লাহৰী/তৃতীয় আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
লাহৰী
লেখক পদ্মনাথ গোহাঞিবৰুৱা

[ ২০ ]

৩। আধ্যা।
চালুকীয়া লাহৰী

 আমাৰ পাঠকসকলে মৰমৰ কমলক হেৰুৱাই বোধ কৰোঁ শোকত বিমোৰ হৈছে। সেই কাৰণে, আমি তেওঁবিলাকক বেগাবগিকৈ নভগনীয়া বিষয়াসকলৰ দুখপাহৰোৱা সুখৰ ঠাই পামপুৰলৈ লৈ যাওঁ। আমি পামপুৰ এৰি গৈ ৰংপুৰ নগৰত থকা আঠ মাহত সোমালহি। সেই অলপ দিনৰ ভিতৰতে পামপুৰৰ এনে পৰিবৰ্ত্তন ঘটিল যে, এতিয়া সেই গাওঁখনি বিতোপন ন-পাম যেন লাগিছে। উদ্যোগী কীৰ্ত্তিনাথ গোহাঞি সোৰোপা হৈ বহি থকা মানুহ নহয়; আমি আগবাৰ দেখোঁতে তেওঁৰ ঘৰ-বাৰী ন-ভগনীয়া মানুহৰ দৰে হে আছিল। এতিয়া তেওঁ চাৰিওফালে ঢাপ মৰাই পদূলি বন্ধাই নিজাপি মানুহৰদৰে বাৰী পাতিলে। বাৰীৰ ভিতৰত যে কিমান উন্নতি হল, সেইবোৰ ভাঙ্গি কবলৈ গলে বহুত। তেওঁৰ বাৰীখনো সামান্য বহল নাছিল, প্ৰায় এপুৰা মাটি। বাৰীৰ পিচফালে তেওঁ এটা পুখুৰী খনালে। পুখুৰীৰ চাৰিওপাৰে এনলকৈ বহলাই গোলাপ, মালতী, তগৰ, জাতি, জুই খৰিকাজাঁই ইত্যাদি নানা তৰহৰ ভাল ভাল ফুল আৰু দেখিবলৈ ধুনীয়া সৰু সৰু গছ-গছনিৰে সৈতে তেওঁ এখনি চাৰিপৰীয়া ফুলনি পাতিলে। ফুলনিৰ মাজেদি তিনি হাত বহলকৈ পুখুৰীৰ চাৰিওপাৰ মেৰাই জুৰত ফুৰিবলৈ এটি অতি সুন্দৰ বাট। সেই বাটৰ দুই দাঁতিৰ ঠায়ে ঠায়ে আৰু পুখুৰীৰ চাৰি চুকে লতা, ফুল, পাণৰ মাহী আদি ৰঙা, হালধীয়া, সেউজীয়া [ ২১ ] দেখিবলৈ ভাল সৰু সৰু গছৰ একোটি জোপা। সেই জোপাৰ ভিতৰত গছ-গছনি একো নাই;মাথোন দুটিমান মানুহ থিয় হব পৰা একোডোখৰ দুবৰিবনেৰে ছাতি খোৱা ঠাই সেই ৰঙ্গা,বগা,হালধীয়া ধুনীয়া ধুনীয়া গছেৰে বেৰি থোৱা হৈছে। আৰু, প্ৰতি দহ হাতৰ অন্তৰত একোজুপিকৈ সেই বাটৰ দুকাষে দুশাৰী সুমথিৰা টেঙ্গা। পুখুৰীৰ পাৰলৈ অলপ নিলগৰপৰা চাই পঠিয়ালে এটি বৰ সুন্দৰ উদ্যানৰ ছবি৷ তাতে আকৌ নানা তৰহৰ ফুলবোৰ ফুলি জক্‌মকাব লাগিছে। ৰঙা ৰঙা সুম্‌থিৰা টেঙ্গা ডাল ভৰি ভৰি লাগি ফুলৰ ওপৰে তিৰ্‌বিৰাব লাগিছে। এই পুখুৰীৰ পাৰত ফুলনিৰ মাজে মাজে ফুৰাৰ কথাকে নকওঁ, তালৈ নিলগৰপৰা চাই থাকিলেও হিয়া জুৰায়;বহুত দুখে-ভাগৰে অহা মানুহে ভোক-পিয়াহ সকলো পাহৰি যায়। তাতে এতিয়া আবেলি-বেলিকা। পছিম ফালৰপৰা সেন্দুৰীয়া ৰ’দ পৰি সেই শোভাৰ জেউতি আৰু মনমোহাকৈ চৰাইছে!

