লাহৰী/দ্বিতীয় আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ১৩ ]

২। আধ্যা।
ৰংপুৰ।

  বদন বৰফুকনৰ মৃত্যুৰ পাচত, ৰাজমাও-দেউতাই ৰুচিনাখ বুঢ়াগোহাঞি ডাঙৰীয়াক ৰংপুৰলৈ মাতি পঠিয়ালে। কিন্তু, বুঢ়াগোহাঞি ডাঙৰীয়া বৰ সন্দিহান লোক। ৰুচিনাথ ডাঙৰীয়াৰ জনা আছিল যে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ দেউতাক ৺পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াৰ বিপক্ষে মান অনাত বৰফুকনক পেটে পেটে টিপ্ দিছিল। গতিকে, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে তেওঁৰ প্ৰতিও যে শত্ৰুতা আচৰণ কৰিব পাৰে, সেই কথা তেওঁ আশঙ্কা কৰিছিল। কিন্তু, সেই বুলি ৰুচিনাথ বুঢ়াগোহাঞি চাঙৰীয়া আওকণীয়া হৈ বহি নাছিল। তেওঁ তলে তলে সৈন্য-সামন্ত গোটাই লৈ, আকৌ উজাবলৈ কাৰবাৰ কৰিলে। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক ভাঙ্গি, ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ বংশৰ পুৰন্দৰসিংহ গোহাঞিদেৱক ৰজা পাতিবলৈ তেওঁ মনে মনে ঠিক কৰিলে। সেই সময়ত পুৰন্দৰ সিংহ গোহাঞিদেৱ দেউতাকৰে সৈতে চি‌ল্‌মাৰিত আছিলগৈ। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱৰ দেউতাক ব্ৰজনাথ গোহাঞিদেৱলৈ নিজৰ মনৰ কথা ভাঙ্গি পত্ৰ লিখিলে। ব্ৰজনাথ গোহাঞিদেৱে পুতেক পুৰন্দৰসিংহ গোহাঞিদেৱক লগত লৈ যথাসময়ত গোপনে গুৱাহাটী পালেহি। তাৰ পাচত, ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াই সৈন্য-সামন্ত লগত লৈ আকৌ ৰংপুৰ নগৰলৈ যাত্ৰা কৰিলে। সেই কথাৰ সম্ভেদ্ পাই,চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে লুকু ডেকাফুকন নামেৰে এজন বিষয়াক ৰাজ্য-ভাৰ গতাই দি পলাত ফাট্ মাৰিলে। লুকু [ ১৪ ] ডেকাফুকনৰ লগত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়াৰ চুৰ্‌চুৰীয়াকৈ এখন ৰণ লাগিল।ৰণত ডেকাফুকন পৰিল;বুঢ়াগোহাঞি ডাঙৰীয়াই পুৰন্দৰসিংহ গোহাঞিদেৱক যুৱৰাজ পাতিলে।

 ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া যদিও মৰমিয়াল লোক আছিল, তথাপি চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ তেওঁৰ দেউতাক পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াই পতা ৰজা বুলি হে তেওঁৰ বিশেষ অনিষ্ট কৰিবলৈ তেওঁ কাৰবাৰ নকৰিলে;কিন্তু বদনচন্দ্ৰ বৰফুকনৰ শত্ৰুতা আৰু অত্যাচাৰৰ কথা তেওঁ পাহৰিব নোৱাৰিলে। বৰফুকনে যেনেকৈ তেওঁক নাপাই তেওঁৰ ঘৰ-বাৰী, বয়-বস্তু আৰু আত্মীয়-কুটুম্বাদিৰ ওপৰতে খং সাৰিলে,সেই দৰে বুঢ়াগোহাঞি ডাঙৰীয়ায়ো ঘৰ-দুৱাৰ ভাঙ্গি বয়-বস্তু লুট্‌পাট্‌ কৰি নগুৰনাস্তি কৰিলে। তদুপৰি, বদনচন্দ্ৰৰ পৰিয়াল আৰু আত্মীয়-কুটুম্বাদিক নানা তৰহৰ উগ্ৰ দণ্ড দি বিষম অত্যাচাৰ কৰিবলৈ ধৰিলে। সেই অত্যাচাৰৰ প্ৰকোপত বৰফুকনৰ ফলীয়া আৰু তেওঁৰ সম্পৰ্কীয় মানুহ যেয়ে যিফালে পাৰিলে সেইফালেই ফিৰিঙ্গতি ভগা দি ভাগিবলৈ ধৰিলে।

 সেই অত্যাচাৰৰ সময়ত থাওকৰু মৰাণ-বুঢ়াগোহাঞি ডাঙৰীয়াৰ দ্বিতীয় পুত্ৰ, চাওফ্ৰংডাম বুঢ়াগোহাঞি ডাঙৰীয়াৰ কনিষ্ঠ সহোদৰ,কুন্‌কাই গোহাঞি- বৰুৱাৰ ফৈদৰ শান্তিৰাম গোহাঞি-বৰুৱা নামেৰে এজনা বিষয়া আছিল; তেওঁ তেতিয়া মৰাণ-গোহাঞি বৰুৱাৰ বিষয়-বাব পাইছিল। তেওঁ বৰফুকনৰে সৈতে জীয়াৰী-সম্বন্ধৰ সম্বন্ধীয়া আছিল;গতিকে তেওঁৰ ওপৰতো বুঢ়াগোহাঞি ডাঙৰীয়াৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি অতি তীব্ৰ ভাৱে পৰিল। কিন্তু, যদিও বৰফুকনৰ সম্বন্ধীয়া মানুহ,তথাপি তেওঁ বৰফুকনৰ অত্যাচাৰাদিৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল;বৰঞ্চ,তেওঁ বৰফুকনক এনেবিলাক অন্যায় কাৰ্য্যৰপৰা ক্ষান্ত হবলৈ বৰকৈ অনুৰোধ হে কৰিছিল। তেওঁৰ নাম যেনে, তেওঁৰ স্বভাৱ চৰিত্ৰও তেনে আছিল। শান্তিৰাম গোহাঞি-বৰুৱা এনে শান্ত [ ১৫ ] স্বভাৱৰ লোক আছিল যে,সেই উৎপাত্, আৰু অত্যাচাৰৰ সময়ত তেওঁক এজন শান্তিৰ আধাৰ যেনকৈ হে মানুহে মানিছিল। তেওঁৰ ভাৰ্য্যাও সেই দৰেই এগৰাকী বৰ গুণৱতী আৰু জ্ঞানৱতী তিৰোতা আছিল; সিবিলাকৰ সন্তান বুলিবলৈ একেটি মাথোন পুতেক আছিল। পুতেকটি সেই অত্যাচাৰৰ সময়ত সাতবছৰীয়া হৈছিল; তেওঁৰ নাম কমলনাথ গোহাঞিবৰুৱা। তেওঁ সৰুৰেপৰা দেখিবলৈ এনে সুন্দৰ আৰু বেথা-লগা আছিল যে, সাতবছৰীয়াটি- লৈকে আইতাক, দেউতাক আৰু ওচৰ-চুবুৰীয়া সকলোৰে মনত তেওঁ কোলাৰ ছমহীয়া চালুকীয়া লৰা যেন হে আছিল। যাৰ ঘৰলৈকে যায়, তাতে ইটোৱে-সিটোৱে কোলাত লওঁতেই কমল গোহাঞিদেৱে মাটিত নামিবলৈকে নাপায়। বাটত বা মানুহৰ ঘৰৰ আগেদি কেতিয়াৰ লগুৱাৰ হাতত ধৰি ধেমালিত ডেও দি ফুৰা কমলক দেখিলে,যেয়ে যতে থাকে সেয়ে তৰেপৰা ঠৰ্ লাগি চাই থাকে। আন কি,'কমল মইনা’লৈ চাওঁতে সূতা-কটা বুঢ়ীৰ হাতৰপৰাও সূতা সৰি পৰে! এনে পূৰ্ণিমাৰ জোন যেন সুন্দৰ লৰাৰ পিতৃ-মাতৃ যে কিমান সুখীয়া আছিল,তাক অনুমানত হে ভালকৈ বুজিব পাৰি। সৃষ্টিকৰ্ত্তাই যাক যেন সুন্দৰ কৰি স্ৰজন কৰে, তাক তেনে সজগুণেৰেও অলঙ্কৃত কৰে। সততে দেখিবলৈ পোৱা যায় যে, দেৱতুল্য মানুহৰ গুণো দেৱযোগ্য হয়। কমলনাথ গোহাঞি বৰুৱাদেৱৰ লৰাকালত তেওঁৰ সদ্‌গুণৰ চিনাকিলৈ আৰু স্বভাৱ-চৰিত্ৰাদিলৈ চাই, তেওঁক শান্তিময় শান্তিৰাম গোহাঞি- বৰুৱাৰ সুযোগ্য সন্তান বুলি সকলোৱে মানিছিল। কমল গোহাঞিদেৱ যদিও সৰুৰেপৰা সকলোৰে আদৰ পাই অতি আলসুৱা হৈ উঠিছিল, তথাপি তেতিয়াৰেপৰা তেওঁক পুৰুষৰ কামত বৰ অনুৰাগী দেখা গৈছিল। বিশেষকৈ, লিখা-পঢ়াত তেওঁৰ বৰ ধাউতি আছিল। আঁঠবছৰীয়াটিতে তেওঁ কেইবাটাও কিতাপ লুটিয়াইছিল। আমি কমল গোহাঞিদেৱৰ কথা সম্প্ৰতি ইমানতে এৰি, এই ছেগতে আকৌ ৰুচিনাখ বুঢ়াগোহাঞি ভাঙৰীয়া আৰু [ ১৬ ] তেওঁৰ ভায়েক মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰৰ বিষয়ে আৰু অলপ বহলাই উনুকিয়াওঁ।

  দিনে দিনে বৰফুকনৰ সম্বন্ধীয়া মানুহৰ ওপৰত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ অত্যাচাৰ ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। বুঢ়াগোহাঞি ডাঙৰীয়া বিবেচক লোক আছিল; তেওঁ নিজৰ একে বংশমূলৰপৰা উদ্ভৱ হোৱা শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱাৰ ওপৰত নিজে একো অত্যাচাৰ কৰা নাছিল। কিন্তু,মৰঙ্গিখোৱা গোহাঞিৰ কোপ-দৃষ্টি সৰু-বৰ, ভাল-বেয়া, নিলগীয়া-সম্বন্ধীয়া সকলোৰে ওপৰত সমভাৱে