পৃষ্ঠা:লাহৰী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০২
লাহৰী৷


কমল, মোৰ প্ৰাণেশ্বৰ কমল,-ক’তা?” এই বুলি লাহৰী আকৌ ঠৰ্ হৈ ৰ’ল।—অহঃ,লাহৰী আজি একেবাৰে উন্মাদিনী। তাৰ পাচত, লাহৰীয়ে “এইয়া মোৰ কমল, মোৰ প্ৰাণনাথ! পিন্ধাঁ, পিন্ধাঁ।” এই বুলি মালাধাৰ আপোনাৰ কণ্ঠতে আপুনি পিন্ধি ললে। অলপ পৰ থাকি দেখোন লাহৰীয়ে আকৌ কণ্ঠৰপৰা মালাধাৰি হাতত লৈ, আগৰ দৰে মানুহক পিন্ধাবলৈ লোৱাদি লৈ বিয়াকুল হৈ আকৌ কবলৈ ধৰিলে, “কমল, কমল, তুমি মোক বধিব খুজিছাঁ ? কমল, মোৰ প্ৰাণেশ্বৰ, তুমি আকৌ আঁতৰিলা? অ, নহয় কমল, পিন্ধাঁ, পিন্ধাঁ; মোৰে শপত, কমল, পিন্ধাঁ,পিন্ধা।” এই বুলি বিতত্ হৈ থাকোঁতেই কমলে আচম্বিতে আহি মূৰ পাতি মালাধাৰি পিন্ধি ললে। বিধাতাৰ কি অলৌকিক মহিমা ! কমলৰ নাম লওঁতেই কমল উপস্থিত ! লাহৰীৰে কিবা আকৰ্ষণী গুণ নে সৰল কমলেই সৰ্ব্বজান? কিন্তু হাঁয়, কমলে যে নিশ্চিত হৈ ঘৰত বহি থাকিব পাৰিছিল, এনে নহয়। লাহৰীৰ দৰেই কমলৰো কোমল হিয়া সেই একেটা বিৰহৰ চেপনিয়েই পেপুৱা লগাইছিল। বিৰহৰ বিষম চেপনি সহিব নোৱাৰি তেওঁ য'তে ত’তে চট্‌ফটাই ফুৰিব লগাত পৰিছিল। ভিতৰলৈ সোমাবলৈ মানা কৰি দিয়াৰ কাৰণে, কমলে কীৰ্ত্তিনাথ গোহাঞিৰ ঘৰলৈ যাবলৈকে এৰিলে। এতিয়া কীৰ্ত্তিনাথ গোহাঞিৰ পিচবাৰীৰ ওচৰৰ বাটেদি অনাই বনাই ফুৰোঁতে লাহৰীৰ মাত শুনি একে লৰে আহি তেওঁ সেই মালাধাৰি পিন্ধি লৈছেহি। লাহৰী একেই উন্মাদিনী, তাতে কমলক দেখা পাই বাউলীটি হল! লাহৰীয়ে একে লৰে গৈ কমলৰ ডিঙ্গিত সাবটি ধৰি কবলৈ ধৰিলে, “কমল, মোৰ প্ৰাণেশ্বৰ তুমি ইমান পৰ কলৈ গৈছিলাঁ ? মই তোমালৈ বাটচাই কেতিয়াবাৰেপৰা ইয়াতে বহি আছোঁ নহয়, তুমি কলৈ গৈছিলাঁ?” লাহৰীৰ তেনে আতুৰ অৱস্থা দেখি বিমোৰ কমল আৰু বিমোৰ হৈ পৰিল। অন্তত, কমলেও উন্মাদৰ দৰে খল্-খল্‌কৰে হাঁহিবলৈ ধৰিলে।