 তাৰ পাচত, এবাৰ পদূলিলৈ ওলাওঁ। পদূলিৰ বিষয়ে বহলাই নকলেও হব। পিচফালৰ পুখুৰীৰ বিতোপন শোভা চায়ে আগফালৰ পদুলিৰ শোভাও অনুমান কৰিব পাৰি। পদুলিৰ দুকাষে দুখনি দুহাতমান বহল দীঘলী ফুলনি। বাট-চৰাৰ দুকাষে দুজুপি বকুল ফুল। পদূলিমূৰত থিয় হোৱা মাত্ৰকে আমোল্‌মোল গোন্ধত মুগ্ধ হোৱা যায়। বাট-চৰাৰ সমুখতে ৰাজবাটৰ সিপাৰে এটি সৰু পঢ়াশালি। তাতে বিষয়াসকলৰ আৰু আন মানুহৰ লৰা-ছোৱালীয়ে পঢ়েহি। এই পঢ়াশালিটি কীৰ্ত্তিনাথ গোহাঞিদেৱে বহু যত্নেৰে স্থাপন কৰে। তেওঁ নিজে গুৱাহাটীলৈ গৈ এখন ভাল শিক্ষিত পণ্ডিত আনি এই পঢ়াশালিৰ অধ্যাপক পাতে। আৰু, তেওঁৰ উৎসাহতে আন-আন বিষয়াসকলেও যোগ দি পঢ়াশালিটিৰ অৱস্থা বৰ টনকিয়াল কৰি ৰাখিছিল।

 পাঠকসকলে,বোধ কৰোঁ,তেওঁবিলাকৰ চেনেহী লাহৰীৰ কথা আকৌ শুনিবলৈ আশা পালি আছে। আমি সিবাৰ লাহৰীক দুবছৰীয়াটি হওঁতেই [ ২২ ] এৰি আহিছিলোঁ। তেতিয়াই পাঠকে ৰূপহী লাহৰীৰ ৰূপ-গুণৰ বিষয়ে অলপ আভাস পাইছিল। এতিয়া সেই ৰূপ আৰু গুণৰ বিষয়ে অলপ বহলাই কোৱা যাওক। দিনক-দিনে লাহৰীৰ গঢ়-গতি সকলো ভালৰ ফালে ঢাল লয়। সদায় দেখি থকা পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰিয়াই সিমান গম্ ধৰিব পৰা নাই যদিও,আমি বহুত দিনৰ মূৰত দেখি সেই ৰূপ-গুণৰ লক্ষণ ভালকৈ ধৰিব পাৰিছোঁ।। লাহৰীৰ বয়স যদিও এতিয়া চাৰি বছৰত সোমাইছে মাথোন, নেদেখা মানুহে দেখিলে তেওঁক পোনেই পাঁচ-ছবছৰীয়া ছোৱালী হে বুলিব। বয়সৰ লগে লগে লাহৰীৰ ৰূপ-গুণৰ জেউতি চতুৰ্গুণে চৰি আহিবলৈ ধৰিলে। ছমহীয়াটীতে বুঢ়াগোহাঞি ডাঙৰীয়াই লাহৰীক ৰূপ-গুণৰ বাবেই “লাহৰী” নাম দিছিল। এতিয়া তেওঁৰ বয়স চাৰি বছৰত পৰিলহি;গতিকে এতিয়া সেই সৰু কালৰ ৰূপৰ জেউতি কিমান চৰিছে,তাক সহজে অনুমান কৰিব পাৰি। মুঠতে, কবলৈ গলে, সাধাৰণ মানুহৰ ঘৰত এনে ৰূপৰ জেউতি দেখিবলৈ পোৱা টান। নিৰলে বহি থাকিলে, লাহৰিক ধুনীয়া