পৰিছিল; কেতিয়াবা সৰু বা শান্তৰ ওপৰত তেওঁৰ অত্যাচাৰ একোব চৰা হে দেখা গৈছিল। গতিকে,শান্তিৰাম গোহাঞিবৰুৱাৰ ওপৰতো তেওঁৰ উগ্ৰ দৃষ্টি পৰে। পাচলৈ মৰঙ্গিখোৱা গোহাঞিৰ আসুৰিক উপদ্ৰৱ ইমান অসহ্য হৈ উঠিল যে,শান্তিময় শান্তিৰাম গোহাঞি-বৰুৱায়ো তাত হাৰ মানিব লগাত পৰিল। সদৌশেহত,তেওঁ নিৰুপায় হৈ,অন্যান্য চুবুৰীয়া আৰু কুটুম্বাদিৰ দৰে, ঘৰ-বাৰী এৰি গুৱাহাটীলৈ ভটীয়াই যাবলৈ ঠিক কৰিলে। কিন্তু,ঘৰ-বাৰী এৰিব লগাত পৰিল বুলিও, তেওঁ অন্যৰ দৰে পলাই ফিৰিঙ্গতি ওফৰাদি ওফৰা মানুহ নাছিল। কমল তেতিয়া নিচেই লৰা; ভগনীয়া মানুহৰ দুখ-কষ্ট সহিব পৰা নৌ হয়। শান্তিৰাম গোহাঞি-বৰুৱাই সেই কোমল কমল আৰু মৰমৰ ভাৰ্য্যাই দুখ পায় বুলিয়েই নাৱেৰে ভটীয়াবলৈ স্থিৰ কৰিলে। সেই সময়ত ৰুচিনাথ বুঢ়াগোহাঞি ডাঙৰীয়া আৰু মৰঙ্গিখোৱা গোহাঞিৰ প্ৰতাপ অতি প্ৰৱল আছিল বুলিও, শান্তিৰাম গোহাঞি- বৰুৱাই ইচ্ছা কৰা মাত্ৰে দুখীয়া চুবুৰীয়া প্ৰজাই মৰণত শৰণ দি নাৱৰীয়াই সৈতে নাও আনি গোহাঞি বৰুৱাৰ ঘাটত বান্ধিলেহি। শান্তিৰাম গোহাঞি- বৰুৱা দেশ এৰি বিদেশলৈ যাবলৈ ওলাইছে বুলি শুনা মাত্ৰকে সুখী-দুখী সকলোৱে শক্তি অনুসৰি যেয়ে যি পাৰিলে হাতত লৈ গোহাঞি-বৰুৱাদেৱক [ ১৭ ] সাক্ষাৎ কৰিবলৈ আহি চৰাঘৰ ভৰি পৰিল। সিফালে, ভিতৰত ওচৰ- চুবুৰীয়াসকলে কমলক কোলাত লৈ কন্দা-কটা লগাইছে; আৰু কমলৰ আইতাকক সাক্ষাৎ কৰিবলৈ অহা তিৰোতা ভিতৰত বুলনি ভৰি পৰিছেহি। আজি শান্তিৰাম গোহাঞি-বৰুৱাৰ চুবুৰীয়া দুখীয়া প্ৰজাসকলে সদ্‌গুণৰ পূজাত বিয়ামোহ দি পৰিছে! আজি এই দুখীয়া প্ৰজাসকলে ৰাইজৰ ৰাজহুৱা বস্তু শান্তিক হেৰুৱাব লগাত পৰিছে! এতিয়াৰ অসমত যেই এটা আপুৰুগীয়া দৃশ্য, পুৰণি অসমতো সি এটা সততে নেদেখা বিৰল দৃশ্য। বাহিৰৰ চৰাত গোহাঞি-বৰুৱাক চাৰিওফালে বেৰি লৈ সকলো বেজাৰত জঁয় পৰিছে। ভিতৰত কোলাকুলি, আন্দোলা-আন্দুলিৰে তোলপাৰ লাগিছে। ইফালে বস্তু বন্ধাই বস্তু বান্ধিছে; নাৱত ভৰা দিয়াই ভৰা দিছেগৈ। কিন্তু, কিনো দিছে,কিনো ৰান্ধিছে, গোহাঞিবৰুৱা-বৰুৱানীৰ একো খবৰ নাই। কমল নিচেই সৰু যদিও, বৰ তীক্ষ্ণ বুদ্ধিৰ লৰা আছিল; তেওঁৰ দেউতাক, আইতাক আৰু তেওঁৰ নিজৰ লগত সেই মানুহবিলাকৰ কি সমন্ধ আৰু সিবিলাকনো কিয় এনে ব্যাকুল, সেইটো তেওঁ বেচকৈ বুজিব পাৰিছিল। ওচৰ-চুবুৰীয়াসকলক কান্দিবৰ দেখি কমলেও উচুপি উচুপি কান্দি ফুৰিছিল। কিন্তু, যি চুবুৰীয়া কমলৰ মৰমতে মৰি যায়, তেনে চুবুৰীয়াই তো সেই কমলৰ কোমল প্ৰাণত ব্যথা দিবলৈ ভাল নাপায়! আৰু, মিছাতে কন্দা-কটা লগাই তেওঁবিলাকৰ বেজাৰ বঢ়োৱাৰ সকাম নাই ভাবি, লৰালৰিকৈ সকলোৱে লাগিভাগি গোহাঞি-বৰুৱাক লৰা-তিৰোতাৰে সৈতে নি নাৱত তুলি দিলেগৈ। অলপ পৰৰ পাচতে নাও মেলি দিয়া হল। আগ বঢ়াই থবলৈ যোৱা সকলোটিয়ে চকুৰে দেখালৈকে কাঠ পুতলাশাৰীৰ দৰে একে ঠৰে চাই আছিল; তাৰ পাচত পৰস্পৰে চকু-চোৱাচুই কৰি বুজাবুজি হল যে, আজি হে তেওঁবিলাকৰ শান্তিধাৰ যেন ৰংপুৰ চহৰ অশান্তিৰ থল যেন অৱস্থাত এৰি শান্তিয়ে চিৰকাললৈ বিদায় ললে! [ ১৮ ]  ভটীয়নি পানী পাই নাৱৰীয়াই হেলাৰঙ্গে কোবাকুবিকৈ নাও বাবলৈ ধৰিলে। দুডাঁৰমান বেলি থাকোঁতেই দিখৌমুখেদি নাও বৰ-নৈ ওলালগৈ। ঘৰৰপৰা ওলাবৰ সময়ত উগুল-থুগুল লগাত কাৰো ভাত-পানী খোৱা ভাল নহল; কোমল কমলে ভোক-ভোককৈ আইতাকৰ ওচৰত কান্দিবলৈ ধৰিলে। গতিকে, সেই দিনা বহুত ভটীয়াই যোৱা নহল; বৰ-নৈ ওলায়েই লাহেকৈ সিপাৰলৈ খেও দি বৰ বালি এটাৰ কাষত নাও বন্ধ হল। সকলোৱে পাৰলৈ উঠি দিহাদিহি ভাত খোৱাৰ কাৰবাৰ কৰিবলৈ ধৰিলে। কমলে নৈৰ তেনেকুৱা ফট্‌ফটীয়া বালি আগেয়ে কেতিয়াও দেখা নাছিল। লগুৱা লগত দি, দেউতাকে আগত থাকি সদায় দিখৌ নৈৰ পানীত সাঁতৰিবলৈ শিকাইছিল বুলিও, বৰ-নৈৰ বাহিৰে এনে বালি কত দেখা পাব? আজি বৰ-নৈৰ বালি পাই কমলৰ আনন্দৰ সীমা নাথাকিল। পাৰলৈ উঠা মাত্ৰকে কমলে জঁপিয়াবলৈ ধৰিলে। যিমানেই হওক, তেও লৰা; ঘৰৰপৰা ওলাওঁতে ওচৰ-চুবুৰীয়া সকলোকে কান্দিব দেখি কান্দিছিল হয়, কিন্তু বৰনৈৰ বালিত নমা মাত্ৰকে কমলে সকলো পাহৰিলে। আন কি, বাটতে লগা ভোকো কেনিবা গল! ভাত খাবলৈ বিচাৰক ছাৰি মাকে মাতিও নোপোৱা হে হল। সন্ধিয়া লাগোঁ-লাগোঁতেই সকলোৰে খোৱা-লোৱা শেষ হল; আকৌ সকলোটি