একো-একোবাৰ মাথোন কমলে দেউতাকৰ ওচৰলৈ গৈ তেওঁৰ মুখলৈ চাই থাকি মন মাৰি আকৌ আইতাকৰ গুৰিলৈ আহে। দেউতাকে বা আইতাকে কমলৰ ভাব-গতিলৈ সিমান মন কৰা নাছিল। আজি কমলৰ বালি খেলা আইতাক আৰু দেউতাকৰ ওচৰলৈ অহা-যোৱা কৰোঁতেই পাৰ হল;-কিয়,কব নোৱাৰি। ভাত-পানী খাই উঠি দুখনমান তামোল থোৱাৰ সময় জিৰাই গোহাঞি-বৰুৱাৰ আজ্ঞামতে নাৱৰীয়াহঁতে আকৌ নাও মেলি দিলে। গোহাঞিবৰুৱা ঘৰৰপৰা ওলাওঁতেই কৃষ্ণপক্ষৰ শেহছোৱা;আজি অমাবস্যা ৰাতি। কিন্তু,বতৰ ফৰকাল আছিল; আকাশৰ তৰা এটিও বাকী নথকাকৈ ওলাইছিল। নাৱৰীয়াবিলাকে নাম-গান গাই,নাও মাৰিবলৈ ধৰিলে। এই দৰে নাও এপৰমান ৰাতি গল৷আন দিনা হলে কমলৰ শুবৰ সময় হলহি। ঠিক আৰু এখনমান তামোল খাবৰ পৰ নাও চলিছে, এনেতে গিৰ্গিৰণি শব্দ শুনা গল। তাৰ অলপ পাচতে সেই আন্ধাৰ ৰাতিক ঘোপ্মৰা আন্ধাৰ কৰি ডাৱৰে ছাতি ধৰিলে,আকাশৰ তৰা এটিও নেদেখা হল। চাওঁতে চাওঁতে ঢেৰেকনি-ধুমুহাত বৰ-নৈৰ পানীয়ে টল্বলাবলৈ ধৰিলে। চাৰিওফালে নাৱৰীয়াবিলাকে ধৰ্-ধৰ্ মাৰ্-মাৰ্ কৰি কোঢ়াল লগাই উঠিলে। কমলে ভয় পাই এবাৰ আইতাকৰ আৰু এবাৰ দেউতাকৰ মুখলৈ চাই তেওঁবিলাককো বিতত্ হোৱা দেখি চিয়ঁৰিবলৈ ধৰিলে। কোবাকুবিকৈ পাৰৰ ফালে নাও মৰা হৈছে হয়,কিন্তু প্ৰতি মুহূৰ্ত্ততে নাও বুৰে বুৰে হৈছে। এই দৰে আৰু অলপ পৰ যাওঁতেই বৰ ডাঙৰ ঢৌ এটাই আছাৰ খুৱাই নাও খন চাঁতকৰে আঁতৰাই নি থিয় কৰি পেলালে। চাৰিওফালে ‘ধৰঔ'‘মাৰঔ’‘কমলঔ’ ইত্যাদি শব্দ উঠি নিমিষিতে আকৌ মাৰ গল!-ক্ষন্তেকতে কোন্ কলৈ গল, তাৰ একো চিন্ নোহোৱাত পৰিল!!
পৃষ্ঠা:লাহৰী.pdf/১৯
অৱয়ব