মমৰ পুতলা এটি বুলি ভ্ৰম হয়। স্বভাৱ চৰিত্ৰাদিৰ সম্বন্ধেও একে কথাই;এনে এটি মনমোহা মমৰ পুতলা যেন সুন্দৰ মূৰ্ত্তিত যে পৃথিবীৰ নাৰী জাতিৰ সকলো গুণে থানিকা পাতিব, সেইটো স্বাভাৱিক কথা। তদুপৰি, সৃষ্টিকৰ্ত্তাই বহু পুৰুষাৰ্থ কৰি জগতৰ ভাল ভাল বস্তুৰ সাৰ অংশ আনি অতি যতনেৰে সৃষ্টি কৰা এনে এটি সুন্দৰ মূৰ্ত্তিত যে দোষ কিবা চেকা থাকিব পাৰে তেনে ভাবে মনত ঠাইকে নাপায়। বিশেষ, লৰা-ছোৱালীৰ স্বভাৱ-চৰিত্ৰ সততে মাক বাপেকৰ চাবেৰেই হয়। লাহৰীৰ আইতাক-দেউতাকৰ স্বভাৱ-চৰিত্ৰ, গুণাগুণৰ কথা আগতে উনুকিয়াই অহা হৈছে। এতেকে, তেনে মাক-বাপেকৰ জীয়েক যে চৰিত্ৰৱতী হব,সি একো আচৰিত কথা নহয়। লাহৰীৰ সেই সৰু কালৰেপৰা তিৰোতাৰ ঘৰুৱা কাম শিকিবলৈ বৰ ধাউতি; ঘৰত কাম কৰিবলৈ বেটী-বন্দী [ ২৩ ] থাকোতেও, লাহৰীয়ে নিজৰ লাগতিয়াল কাম কৰিব লগীয়া হলে,পৰাখিনিত আপুনি কৰি লয়। লাহৰীৰ আইতাকো আন তিৰোতাৰ দৰে,এনে আলসুৱা চিকুণ পুতলাক কাম কৰিবলৈ নিদি বুকুৰ মাজত সুমাই লৈ থকা বিধৰ গৃহিণী নহয়। তেওঁ লাহৰীক কোনো কাম কৰা দেখিলে বেয়া নাপায়; বৰঞ্চ কাম চাই কাম কৰিবলৈ উদগনি হে দিয়ে। আইতাকে তাঁত বওঁতে বা ফুল বাছোঁতে লাহৰীয়ে তেওঁৰ এপাশে তাঁতৰ পাটত বহি একাণপতীয়াকৈ চাই থাকে। কেতিয়াবা মাক কিবা কামত উঠি গলেই,তেওঁ ঘূৰি আহেমানে, ছেগ বুজি, লাহৰীয়ে তাঁত ববলৈ ধৰে। এদিন লাহৰীৰ আইতাকে অসমীয়া কেঁচা পাটৰ সূতাৰ চেলেং কাপোৰ এখনত ফুল বাছি আছিল। এনেতে, সিফালে বুলনিত বেটী ছোৱালী দুজনীয়ে দন্দ্ পাতি চুলীয়া-চুলিকৈ কোঢ়াল লগাই তুলিলে। মাকে তাঁতৰ পাট এৰি বেগাবেগিকৈ বেটী ছোৱালীহঁতৰ দন্দ্ ভাঙ্গিবলৈ ধৰিলেগৈ। বাহিৰত যি য'তে আছিল দন্দ্ চাবলৈ সিহঁতো চাপিলহি। কিন্তু, লাহৰীৰ মন সি টানিব নোৱাৰিলে;লাহৰীয়ে ঠাইতে, ছেগ বুজি,মাকে যতে এৰি থৈ গৈছিল, তৰে পৰা ফুল বাছিবলৈ ধৰিলে। মাক ঘূৰি আহেমানে আধা-বছা কাঠীটো