নাৱত উঠিলগৈ। অলপ পৰ জিৰাই-শঁতাই ৰাতি এডাঁৰমান হওঁতেই, আকৌ নাও মেলি দিয়া হল। তাৰ পাচত, দিনে-ৰাতিয়ে নাও মাৰি, নাৱৰীয়াই দুদিনতে চাৰি দিনৰ সমানে নাও ভটীয়ালে; গুৱাহাটীলৈ আৰু দুদিনমান হে থাকিলগৈ। তৃতীয় দিন তিনি ডাঁৰমান বেলি থাকোঁতেই,আবেলিতে গোহাঞি-বৰুৱাই নাও বন্ধাই ভাত-পানী খোৱাৰ দিহা কৰালে। আজি কিন্তু বালি দেখি কমলৰ মনত আন দিনাৰ দৰে ৰং নালাগিল; আজি হঠাতে তেওঁৰ মনটি কেনেবা লগাত আমন্‌জিমন্‌কৈ কমল আইতাকৰ ওচৰতে বহি থাকিল। [ ১৯ ] একো-একোবাৰ মাথোন কমলে দেউতাকৰ ওচৰলৈ গৈ তেওঁৰ মুখলৈ চাই থাকি মন মাৰি আকৌ আইতাকৰ গুৰিলৈ আহে। দেউতাকে বা আইতাকে কমলৰ ভাব-গতিলৈ সিমান মন কৰা নাছিল। আজি কমলৰ বালি খেলা আইতাক আৰু দেউতাকৰ ওচৰলৈ অহা-যোৱা কৰোঁতেই পাৰ হল;-কিয়,কব নোৱাৰি। ভাত-পানী খাই উঠি দুখনমান তামোল থোৱাৰ সময় জিৰাই গোহাঞি-বৰুৱাৰ আজ্ঞামতে নাৱৰীয়াহঁতে আকৌ নাও মেলি দিলে। গোহাঞিবৰুৱা ঘৰৰপৰা ওলাওঁতেই কৃষ্ণপক্ষৰ শেহছোৱা;আজি অমাবস্যা ৰাতি। কিন্তু,বতৰ ফৰকাল আছিল; আকাশৰ তৰা এটিও বাকী নথকাকৈ ওলাইছিল। নাৱৰীয়াবিলাকে নাম-গান গাই,নাও মাৰিবলৈ ধৰিলে। এই দৰে নাও এপৰমান ৰাতি গল৷আন দিনা হলে কমলৰ শুবৰ সময় হলহি। ঠিক আৰু এখনমান তামোল খাবৰ পৰ নাও চলিছে, এনেতে গিৰ্‌গিৰণি শব্দ শুনা গল। তাৰ অলপ পাচতে সেই আন্ধাৰ ৰাতিক ঘোপ্‌মৰা আন্ধাৰ কৰি ডাৱৰে ছাতি ধৰিলে,আকাশৰ তৰা এটিও নেদেখা হল। চাওঁতে চাওঁতে ঢেৰেকনি-ধুমুহাত বৰ-নৈৰ পানীয়ে টল্‌বলাবলৈ ধৰিলে। চাৰিওফালে নাৱৰীয়াবিলাকে ধৰ্-ধৰ্ মাৰ্-মাৰ্ কৰি কোঢ়াল লগাই উঠিলে। কমলে ভয় পাই এবাৰ আইতাকৰ আৰু এবাৰ দেউতাকৰ মুখলৈ চাই তেওঁবিলাককো বিতত্ হোৱা দেখি চিয়ঁৰিবলৈ ধৰিলে। কোবাকুবিকৈ পাৰৰ ফালে নাও মৰা হৈছে হয়,কিন্তু প্ৰতি মুহূৰ্ত্ততে নাও বুৰে বুৰে হৈছে। এই দৰে আৰু অলপ পৰ যাওঁতেই বৰ ডাঙৰ ঢৌ এটাই আছাৰ খুৱাই নাও খন চাঁতকৰে আঁতৰাই নি থিয় কৰি পেলালে। চাৰিওফালে ‘ধৰঔ'‘মাৰঔ’‘কমলঔ’ ইত্যাদি শব্দ উঠি নিমিষিতে আকৌ মাৰ গল!-ক্ষন্তেকতে কোন্ কলৈ গল, তাৰ একো চিন্ নোহোৱাত পৰিল!!