটি টানি এৰুৱাব খুজিলে যে লাহৰীৰ কুমলীয়া হিয়া ফাটি-ছিটি যাব। অহঃ, লাহৰীয়ে সেই ৰাতি নিজ কাণে বিপদৰ কথা শুনিবলৈ পালে! ছবিটি এৰুৱাওঁতে যে দুখ পাব আৰু লগতে হিয়া বিদৰি যাব, লাহৰীয়ে আজি সেই ভাবনাত কন্দা নাই; এৰুৱাওঁতে যে ছবিটিও ফাটি-ছিটি নাশ পাব, সেই ভয়ে হে লাহৰীক এনে বাউলী কৰি তুলিছে। সেই কাৰণে হে আজি বসন্ত ঋতুৰ ভৰপকৰ দিনা আদৰৰ ফুলনিত ফুলি থকা ফুলবোৰৰ প্ৰতিও লাহৰীৰ এনে বিৰাগ ভাব উপস্থিত !

 এই দৰে বাউলীটি হৈ কান্দি কান্দি দেখোন লাহৰী হঠাতে আকৌ সেই পোনেই টলকা মাৰি ৰল; আৰু তাৰ পাচত, কি জানো, কি কথা মনত লৈ গিৰিপ্ কৰে উঠি থিয় হল। অলপ পৰ ইফাল-সিফালকৈ চাই, তাৰ পাচত হাত দুখনি বুকুৰ উপৰ পাতি লৈ দেখোন লাহৰীয়ে মিচিকিয়া হাঁহি মাৰি লাহে লাহে খোজ লৰাবলৈ ধৰিলে। চঁক খাই লৰ ধৰাৰ দৰে তাৰপৰা লাহৰীয়ে লৰি গৈ ফুলি থকা ফুল কেইজুপিৰ কাষ চাপিলেগৈ। তাৰ পাচত,আগৰ দৰেই প্ৰত্যেক জুপি ফুলৰে এপাহি-দুপাহিকৈ ফুলকলিয়ে সৈতে ছিঙ্গি আনি লাহৰী এটি জোপাৰ আৰত বহিলগৈ; তাতে দুধাৰি মালা গাঁথি লৈ লাহৰীয়ে এধাৰি আপুনি পিন্ধিলে;ইধাৰি দুই হাতে মানুহক পিন্ধাই দিবলৈ ধৰাদি ধৰি, ইফালে-সিফালে চাই, আতুৰ হৈ কবলৈ ধৰিলে, “কমল,