লাহৰীয়ে শেষ কৰিব লগীয়া কৰিছে, এনেতে মাক আহি দেখেহি, সূতা ছিঙ্গি ডাল-ডাল কৰিলে। তেনেকুৱা কেঁচা পাটৰ সূতাৰ তাঁত বোৱা কেনে টান কাম শিপিনীসকলে হে ভালকৈ বুজে। মাকৰ খং উঠাত, তেওঁ লাহৰীক অলপ টান কথা শুনালে। কিন্তু সেইবাবে লাহৰীয়ে তলৰ জিভা ওপৰ নকৰিলে; অলপ পৰ আমন্‌জিমন্‌কৈ বহি থাকি,মাকে সূতা যোৰাই থাকোঁতেই লাহৰীয়ে লাহেকৈ উঠি তেওঁৰ জিৰণিৰ ঠাই পুখুৰী-পাৰৰ ফুলনিত সোমালেগৈ। তাৰ পাচত,মাকে সেই ছিগা সূতা যোৰাই উঠি চায় দেখোন, তেওঁ এৰি থৈ যোৱাৰেপৰা লাহৰীয়ে যিখিনি ফুল বাছিলে,তাত কেনা এটাও লগা নাই। লাহৰী কেনে চোকা বুদ্ধিৰ ছোৱালী, তেতিয়া [ ২৪ ] হে তেওঁ বুজি উঠিলে। পিচে, তেতিয়াই তেওঁ তাৰে তাঁত তাতে এৰি, পুখুৰীৰ পাৰৰপৰা লাহৰীক কোলাতকৈ আনি বুকুত সুমাই লৈ মৰম কৰিবলৈ ধৰিলে৷ তেতিয়া হে লাহৰীৰ বৰকৈ বেজাৰ লাগিল;আৰু ফেঁকুৰি ফেঁকুৰি কান্দি, লাহৰীয়ে মাকৰ মুখলৈ চাই এই বুলি কবলৈ ধৰিলে, "আইতা,আজিৰপৰা মই তাঁতৰ ওচৰলৈ নাযাওঁ দেই”। মাকেও, বেজাৰে-আনন্দে খুন্দা মাৰি ধৰাত, কি কব কি নকব একো ঠিক কৰিব নোৱাৰি কান্দি পেলালে। সেই সময়ত লাহৰীৰ আইতাকৰ অন্তৰত নো কি ভাব খেলাইছিল আৰু তেওঁ নো কি কথা কব খুজিছিল, সি অনুভৱত বুজিবলগীয়া কথা। পিচে, মাকে তেতিয়াই আহিনী আৰু কেতেকী বুঢ়ীক মাতি আনি লাহৰীয়ে ববলৈ বুলি চাৰিখনমান গামোছা লগাবলৈ দিহা দি, লাহৰীৰে সৈতে তেওঁ আকৌ তাঁতৰ পাটত বহিলগৈ।

 লাহৰীৰ অকল ঘৰুৱা কামলৈক যে ইমান ধাউতি হৈছিল এনে নহয়; লিখা-পঢ়াতো তেওঁ বৰ মন দিছিল। দেউতাকৰ ওচৰত থাকিলে,লাহৰীয়ে সৰহ ভাগ লিখা-পঢ়াৰ হে কথা পাতে। সেই ছবছৰীয়াটিতে লাহৰী অলপ অচৰপ পুথি পঢ়িব পৰা হৈছিল। গধুলি হলে লাহৰীয়ে সদায় দেউতাকৰ লগত ঘোষা পুথিৰ ৰাগ জোৰে৷ দেউতাকৰ মানত লাহৰী এপাহী অতি যতনৰ আৰু আদৰৰ ফুল;গাৱঁৰ বিষয়াসকল আৰু আন-আন চুবুৰীয়া মানুহ সকলৰ মানতো লাহৰী এপাহী “লাহৰী ফুল”। দেউতাকক দেখা কৰিবলৈ যেতিয়াই যেয়ে আহিল লাগে, পোনেই পদূলি-মূৰৰেপৰা লাহৰী আইদেউক চিয়ঁৰি আহে। বাস্তৱতে,লাহৰী সঁচাসঁচি ফুল নহলেও,ফুলৰ ধাইমাক আছিল। পুখুৰী-পাৰৰ ফুলনিৰ ফুলে লাহৰী বাৰীত সোমালেহে ভালকৈ ফুলি উঠে। অহঃ, লাহৰীয়ে যেতিয়া আবেলিবেলিকা অকলশৰে ফুলনিত সোমাই ইপাহী-সিপাহীকৈ ফুলৰ গোন্ধ লৈ ফুলনিৰ মাজে মাজে ফুৰে, তেতিয়া যে ফুলনিৰ কেনে বিতোপন শোভা ধৰে! একে ঠৰে চাই [ ২৫ ] থাকিলে এনে হে লাগে, যেন কোনোবা দেৱকন্যা হে পৃখিৰীলৈ নামি আহি সেই দৰে ইপাহী-সিপাহীকৈ ফুলবিলাক চুমি চুমি ফুৰিছেহি। কেতিয়াবা গছৰ পাতৰ আৰত গা-টি আৰ হৈ থাকোঁতে লাহৰীয়ে হালি গৈ যেতিয়া ফুলৰ গোন্ধ লয়, তেতিয়া নিলগৰপৰা চাই পঠিয়ালে ফুল ইপাহেই নে সিপাহেই ঠিক কৰাই টান হৈ পৰে। আমি ওপৰত কোৱা সম্বন্ধ যদি সঁচা নহয়, তেন্তে লাহৰীৰ নো ফুলৰ লগত প্ৰকৃত কি সম্বন্ধ, আমি এতিয়াও ঠিৰাংকৈ কব নোৱাৰিছোঁ এথোন। লাহৰী যেতিয়া ফুলনিলৈ সোমায়, তেতিয়া তেওঁ পুখুৰীৰ চাৰিওপাৰৰ প্ৰত্যেক জুপি ফুলৰ ওচৰলৈ গৈ, প্ৰত্যেক জুপি ফুলৰে এপাহীকৈ ফুল আৰু এটিকৈ কলি তুলি আনি,এটি ধুনীয়া জোপাৰ মাজত দুবৰিবনৰ ওপৰত বহি তেওঁ নানা আৰ্হিৰে মালা গাঁথি, দুধাৰমান তেওঁ আপুনি পিন্ধে, বাকী কেইধাৰ সৰু সৰু গছৰ ডালত আৰি থৈ অলপ আঁতৰৰপৰা চাই থাকেগৈ। নিতৌ সন্ধিয়া নলগালৈকে লাহৰীয়ে এই দৰেই ফুলনিত সোমাই ফুলকুৱঁৰী হৈ থাকেগৈ। কিন্তু, পাঠক! লাহৰীয়ে এই দৰে জোপাৰ মাজত সোমাই মালা পিন্ধি অলপ আঁতৰি গছত আৰি থোৱা ফুললৈ একে ঠৰে চাই থকা দেখিলে-ফুলকুৱঁৰীতকৈও আৰু কাৰোবালৈ মনত পৰে,—নিলগৰপৰা চাই পঠিয়ালে এনে হে বোধ হয়, যেন ৰাধিকাই হে কুঞ্জলতাৰ মাজত শ্ৰীকৃষ্ণক ধ্যান কৰি পৱিত্ৰ প্ৰেমৰ ভাৱত ভোল গৈ ৰৈছে! পাঠকসকলে ইয়াতে মনৰ হাবিয়াস পলুৱাই এই মোহিনী মূৰ্ত্তিকে চাই থাওক; আমি আকৌ সিবিলাকৰ মৰমৰ হেৰোৱা ধন বিচাৰি যাওঁ।